বৰষুণ জাকৰ সৈতে ,
বাস্তবতাক বিচাৰি ফুৰি
আছিলো।
স্মৃতি বোৰক বেটুপাতত ৰূপ
দিয়াৰ অনেক প্ৰচেষ্টা চলাই
আছিলো ।
এপাহ পূৰ্ণাঙ্গ গোলাপ আঁকি
তাৰ প্ৰতিটো পাহিেত মন
পচন্দৰ ৰং বোলাই
আছিলো..!
লাহে লাহে জ্বলি, ছাই লৈ
ৰূপান্তৰিত হোৱা, ধোৱাৰ
লগত বিলীন হৈ,
ময়ো নিজক অংকিত কৰি
আছিলো...!
হেডফোনত বাজি থকা জুবিন
দাৰ গীত বোৰৰ অৰ্থ বিচাৰি,
বস্তুবাদী সমাজৰ লগত তুলনা
কৰি আছিলো।
পাহৰি যোৱা সকলো বোৰ
কথাই , পুনৰ দোহাৰি
আছিলো !
আঘাতবোৰো পুনৰ জুকিয়াই
চাই আছিলো ..!
পোৱা নোপোৱাৰ তুলনাত
নিজক সান্তনা দি দিছিলো...!
খিৰীকি খন খুলিয়েই ,সন্মুখৰে
কৃষ্ণচূড়াৰ তলত বহি ভুকিয়াই
থকা কুকুৰটোৰ বিষাদবোৰ
অনুভৱ কৰি আছিলো !
নিজক বিচাৰি আছিলো.!
জীয়াই থাকি আত্মহত্যা কৰা,
ব্যক্তিসকলৰ অতীত জানিব
খুজিছিলোঁ..!
নিজানত বহি আঙুলিৰ
ভাঁজৰ ছিগাৰেটৰ
ধোৱাত বিলীন হৈ ,
ময়ো কিবা ভাৱি আছিলো ...
হয় ...!
আজি ময়ো কিবা এটা ভাৱি
আছিলো...
◼️ৰিপন চক্ৰৱৰ্তী
স্থান - কাৰ্বি আংলং হাওঁৰাঘাট
[বি: দ্ৰ: সাৰসিকতি মানে ইন্দ্ৰিয়ৰ জৰিয়তে লাভ কৰা শাৰীৰিক চেতনা কিম্বা অবাস্তবিক অনুভৱ ]
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ