সময়ৰ আলাপ-ঊষামণি শইকীয়া

সময়
যন্ত্ৰণাদায়ক 
নীৰৱে পাৰ হ'ব
বুকুত থৈ যাব 
এখনি শব্দহীন নৈ ...

জীৱনে 
সকিয়ালে
লোভ, মোহ, প্ৰেম, দয়া মায়া
ক্ষমতা মাথোঁ 
ক্ষন্তেকীয়া
সকলোৰে উদ্ধৃত
কেৱল সময়.....।

সময়ত
দেখিলো 
কেনেকৈ চকুত 
শিপায় প্ৰেম
হৃদয়ৰ দাবী
পুৰণ হ'লে ...
নেদেখা ঘাটত 
বিশ্বাসৰ সূৰ্য ডুবি 
কোনো কাৰো হৈ 
নাথাকে...।

ঠেকিয়ে শিকিলোঁ 
বহুত
মোৰ মোৰ বুলি 
কোনে কাক কেতিয়া 
পৰ কৰিব 
সময়েও নাজানে।

মোক জীয়াব 
দিয়া
সাগৰৰ দৰে গভীৰ
আকাশৰ দৰে উদাৰ
বতাহৰ দৰে নিৰ্মল 
সময়ৰ দৰে আগৰণুৱা
হ'ব দিয়া 
মোক চুই চালে ... যাতে
প্ৰতাৰক যেন নালাগে।

জীৱন বিচাৰি
পিতাইৰ উৰুখা পঁ‌জাৰ
ল'ৰালিক খুচৰিলোঁ‌ 
ল'ৰালিয়ে ক'লে 
সপোন দোকোল-টকা বান 
পোহৰ হ'লে সকলো 
থানবান।

গৈহে আছো 
ক'ৰ পৰা ক'লৈ 
নাজানো 
ধূসৰ পথ 
মাথোঁ প্ৰাৰ্থনা, 
ন্যায়ৰ তুলাচনীত
সময়ে দান দিয়ক 
সেউজ পৃথিৱী।



⚫ঊষামণি শইকীয়া।।

Post a Comment

Previous Post Next Post