অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীৰ পছন্দ "Scordemy~ প্ৰবন্ধ- অভিজিত মজুমদাৰ

©Admin
0
বৰ্তমান ডিজিটেল মাধ্যমৰ জৰিয়তে ছাত্ৰ ছাত্ৰীৰ শিক্ষা গ্ৰহণ কৰাটো এক প্ৰকাৰৰ পছন্দ হৈ পৰিছে। কৰ'না মহামাৰীৰ সময়ৰ পৰা ছাত্ৰ ছাত্ৰী সকলে ডিজিটেল মাধ্যমক সহায়ক হিচাপে লৈ শিক্ষাক আগুৱাই লৈ গৈ আছে। বিশেষকৈ হিন্দী তথা ইংৰাজী মাধ্যমত শিক্ষা গ্ৰহণ কৰিবৰ বাবে বহু ধৰণৰ ব্যৱস্থা আমি দেখিবলৈ পাওঁ। ইউটিউব তথা বিভিন্ন এপত হিন্দী আৰু ইংৰাজী দুয়োটাৰ বাবে বহু খিনি পাঠ্যক্ৰম পাবলৈ সহজ। কিন্তু অসমীয়া মাধ্যমৰ বাবে?? 
ক'ত পাব? কেনেকৈ পঢ়িব?? কোনোবাই অসমীয়াতে পঢ়াব নে?? ইংৰাজী মাধ্যমৰ ছাত্ৰ ছাত্ৰী সকলক অসমীয়াতে বুজাই দিব নে?? এইখিনি প্ৰশ্ন অসমৰ প্ৰতিগৰাকী অভিভাৱকৰ পৰা আহে।প্ৰতিগৰাকী শিক্ষকে ভাৱে। 
ভাল খবৰ এইটোৱে যে অসমত এতিয়া অসমীয়াত পঢ়াৱ পৰা ,অসমীয়াত বুজাব পৰা এক প্ৰকাৰৰ আৰু বৰ্তমানৰ সকলোৰে পছন্দ একমাত্ৰ "Scordemy"। Scordemy এটা ডিজিটেল শিক্ষাৰ মাধ্যম, য'ত অসমীয়াত পঢ়োৱা হয়।এয়া অসমৰ বাবে সঁচাকৈয়ে ভাল খবৰ।
আপোনাৰ সন্তানে যদি ইংৰাজী মাধ্যম বা অসমীয়া মাধ্যমত পঢ়ে তেতিয়াও তেওঁ Scordemy ৰ জৰিয়তে অসমীয়াতে সকলো কথা সুধিব বা শিকিব পাৰিব।। পঞ্চম শ্ৰেণীৰ পৰা আৰম্ভ কৰি দ্বাদশ শ্ৰেণী লৈকে সকলো বিষয়ৰ পাঠদানৰ ব্যৱস্থা আছে।লগতে JEE,NEET ৰ শিক্ষাৰো ব্যৱস্থা আছে ।। 
তাতকৈ ভাল লগা কথা হ’ল যিটো সময়ত অসমৰ প্ৰায়ভাগ লৰা ছোৱালীয়ে চৰকাৰী নিযুক্তি পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থাকিব বিচাৰিছে,তেওঁলোকৰ বাবে দৈনিক লাইভ ক্লাছ লগতে সম্পূৰ্ণ পাঠ্যক্ৰম Scordemy ত পোৱাৰ ব্যৱস্থা আছে।
Scordemy এটা ডিজিটেল এপ হয় ,যাক আপুনি প্লে ষ্টৰৰ পৰা ডাউনলোড কৰি লব পাৰিব। লগতে Scordemy - Assam ইউটিউব চেনেলৰ জৰিয়তেও পঢ়িব পাৰিব।। 
আশা কৰোঁ অসমৰ সকলোৱে SCORDEMY ৰ দৰে অসমৰ কথা চিন্তা কৰা এটি সুন্দৰ এপক শিক্ষিত সমাজে মৰমেৰে আঁকোৱালি ল'ব।
এতিয়া অসমৰ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে অসমীয়াত পঢ়ি অসম তথা সমগ্ৰ ভাৰতৰ যিকোনো পৰীক্ষাত সাহসেৰে বহিব পাৰিব।।

✍️অভিজিত মজুমদাৰ (অংকু)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)