মোৰ চোতালত জোনাক নামিছে-মিন্টু গোৱলা

Aditi Tanti
0
জোনাকী ৰাতি হঠাৎ তুমি
 নোহোৱা হৈ গৈছিলা
মোৰ চোতালত খন একেবাৰে 
আন্ধাৰ হৈ পৰিছিল।
তথাপিও মই জোনাকী পৰুৱা বোৰৰ 
মাজত বৰকৈ বিচাৰি ফুৰো তোমাক !
 যেন তোমাক বিচাৰি পাওঁ 
 শীতৰ সেমেকা ৰাতিত জিলিকি থকা 
দূৱৰিবনৰ কুঁৱলীৰ আঁৰত 
বৰকৈ চেষ্টা কৰা পিছতো
 মই তোমাক বিচাৰি নাপালে
মই মৌন হৈ নিজকে নিঃস্তব্দ হৈ পৰিলোঁ।
মই জানিছিলো তুমি এদিন মোৰ 
চোতালত খন জোনাকৰ পোহৰত উজ্বল কৰিবা ।
মোৰ ভাৱা মতে আজি মোৰ 
চোতালত জোনাক নামিছে
আন্ধাৰ আঁতৰি এতিয়া 
পোহৰ হৈ আহিছে মোৰ চোতালত খন
 জিলিকিছে দূৱৰি বনৰ কুঁৱলী বোৰ 
জীপাল হৈ উঠিছে মোৰ চোতালৰ দূৱৰি বনবোৰ 
তুমি আহি যে মোৰ চোতালত খনত জোনাক নমাই দিলা।। 

       ⚫ মিণ্টু গোৱালা          

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)