সাচি ৰাখিছোঁ-দিপশিখা ৰাজকোঁৱৰ

©Admin
0
জীয়াই থাকিব লাগে বাবেই
জীয়াই আছোঁ.......
সদায় কৰি গৈছোঁ নিজ কৰ্ম
সপোন পূৰ হোৱাৰ অপেক্ষাত ৰৈ।
কেতিয়াবা জহি খহি যায়
মোৰ হৃদয়ৰ পঁজা
অতীতৰ কথা সুঁৱৰিলে 
প্ৰতি পলে পলে দুগালেৰে
চকুলো বাগৰি আহে।
দুখবোৰ ক'বলৈ তোমাক বিচাৰোঁ
সুখবোৰো ভগাই ল'ব খোজোঁ
কিন্তু থমকি ৰওঁ অজানিতে
ক'ব নোৱাৰোঁ কথাবোৰ
মাথোঁ বুকুৰ ভিতৰত
গোপনে জীয়াই ৰাখোঁ
কিছু ভাল লগা ক্ষণ।

দিপশিখা ৰাজকোঁৱৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)