অস্তিত্ব-ভাস্কৰজ্যোতি হাচদা

মোৰ কোঠাৰ
ঘুণে খোৱা দৰ্জা খনত
নিশ্চুপ হৈ ওলমি থকা বকুলৰ মালাডালি
প্ৰখৰ ৰ'দত লেৰেলি শুকাল,

আজি মই ঠমকি ৰ'ও
বকুলৰ মালা দেখি
মনে মনে অনুভৱৰ ঢৌত
বিষাদৰ বৰষুণ হৈ পৰো
কাৰণ
এতিয়া তুমি বহু দূৰত
চকুৰে নেদেখা, কাণেৰে নুশুনা অজান দেশত……

ভাস্কৰজ্যোতি হাচদা

Post a Comment

Previous Post Next Post