গুড্ মৰ্ণিং পাগলী -টংকেশ্বৰ পাঠৰী

আজিও ওপজি পুৱাই তুমি মোলৈ
ফোন কৰিছা পাগলী !
সুদীঘল নিশাবোৰ কাটি কৰি
মই শুকান শেঁতেলি এখনত পৰি আছোহি
ইয়াত
প্ৰিয়ে মোৰ !
আজিও চাগে তোমাৰ টোপনি খতি,
তোমাৰ এটা ফোনকল মানেই মোৰ
নিয়তিময় নিৰ্বাসনৰ অলপ খোৰাক,
অলপ হাঁহি,
অলপ কান্দোন আৰু বিষাদ
কিম্বা জীৱনৰ অন্য এক
দাৰুণ আঘাট।

তোমাৰ সুকোমল আঙুলিৰ স্পৰ্শত
মোৰ হাতৰ ম’বাইলটো ঢপঢপাই উঠিছে
ঢপঢপাই উঠিছে মানসী স্ক্ৰীণত মোৰ
তোমাৰ সকৰুণ সজল প্ৰতিচ্ছবি,
পাৰ হৈ যোৱা গোটেই নিশা তোমাৰ দৰেই
মোৰো টোপনি নাহিল
গোটেই নিশা দুখৰ সৰিসৃপ এটাই
মোৰ বুকুত বগাইছিল
গোটেই নিশা দূৰণিত ঘন্টাবোৰ বাজিছিল
তোমাৰ উকা উৰুঙা বিছনাখনৰ স’তে
মোৰ হিম চেঁচা বিছনাখনে কথা পাতি
আছিল
গোটেই নিশা

পাগলী !
শোকৰ বৰ্ণমালা সাৱটি গোটেই নিশা
মই তোমাৰেই হৈ আছিলো
তোমাৰ বিনে কাৰো হ’ব নোৱাৰিছিলো
যদিও মোক মোৰ বিছনাখনে ঠগিছিল
এটা এন্ধাৰ কোঠাত সি মোক
অকলে শোৱলৈ দিছিল
নিশাৰ নিজানত সখীয়তিয়ে বিনাইছিল
মোৰ উশাহে তোমাৰ উশাহে একে একে এক
হ’ব খুজিছিল
মনৰ কথাবোৰ আঁতৰি পলাইছিল
যি কথা শিতানৰ গাৰুৱে মোৰ বুজিছিল
নিয়ঁতিৰ কথা শুনি সি
গোটেই নিশা উচুপিছিল

মই আহি আজি ইয়াত আছোহি
তুমি তাত
নিয়ঁতিয়ে দলিয়াই দিছে আমাক
মোৰ কথাবোৰো দলিয়াই দিব খোজো
তোমাক
দিনবোৰ মোৰ যি দিন নহয়
ৰাতিবোৰ ৰাতি
ৰাতিয়ে দলিয়াই দিয়ে মোক 
- মোৰ টোপনি

পাগলী, মোৰ পাগলী !
আজিও ওপজি পুৱাই তুমি মো লৈ
ফোন কৰিছা
আৱেগত চিঞৰি উঠিছে  
হাতৰ ম’বাইলটো মোৰ
গুড্ মৰ্ণিং পাগলী ;
গুড্ মৰ্ণিং .... !!

টংকেশ্বৰ পাঠৰী       

1 Comments

  1. বৰ সুন্দৰ প্ৰকাশ।

    ReplyDelete
Previous Post Next Post