এৰাসুঁতিৰ ধল-কল্পনা বৰা

জীৱনে গতি কৰিছে
এখনি কাণ্ডাৰীবিহীন নৌকাত বহি,
মনত কিন্তু প্ৰবল সপোন
বুকুত হেজাৰ আশা বান্ধি
গতি কৰিছে এক লক্ষ্যৰ দিশে।
আশাবোৰো বাৰু কেতিয়াবা চূৰ-মাৰ হʼব পাৰেনে ?
কেতিয়াবা সপোনবোৰো সৰাপাতৰ দৰেই সৰেনে ?
আহিছিল এজাকি ধ্বংসমুখী বতাহ
মোৰ সপোনবোৰ উৰুৱাই নিবলৈ,
উটুৱাই নিবলৈ আশাবোৰো কোবাল সোঁতত।
হাৰি গৈছিলোঁ মই ;
মই ! মই ক্লান্ত হৈছিলো।
ভাগৰুৱা নিথৰ মনটোৱে বিচাৰিছিল কাৰোবাৰ সঁহাৰি।
কিন্তু, মোৰ বাবে জানো আছে কোনোবাই অপেক্ষা কৰি ?
ব্যস্ত পৃথিৱীত
ব্যস্ত সকলো নিজৰ মাজত,
মোৰ সপোনবোৰো ভাগি চূৰ্ণ হʼল
আশাৰ কলিটিও মৰহি শুকাই গʼল।
তথাপি জীয়াই আছোঁ
মনত এটি ক্ষীণ আশা লৈ।
এই নতুন আশাৰ কলিটিক নিদিওঁ মৰহিব কেতিয়াও।
আগবাঢ়ি যাম আশাটিক বুকুত বান্ধি,
কোনোবা দূৰ দিগন্তৰ
সপোনৰ কাৰেঙলৈ....।


⚫কল্পনা বৰা।।

Post a Comment

Previous Post Next Post