ভাগৰ-গৌতম মালাকাৰ

©Admin
0
নিয়ন লাইটৰ জোনাকেৰে সজ্জিত বৰ্ষাসিক্ত গুৱাহাটী চহৰৰ এটি সন্ধিয়া৷ ফ্লাইঅ'ভাৰখনৰ তলত স্কুটীখন পাৰ্ক কৰি তৰংগিণীয়ে মিঠাইৰ দোকানখনলৈ খৰখেদাকৈ খোজ ল’লে৷
          
 "খুড়া, ছটা চিংৰা আৰু ৫০০ গ্ৰাম জিলাপী দিব৷" এনেকুৱা বতৰত চিংৰা-জিলাপীৰ কম্বিনেশ্বনটো খুব লোভনীয়! 
        
    দুইহাজাৰ টকীয়া নোটখন ৰাখি দোকানীজনে ঘূৰাই দিয়া টকাকেইটা পৰীক্ষা কৰি তৰংগিণীৰ এখন পাঁচশ টকীয়া নোট নকল বুলি সন্দেহ হোৱাত নোটখন সলাই দিবলৈ ক’লে৷ এটি সুন্দৰ পুৰণি হিন্দী গীত গুণগুণাই থকা দোকানীজনে পাঁচশ টকীয়া নোটখন লাইটৰ সন্মুখত ধৰি ভালকৈ চাই অলপ সময়ৰ বাবে নিশ্চুপ হৈ ৰ’ল৷
       "কোনোবা ধুৰন্ধৰে মোৰ দিনটোৰ সমস্ত পৰিশ্ৰম লুটি লৈ গ’ল!" 
       মুখমণ্ডলত হঠাৎ থুপ খোৱা ভাগৰত লেবেজান হৈ পৰা মানুহজনৰ সেমেকা চকুযুৰিয়ে তৰংগিণীৰ মন-মস্তিস্কক জোকাৰি গ’ল৷ হতাশাৰ জীয়া ছবিখনে তাইক অস্থিৰ কৰি তুলিলে৷ ঠগ-প্ৰৱঞ্চকৰ কলুষিত মনবোৰ ধুই নিকা কৰিব পৰাহেঁতেন.... 
       এজাক ডাঙৰ বৰষুণত তিতিবলৈ তৰংগিণীৰ বৰ মন গ’ল...
       
✍️ গৌতম মালাকাৰ
           কৰিমগঞ্জ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)