আশা-সংযুক্তা দত্ত

আশা এনেকুৱা এটা শব্দ যিটো শুনিলে আমাৰ সকলোৰে মুখ উজ্জ্বল হৈ উঠে, মন আনন্দত আত্মহাৰা হয়। আশা থাকে কাৰণে মানুহৰ জীৱন থাকে। মানুহৰ জীৱনটো সম্পূৰ্ণৰূপে আশাৰ ওপৰত নিৰ্ভৰশীল। আশাক লৈয়ে মানুহ জীয়াই থাকে। যদি আশা বুলি একো শব্দই নাথাকিলে হেতেঁন তেনেহ'লে আমাৰ  সকলোৰে জীৱনবোৰ  নিৰৰ্থক হৈ পৰিলেহেতঁন। দুটি আখৰৰ এই শব্দটোত ইমানেই   সকৰাত্মক শক্তি আছে যে যাৰ দ্বাৰা এজন অসুস্থ মানুহক সুস্থ কৰি তুলিব পাৰে,     এজন বিফল হোৱা ব্যক্তিক সফল কৰি তুলিব পাৰে। আমাৰ সকলোৰে জীৱনত কিছুমান আশা থাকে। কিছুমানে কম সময়ত আশা কৰা মতে কাম কৰিব পাৰে। আৰু কিছুমানৰ হয়তো অলপ সময়ৰ প্ৰয়োজন হয়। আমি আমাৰ মৃত্যু সময়ৰ লৈকে কেৱল আমি আশাতে জীয়াই থাকো। মানুহৰ আশায়ে জীৱনত লক্ষ্য নিৰ্ধাৰণ কৰাতোঁ সহায় কৰে। আৰু এই আশাৰ দ্বাৰা মানুহ সফলো হয়। আশা মানেই হ'ল  - ৰেঙণি, আশা মানেই হ'ল - পোহৰ। সেইকাৰণেই টো কোৱা হয়  সকলো এৰিবা কিন্তু আশা নেৰিবা।
                      

সংযুক্তা দত্ত।
দেৰগাওঁ কমল দুৱৰা মহাবিদ্যালয়।

Post a Comment

Previous Post Next Post