কেতিয়াবা বাৰে বাৰে আমনি কৰে!!
কিয় জানানে?
ভয় লাগে সেই ধুমুহাজাকলৈ;
যিয়ে বাৰে বাৰে ৰচা সপোনবোৰ ভাঙি-চিঙি চূৰমাৰ কৰে।
দুচকুয়ে বহু কথা ক'ব খোজে;
তথাপিও যেন আজি
মৌন সেই শব্দবোৰ।
নজনাকৈয়ে
প্ৰিয় হৈ পৰে
নিস্তব্ধতাৰ আবেলিটো।
ক্ষন্তেক সময়ৰ পিছত
বেলিটো যে নেদেখা হ'ব,
সেইটোও মই জানো;
তথাপিও হেঁপাহ নপলোৱালৈ
চাই ৰওঁ।
✍ধৃতাশ্ৰী বৰ্মন
নলবাৰী
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ