বিষাদ- দিপশিখা ৰাজকোঁৱৰ

টুকুৰিওৱাৰ শব্দ শুনি অৰুণিমাই খৰখেদাকৈ দুৱাৰৰ ওচৰলৈ গ'ল। বৰ উল্লাসত গৈছিল অৰুণিমা। কিজানি একমাত্ৰ কন্যা পূৰ্ণিমা ঘৰলৈ ঘূৰি আহিছে বুলি। কিন্তু পূৰ্ণিমাৰ খবৰ ল'বলৈহে ওচৰৰ খুড়াক এজন আহিছিল।কি বুলি সান্তনা দিব বাৰু খুড়াকে। তেওঁ বহি লৈ ক'লে-" নবৌ নাকান্দিবচোন।তাই ঘূৰি আহিব।তাইৰ কিবা খবৰ পাইছেনে? " অৰুণিমাই মুখেৰে মাতিব নোৱাৰা হৈ গৈছে। বহুদিন তেওঁ অনাহাৰে কটাইছে।এৰা....... পূৰ্ণিমা সৰুৰে পৰাই অসুস্থ আছিল। কেতিয়াবা অৰুণিমাৰ বৰ ভয় হয় কিজানি তেওঁ পূৰ্ণিমাক হেৰুৱাই পেলায়।সৰুৰে পৰা নিজৰ বুকুৰ উমত ৰাখি ডাঙৰ কৰিছে।একোৰে অভাৱ হ'বলৈ দিয়া নাই।তাইয়ে তেওঁৰ জীয়াই থকাৰ বাবে সকলো।তাইক ওচৰৰে বিভিন্ন চিকিৎসালয়ত দেখুৱাইছে যদিওঁ বেমাৰৰ আচল কাৰণ অৰুণিমাই পূৰ্ণিমাক জানিবলৈ দিয়া নাছিল। জীৱনৰ অন্তিম ক্ষণ সমাগত হৈছিল পূৰ্ণিমাৰ। যেতিয়া দুয়ো উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ গৈছিল।সেই কথাটোও তাইৰ পৰা লুকুৱাই ৰাখিছিল।
                   পূৰ্ণিমাই লাহে লাহে মাকৰ আচৰণবোৰ দেখি বুজি পাইছিল কথাবোৰ।তাইয়ো নিজকে বহুত দুৰ্বল অনুভৱ কৰিছিল। এদিন তাই অকলেই হস্পিটাললৈ গৈছিল আৰু ডাক্টৰৰ পৰা সকলো কথা গম পাইছিল। সেইদিনাই পূৰ্ণিমাই মাকক দুদিনৰ বাবে গুৱাহাটীলৈ যাওঁ বুলি ওলাই গৈছিল। সেইদিন ধৰি মাকে তাইৰ কোনোধৰণৰ খবৰ পোৱা নাই।তাইক ফোন কৰি ভাগৰি পৰিছে। তাইৰ অপেক্ষাত ৰৈ আছে মাক।
                        দুদিনমানৰ পিছত এখন গাড়ীত পূৰ্ণিমা আহিছিল। কিন্তু তাই মৃত হৈ আহিছিল। তাইৰ ওচৰলৈ মাকে দৌৰি গৈছিল। বহুত কান্দিলে তাইক হেৰুৱায়।তাই মাকৰ সন্মুখতে শেষ হৈ যোৱা হ'লেই ভাল পালেহেঁতেন । তেতিয়া অন্তত হাত বুলাই মৰম কৰিব পাৰিলে হয়। এতিয়া ঘৰখন একেবাৰেই শূণ্য হৈ গ'ল। তাইৰ মৃত্যুৰ বিষাদে মাকক বহুত দুৰ্বল কৰি পেলালে।

✍️দিপশিখা ৰাজকোঁৱৰ।

Post a Comment

Previous Post Next Post