অসমাপ্ত - ভাগ্যশ্ৰী বৰা

©Admin
0
শেষৰ নামত সকলো শেষেই কৰি দিব লাগে,
আধৰুৱা সপোন মোৰ মুঠেও ভাল নালাগে।
আধা আধা বোৰৰ মাজত অস্তিত্ব বিচাৰি ,
বহু বাৰ হাবাথুৰিত স্পন্দন ৰৈ গৈছে কেতিয়াবাই।
নামৰ বিনিময়ত কিয় কৰিব লাগে হৃদয়ৰ নামাকৰণ? 
কিহৰ প্রয়োজনত শেষ হৈ ধাৰাষাৰ ভালপোৱাৰ বৰষুণজাক?
যদি ভালপোৱাত কৈ ভাললগাই সদায় চিৰস্থায়ী হয় তেন্তে
ইয়াৰ প্ৰয়োজনীয়তা কত আমি হৈ আকৌ মই হোৱালৈ?
আনৰ স্বাৰ্থত নিজৰ বোৰ কিয় সদায় ত্যাগীত হয়? 
প্রতাৰিত হোৱা অন্তৰৰ কান্দোন তেতিয়া নুশুনেনে কোনোৱে!
যেতিয়া দুজন একেলগে সুখী হোৱাৰ পাছতো আনৰ বাবে 
এটা নামৰ প্ৰয়োজন হয়!
তথাপিও ভাললগা বোৰ সদায় ভাললগা হৈয়ে ৰৈ যায় কিন্তু
ভালপোৱা বোৰে ঠিকনা হেৰুৱাই অজানিতে হাজাৰ বাৰ।
সেয়েহে শেষ বোৰ শেষ হ'বলৈ দি থকা বোৰ ৰৈ যাবলৈ দিয়া।
প্ৰশ্ন.উত্তৰ.আকাঙ্খা.হেপাঁহ.  
এনেদৰেই সুখানুভূতিতে বিলীন হওঁক দিয়া,
আমি হ'ব নোৱাৰিলেও আমাৰ বোৰ ৰৈ যাওঁক দিয়া।
এজনে আনজনৰ শুভাকাংক্ষীয়ে হৈ ৰৈ দিওঁচোন আজীৱন।
না ঈৰ্ষা না আকৌ ভালপোৱাৰ কামনা এবাৰ।
তুমি য'ত এতিয়াৰ পৰা মই তোমাৰ বিপৰীত সীমনা।
তুমি যদি দিন হৈ ভাল পোৱা 
এতিয়াৰ পৰা ,
নিশাবোৰ মোৰ আশাৰ ঠিকনা। 
মোৰ পৰা হেৰাই গৈয়ো
আকাশ হোৱা তুমি 
মই পৃথিৱী হৈয়ে সুখী হ'ম।
আকাশ আৰু পৃথিৱী যেনেকৈ আধৰুৱা পৃথক হৈ ,
আমিয়ো একেদৰেই থাকিম 
আধৰুৱা হৈ ,
থাকিমতো একেই পথত কিন্তু;
পথিক হৈয়ো অগণন দূৰত্ব আমাৰ মাজত?
 
 ✍🏻ভাগ্যশ্রী বৰা
      নগাঁও,ধিং
      স্নাতক ৪র্থ বৰ্ষ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)