অনুভৱ তোমাৰ বাবে -মামণি বৰঠাকুৰ

Aditi Tanti
0
জোনাকৰ দলিচাত বহি
জীৱনে ৰং সানে অযুত বাসনা লৈ
ভালপোৱাবোৰ এনেকৈয়ে ফুলে নেকি বাৰু...?
এপাহি দুপাহিকৈ......!
ৰঙা গোলাপৰ প্ৰেম হৈ
ৰজনীগন্ধাৰ সুৰভি লৈ,
আউসীৰ অমানিশাক ধূলিস্যাৎ কৰি,
অদেখা মৰমে বান্ধিলে যুগমীয়া কৰি।
অচিনাকি যদিও আজি বুকুৰ আপোন 
এধাৰি শব্দৰ মালাই দেখুৱালে দাপোন।
হৃদয়ৰ পৰা হৃদয়লৈ বৈ গ'ল প্ৰেমৰ নদী
বান্ধ খালোঁ নেদেখাকৈয়ে এক মৰম এনাজৰী।
ব্যস্ততাৰ মাজতো এষাৰী শুভেচ্ছা বাণী,
কাৰোবাৰ অন্তৰতো যে আছোঁ বিয়পি
সেই সুখেৰে আজি ধন্য হ'লো !
জীৱনৰ অৰ্থ যেন বিচাৰি পালোঁ।
মোৰ অন্তৰৰ প্ৰেম, ভালপোৱা,
চেনেহ, শ্ৰদ্ধাৰে পূজিলোঁ হে প্ৰিয় 
আপোনাৰ আশীৰ্বাদ,মৰম,মোৰ চিৰ কাম্য ।।


◾মামণি বৰঠাকুৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)