ভালপাওঁ
যেতিয়া আনে মোক
ভালপোৱাৰ সন্ধান পাওঁ।
মোৰ কৰ্মৰাজী যেতিয়া
আনে প্ৰশংসা কৰাৰ উমান পাওঁ ৷
তেতিয়াই এক আবেগিক অনুভূতিৰে ভৰি পৰেহৃদয়ৰ এচুক।
মনযায়সমষ্ট প্ৰেৰণা
বুটলি আনি এটি
সুন্দৰ পথেৰে বাট বুলিম
মোৰ আকাংক্ষিত সীমনালৈ। অনামী সুখৰ আবেগত
হৃদয়ত ফুলি উঠে
একোপাহি ৰক্ত জৱা ফুল।
পাহৰি যাওঁ কোনোবাই নিক্ষেপ কৰা
লক্ষ্যভেদি শেল ।
পাহৰি যাওঁ নিঃসাত্মিকা বোধৰ দুব্বহ মূহুৰ্ত বোৰ
মোৰসীমাবদ্ধ মনৰ পৰিধিত।।
✍️ অমিয়া দেৱী বৰঠাকুৰ
মাজুলী