অসমীয়া জনজীৱনত ডাকৰ বচনৰ প্ৰভাৱ-দিপান্দীতা চাংমাই

©Admin
0
অসমীয়া ব্যৱহাৰিক জীৱনত বিশেষকৈ কৃষিজীৱী সমাজত ডাকপুৰুষৰ বচনবোৰৰ মূল্য আৰু প্ৰভাৱ বিশেষ ভাৱে দেখা যায়। ডাকৰ বচন অসমীয়া জন জীৱনৰ ব্যৱহাৰিক জ্ঞানৰ এখন মৌখিক বিশ্বকোষ। ভাৰতীয় মানুহৰ দৃষ্টিত বেদ-বাক্যৰ যি মূল্য অসমীয়া জন- জীৱনতো ডাকৰ বচনৰ মূল্য সমানেই । ডাকৰ বচনৰ শিক্ষা বাস্তৱ জীৱনৰ শিক্ষা। এই বচনবোৰ যেন যুগে যুগে সঞ্চিত অভিজ্ঞতাৰ ফল।
            ডাকৰ বচনসমূহ কেৱল অসমতেই নহয় বঙ্গদেশ ,বিহাৰ আদি ঠাইতো প্ৰচলিত আছে আৰু সেই ঠায়ে ঠায়ে ডাকপুৰুষক দাবীও কৰিছে।ডাক পুৰুষ অসমৰ বুলি এটা জনবিশ্বাস প্ৰচলিত আছে আৰু ডাকপুৰুষৰ জীৱনী থকা এখন অবাচীত চৰিত পুথিও পোৱা গৈছে। জনপ্ৰবাদৰ মতে "ডাকপুৰুষে" বৰপেটা অঞ্চলৰ লেহি ডঙৰা গাওঁত জন্ম লাভ কৰে।"ডাক" শব্দৰ অৰ্থ হ'ল উচ্চাৰণ কৰা সম্বোধন কৰা বা আহ্বান কৰা গতিকে;যিবোৰ উপদেশ সমাজত কেনেকৈ চলিব লাগে সকিয়াই দিয়ে ,সিয়ে ডাকৰবচন ৰূপে প্ৰসিদ্ধি লাভ কৰে ডাকৰ নামত প্ৰচলিত প্ৰবচন সমূহে লোক-জীৱনৰ সঞ্চিত জ্ঞানৰ এটা ভঁৰাল মাত্ৰ। যদিও ডাক নামৰ কোনো এজন ব্যক্তিৰ ৰচনা বুলি কোৱা হয় একে এষাৰে ক'বলৈ গ'লে ডাকৰ বচন জাতীয় জীৱনৰ সামূহিক অভিব্যক্তিহে।
           ডাকৰ সময় বা ৰচনাকাল সম্পৰ্কে এষৰীয়াকৈ কোৱা টান। ভাষাৰ ওপৰত সময়ৰ প্ৰভাৱ পৰিছে যদিও ইয়াৰ ঠাঁচ আৰু ছন্দ প্ৰয়োগলৈ চালে ৬ষ্ঠ-৭ম শতিকা মানতে ডাকৰ বচনৰ মূল জুমুঠিটো সজা হয় কিন্তু সময়ৰ সোঁত ,অভিজ্ঞতাৰ পৰিসৰ বৃদ্ধি, জ্ঞানৰ ৰ্চচা আৰু বহুতো কথাই মূল জুমুঠিটোত ৰং মাটি সানিবলৈ সুবিধা দিছে। 
             অসম এখন কৃষি প্ৰধান দেশ। মানুহৰ মূৰত সৃষ্টিৰ কঠিয়া গজাৰ দিন ধৰি খেতিয়কে খেতি কৰি আহিছে। এইদৰে খেতিয়কৰ জীৱনৰ অভিজ্ঞতা পৰিণতি ডাকৰ বচনত প্ৰকাশিত হয়।আৰু প্ৰকৃতিৰ লক্ষণ চাই মানুহৰ দেহৰ উপকাৰৰ কথা মানুহৰ লক্ষণ আৰু চৰিত্ৰৰ কথাও ডাকৰ বচনে উনুুকিয়াই দিছে।
        ডাকৰ বচন সঁচাকৈয়ে ব্যৱহাৰিক জ্ঞানৰ ভঁৰাল। সমাজৰ বিশেষকৈ কৃষি প্ৰধান সমাজৰ সকলো লাগতিয়াল আৰু ব্যৱহাৰিক বিষয়ৰ জ্ঞান ডাকৰ বচনত থুপাই থোৱা হৈছে।শ শ বছৰ ধৰি জাতিয়ে লাভ কৰা ব্যৱহাৰিক অভিজ্ঞতা ,ৰুচি ,অভিৰুচি ,শুভাশুভৰ ধাৰণা , বিশ্বাসৰ আধাৰভূমি এই বচনসমূহৰ। ধৰ্ম প্ৰকৰণ , নীতি প্ৰকৰণ,ৰাজনীতি প্ৰকৰণ ,ৰন্ধন প্ৰকৰণ,গৃহিণী লক্ষণ , পৰিত্যাগ কথন ,স্বাস্থ্য প্ৰকৰণ , বৃষলক্ষণ, কৃষি লক্ষণ ,জ্যোতিষ প্ৰকৰণ , খেতি বৰ্ণনা আদি সমাজৰ সকলো লাগতিয়াল বিষয়ে অভিজ্ঞতা প্ৰসুত উপদেশ পোৱা যায়। মুঠতে ডাকৰ বচন অসমৰ কৃষিজীৱী গাঁৱলীয়া সমাজৰ আদৰৰ লগতে লোক সাহিত্যৰো এক অমূল্য সম্পদ।

    ✍🏻দিপান্দীতা চাংমাই
          শিৱসাগৰ,ডিমৌ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)