স্বপ্নময় পৃথিৱীত
ৰঙীন সপোনবোৰ
নানা ৰঙেৰে জিলিকাবলৈ ,
মনৰ অদম্য হেঁপাহ
দুচকুৰ সপোন বোৰ ,
সাৰ্থক কৰিবলৈ,
আহিবনে.....
অপেক্ষাৰ সেই দিনটো.....!
সন্মুখত জীৱনৰ লক্ষ্য....
কঠিন জীৱন সংগ্ৰামৰ
কাঁইটীয়া আলিবাটৰ মাজত,
এবুকু আশাৰ ৰেঙণি
এধানি মৰম আৰু হাঁহিৰে,
জীপাল কৰিবলৈ আহিবনে, অপেক্ষাৰ সেই দিনটো........!
পুৱতি নিশাৰ
সেই দৌৰ বোৰ ...
জীৱনৰ সকলো বাধাকো
আওকাণ কৰি,
হাতত বন্দুক তুলি লৈ,
প্রিয় সাজ যোৰৰ সৈতে, দেশ মাতৃৰ নামত, নিজৰ জীৱন উৰ্চগা কৰিবলৈ ,
আহিবনে অপেক্ষাৰ
সেই দিনটো.....!