তুমি জানানে? - জুলী মৰাণ গগৈ

©Admin
0
তুমি জানানে ?
মোক ক্ষুদ্ৰ সংখ্যক মানুহে 
কি বুলি উপলুঙা কৰে !
মই বোলে দীঘল দীঘলকৈ লিখি 
সমাজ সলনি কৰিব বিচাৰিছোঁ ।
হাঃ হাঃ হাঃ
 মোৰ অতীতৰ পৃষ্ঠাবোৰহে খুলিছো ।
মই মোৰ ঘৰুৱা কৰ্মব্যস্ততাৰ মাজৰ পৰা
আজৰি হৈ অতীতৰ পৃষ্ঠাবোৰ খুলিছোঁ ।
আইলৈ মনত পেলাইছোঁ
চোকা ৰ'দ হ'লেও 
সময়ত জুইশালত ভাত ৰান্ধি আই খোৱাইছিল।
তথাপিও আই কোনো দিন
খং কৰা নাছিল ।
পিতাই কান্ধত লৈ যোৱা নাঙলটোলৈ মনত পেলাইছোঁ
আৱেগিক হৈ চকুলোঁ টুকিছো।
বাল্যকালৰ বন্ধু-
বান্ধৱীলৈ মনত পেলাইছোঁ 
কোনোদিন ভাগৰি নপৰা দিনবোলৈ মনত পেলাই
বুকু এচুকত বিষ অনুভৱ কৰিছোঁ ।
মনৰ মাজত আলোড়ন সৃষ্টি কৰা
এই শব্দবোৰে মই সৃষ্টি কৰিছোঁ 
অতীতৰ সুখৰ পৃষ্ঠাবোৰ।
বৰ্তমানৰ দুখৰ পৃষ্ঠাবোৰৰ পৰা অলপ দূৰত থাকিব চেষ্টা কৰিছোঁ ।
মোৰ জীৱনৰ কিতাপখনে
বৰ জটিল 
এটা নুবুজা সাথৰ 
তুমি জানানে !!

✍️জুলী মৰাণ গগৈ
তিনিচুকীয়া 
বৰগুৰি

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)