স্মাৰ্ট গাৰ্ল-বিটুমনি কোঁছ

শামুকৰ গতি আৰু দেওবাৰৰ অলস জীৱনৰ মাজত সাদৃশ্য আছে।পুৱা ৮ বাজি গৈছে, বিছনাৰ পৰা উঠিবলৈ মন যোৱা নাই।গাৰ কাষতে পৰি থকা ফোনটো ৰিং ৰিংকৈ বাজি উঠিল।অনিচ্ছাসত্বেও বিছনাৰ পৰা উঠিব লগা হ"ল।একেবাৰে বাৰাণ্ডাত ৰৈ ফোনটো ৰিচিভ কৰিলোঁ।

"গুড মৰনিং বাইদেউ।" এটা মিঠা মাত ভাঁহি আহিল।ইমান  সুমধুৰ কণ্ঠৰ অধিকাৰী এই গৰাকী আকৌ কোন। তাকো পুৱাই পুৱাই।যি কি নহওঁক পুৱাই মোলৈ মনত পৰিছে।মনটো ভাল লাগি গ'ল।

"কোৱাচোন কোনে কৈছা।"

"নমস্কাৰ বাইদেউ মোৰ নাম ৰশ্মি বৰুৱা।ঘৰ তেজপুৰত।আপুনি মোৰ প্ৰিয় কবি।আপোনাৰ কবিতা পঢ়ি বৰ ভাল পাওঁ দেই বাইদেউ।"

"ভাল লাগিল জানি।মোৰ কবিতাই কাৰোবাৰ হৃদয়ত স্থান দখল কৰিবলৈ সক্ষম হৈছে বুলি জানিব পাৰিলে ,ভালেই লাগে দিয়াচোন।" সেইবাবে আৱেগিক মনটো উৎফুল্লিত হৈ উঠিল।

"বাইদেউ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ মুঠ ৩০ গৰাকী কবিৰ  ২ টাকৈ কবিতাৰে এখন কবিতা পুথি প্ৰকাশ কৰিবলৈ ওলাইছোঁ।"

"বৰ ভাল কথা।"

"অ' বাইদেউ সকলোৱে কবিতা লিখিব পাৰে।কিন্তু প্ৰকাশ সকলোৱে কৰিব নোৱাৰে।কিন্তু নিজৰ কবিতাটো প্ৰকাশ হোৱাটো সকলোৱে বিচাৰে।"

       ছোৱালীজনীৰ কথাত যুক্তি আছে।কিন্তু মোৰ যে ঘৰৰ সমস্ত কাম কৰিব আছে।অনৰ্গল কথা কৈ থকা ছোৱালীজনীৰ ফোনটো কাটি দিবলৈও বেয়া লাগিছে।মই অস্বস্তি অনুভৱ কৰিলোঁ।এজন এজনকৈ ঘৰৰ সকলো সদস্যই বিচনাৰ পৰা উঠিল। 'পুৱাই পুৱাই ফোনত ইমান কথা' এই কথাষাৰ যাতে নুশুনো সেয়ে  এইবাৰ বাৰাণ্ডাৰ পৰা নামি ফুলজোপাৰ কাষত আঁৰ ল'লো। গছৰ পাত লৰাই এছাটি নিৰ্মল বতাহ সন্মুখৰ বাটটোৱেদি হো-হোৱাই আহিল।

"হেল্ল, বাইদেউ শুনিছে নহয়।মোৰ জীৱনটো বিন্দাছ দেই বাইদেউ।  এইবাৰ মই এখন উপন্যাস লিখিম বুলি ভাবিছোঁ।কাহিনীটো আপুনি শুনিবচোন দেই।মানে এহাল প্ৰেমিক প্ৰেমিকাৰ বহু ঘাট-প্ৰতিঘাটৰ মাজেদি ঘৰৰ অমতত বিয়া হয়।সহজ সৰল ছোৱালীজনীয়ে বিয়াৰ কিছুদিনৰ পাছত গম পালে যে তাই প্ৰেমিক পতি এজন মদাহী আৰু জুৱাৰী।এই কথা জানিব পাৰি প্ৰেমিকা পত্নীয়ে বুজাই বঢ়াই পতিক ভাল পথলৈ আনিবলৈ চেষ্টা কৰিলে আৰু তেতিয়াই ভণ্ড প্ৰেমিক পতিজনে তাই ওপৰত  অকথ্য নিৰ্যাতন চলাবলৈ আৰম্ভ কৰিলে।শাৰীৰিক অত্যাচাৰৰ ওপৰিও পৰপুৰুষৰ লগত সন্দেহ কৰি মানসিক ভাৱেও তাইক শাস্তি দিবলৈ আৰম্ভ কৰিলে।"

"চাহ একাপ দি লোৱা।পাছত পাতিবা যি পাতিব লগা আছে।"  নিমাওমাও পৰিবেশটোৰ নিস্তব্ধতা ভঙ্গ কৰি মোৰ স্বামীয়ে চিঞঁৰি উঠিল। 

"বাইদেউ শুনিছে নহয়।মই এনেধৰণে কাহিনীটো আগবঢ়াই নিম।পাঠকে কাহিনীটোৰ মাজত সোমাই পৰিব। মাক দেউতাকৰ বিপৰীতে গৈ পতিৰ নিৰ্যাতনৰ কথা কাকো ক'বলৈ অপাৰগ হোৱা যি দুৰাৱস্থা আৰু জীয়াই থকাৰ যি জীৱন সংগ্ৰাম তাক মই কাহিনীটোত ফুটাই তুলিম।"

    কথা নাই বতৰা নাই।অচিনাকি ছোৱালী এজনীৰ কথা শুনি মোৰ সময়বোৰ অপব্যৱহাৰ কৰিছোঁ নেকি ?এইবাৰ মই  পোনপটীয়াকৈ সুধিলোঁ।
    
"ভন্টি তুমি মোলৈ কিয় ফোন কৰিছিলা?" এইবাৰ ছোৱালীজনীয়ে হাঁহিবলৈ ল'লে।

"আচলতে বাইদেউ আপোনাৰ দুটা কবিতা আমাৰ কবিতাৰ লগত প্ৰকাশ কৰিব বিচাৰিছোঁ।এতিয়ালৈকে ২০ জনৰ কবিতা মোৰ হাতলৈ আহিছে।"

"হ'ব দিয়া।" মই ফোনটো কাটি দিবলৈ চমুকৈ কৈ থ'লোঁ।

"আপুনি কেইবাটাও কবিতা দিব।তাৰে ভিতৰত দুটা মই বাচনি কৰি লম।"

"হ'ব দিয়া।"

"মোৰ একাউণ্টৰ নম্বটো দিম।টকা ৩০০  ভৰাই দিব।"

"স্মাৰ্ট গাৰ্ল।" মোৰ মুখৰ পৰা ওলাই অহা কথাষাৰত মই নিজেই লাজ পালোঁ। যদিও ছোৱালী জনীয়ে বৰ ভাল পালে।

"হ'ব দিয়া বাই।" মই ফোনটো কাটি দিলোঁ। মই জানোঁ , সমাজত  এনেধৰনৰ এচাম ৰঘুমলা সদৃশ মানুহ আছে।সাহিত্যৰ নামতো লুটিব পাৰে।আপোনাক মোক। হাঁহি উঠিল ।পুৱাই পুৱাই।সঁচা কথা তাই ক'বও পাৰে নক'বও পাৰে।মোৰ পৰা কিবা এটা আশা কৰিছে।যি কি নহওঁক তাই কোৱা দুখৰ কাহিনীটোৱে মোৰ হৃদয় চুলে।এগৰাকী নিৰ্যাতনৰ বলি হোৱা নাৰীৰ অসহায় অৱস্থাৰ ছবিখন মই আঁকি চালোঁ।

##  মই এগৰাকী নিৰ্যাতিতা নাৰী ##
************************
পতিব্ৰতা নাৰী চৰিত্ৰৰ মাজত সোমাই থকা
নিৰ্যাতনৰ ছবিখনৰ কাহিনীটো
বুকুত সযতনে সাৱটি ধৰি,
কান্দি উঠা
মই নিৰ্যাতিতা নাৰী।
পত্নীৰ চাদৰখনত শাৰীৰিক আৰু 
মানসিক শাস্তিৰ ছবিখন আঁকি 
তৃপ্তিত উকিওৱা স্বামী নামধাৰী দানৱৰ
পত্নী মই।
সন্মান, সুখ সুবিধাৰ আঁৰত লুকুৱাই ৰখা এখন
উৱঁলি যোৱা ৰুগ্ন হৃদয় মোৰ বুকুত।
স্বামী নামধাৰী এটা দানৱৰ নামত
মোৰ কপালত জলমলাই উঠে ৰবাব টেঙাৰ দৰে,
তেজৰঙা এটা বেলি।
চুলিৰ মাজত লুংলুঙীয়া বাটটো
সেন্দুৰীয়া কৰোঁতে ,নিগৰি ওলাই অহা
নিমখীয়া চকুৰ পানীত গা ধোৱা 
সমাজৰ চকুত সধবা 
মই এগৰাকী নিৰ্যাতিতা নাৰী।
নিৰ্মম অত্যাচাৰ গচকি পত্নী মৰ্যাদাত
তিল-তিলকৈ জীয়াই থকা 
নুফুটা হাঁহি মোৰ মুখত।
মই  এগৰাকী নিৰ্যাতিতা নাৰী।

বিটুমনি কোঁছ
ধেমাজি (মাছখোৱা)

Post a Comment

Previous Post Next Post