এৰি অহা দুখন স্কুল.এখন এল.পি আৰু আনখন এম.ই বা হাই স্কুল - চুমী নিচি গগৈ

©Admin
0
স্কুল এটি মাত্ৰ শব্দই নহয় !! যিয়ে নেকি এই পৃথিৱীত আমাক দ্বিতীয়টো খোজ দিবলৈ শিকায়! যিয়ে আমাক এটা পথৰ পৰা আন এটা পথলৈ আগুৱাই লৈ যায়!  ৩/৫ বছৰৰ বয়সতেই সেই প্ৰথম খন স্কুলত নাম লগায় দিয়ে আমাক  আমাৰ মা দেউতাই ! তেতিয়া প্ৰথম যোৰ কাপোৰৰ সৈতে চিনাকি হৈ স্কুললৈ যোৱাৰ আৰম্ভ কৰোঁ ! প্ৰথম গৈয়েই  কোনোবাই কান্দে,কোনোবাই নাকান্দে আৰু কান্দিলে মানে দুই এটা মৰ্তন বেছিকৈয়ো পায়!! মৰমেৰে  দুটামান কথা বেছিকৈ কয়!!আৰু তেনেকৈ আৰম্ভ হয় সকলো !!!
   তাৰ পৰাই আমি আখৰ শিকা আৰম্ভ কৰিলোঁ !! 
অ মানে অমিতা,আ মানে আম, ই মানে ইটাৰ পৰা ভাৰতীয় সাংস্কৃতি, ছাত্ৰ জীৱন আৰু সমাজ সেৱা আদি কৰি জীৱন জুৰাই নিজৰ বাবে এটা উপাধি !! A for Apple ,B for Ball, C for Cat ৰ পৰা Nelson Mandala, A letter to God ( lencho ) !! একে একে দুই , দুইয়ে একে তিনি , তিনিয়ে একে চাৰিৰ পৰা  ত্ৰিভুজৰ তিনিটা কোন প্ৰমাণ কৰা ,π,√  লৈকে পায় আহিলো!! প্ৰতিটো শ্ৰেণী তে এৰি আহিলো কিছু ভাল লগা স্মৃতি!!  সলনি হ'ল শিক্ষা গুৰু, সলনি হ'ল বন্ধু !! বতৰ্মান নতুন নতুন শিক্ষা গুৰু, নতুন নতুন বন্ধু !! বন্ধুত্বক এৰিব নোৱাৰা এডাল এনাজৰী!!  Best Friend ৰ বাবে এজনে আনজনৰ লগত দাদাগীৰি কৰা,এজনে আনজনৰ সহায়ত প্ৰেম কৰা ,পৰীক্ষাত এজনৰ পৰা আন জনলৈ চাই থকা কিজানি  তাই বা সি কিবা এটা কয়েই !!  

    এটাৰ পৰা আন এটা শ্ৰেণী পালোঁহি কিন্তু কিছু বন্ধু বান্ধৱী এতিয়াও একেই আছে !!  কেতিয়াবা কাজিয়া কৰিলেও নমতাকৈ থাকিলেও একেদৰেই থকা , উৎপাতৰ শাস্তিবোৰ শ্ৰেণী কোঠাৰ পৰা ওলাই বা কাণ ধৰি শেষ কৰা , সেইবোৰৰ পিছতো একেই থাকোঁ!! 
   

             আকৌ নতুন এটা বন্ধুত্ব হয় যেতিয়া  class 9 ত পাওঁ তেতিয়াই  আৰম্ভ হয় এটা সৰু বান্ধোন Elective বিষয়ত !! তেনেকৈয়ে class 10 শেষ হয় !! ক'ৰ পৰা আহি ক'ত পাওঁ সি !! সকলো ভাগ ভাগ হয় ! আৰম্ভ ক'ত শেষ ক'ত !!এনেকৈ শেষ হৈ যায় এটা সময় এনেকৈ মনত থাকি যায় জীৱনৰ সেই বিশেষ দিন কেইটা !!
     এনেকৈয়ে মনলৈ আহে স্কুল কি! ইয়াৰ মাদকতা কি সকলো মনলৈ আহে কিন্তু ঘূৰি নাহে দিন কেইটা !!!
   
    ✍🏻চুমী নিচি গগৈ
          কাজিৰঙা।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)