প্ৰতিজ্ঞাৰে সময়ৰ প্ৰত্যাহ্বান-যমুনা বৈশ্য

©Admin
0
নিজৰ সপোনক
জীৱন জীয়াবলৈ
বাৰে বাৰে কৰা প্ৰতিজ্ঞাই
আনি দিয়েহি 
সময়ত প্ৰত্যাহ্বান ।

তুমি জানিও বাৰু নজানা হোৱা
প্ৰতিপলে অনুপলে
নিঃস্বাৰ্থ ভালপোৱা আওৰাই
ওঁঠত মৌনতাৰ ভাষা ।

কেতিয়াবা জীৱনৰ ৰংবোৰে
দিক্‌ বিদিক ভেদি
প্ৰতিজ্ঞা কৰি অভিমানী হৈ
ব্যৰ্থতাৰে আৱৰে হৃদয়ত বিষাদ ।

ব্যস্ততাৰ অৱকাশ পাহৰি
অপেক্ষা কৰোঁ
কি জানি মিছা প্ৰতিশ্ৰুতি দি 
বুকুত এবুকু সপোন হৈ আশাৰে
কাঁচিয়লি ৰ'দৰ পোহৰ ।

✍️ যমুনা বৈশ্য
     শুৱালকুছি

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)