অন্তিম কবিতা-লক্ষীন্দ্ৰ গগৈ

©Admin
0
লিখিম বুলি ভাবিছোঁ আজি
শেষৰটো কবিতা ।
প্ৰাপ্তি-অপ্ৰাপ্তি,ক্ষোভ-বিদ্ৰোহ
আশা-বেদনাৰে ভৰা শেষৰটো কবিতা ।

জ্বলা জুইত ঘিউ ঢলা,
নদীৰ সোঁতত নাওঁ মেলা,
একাংশ মানৱৰ সমালোচনাৰে ভৰা
জীৱনৰ শেষৰটো কবিতা ।

উন্নতিৰ জখলাৰে আগুৱাব খোজা
আমি হেনো বৃক্ষ, তাবত গজা।

শত জনৰ শত বাণী
সমালোচনাৰ কেৱল আমিহে গৰাকী ।

অন্তিম ক্ষণটি আজি
কাষ চাপি আহিছে ,
সমালোচকৰ বাণী শুনি
নিৰলে বহিছে ।

হ'ব নেকি ইয়েই কবিৰ
অন্তিম কবিতা,
আগুৱাৰ পথটি দেখোন
কাইটেৰে ভৰা ।।
                          *@লক্ষীন্দ্ৰ**অন্তিম কবিতা*
::---------::---------::
লিখিম বুলি ভাবিছোঁ আজি
শেষৰটো কবিতা ।
প্ৰাপ্তি-অপ্ৰাপ্তি,ক্ষোভ-বিদ্ৰোহ
আশা-বেদনাৰে ভৰা শেষৰটো কবিতা ।

জ্বলা জুইত ঘিউ ঢলা,
নদীৰ সোঁতত নাওঁ মেলা,
একাংশ মানৱৰ সমালোচনাৰে ভৰা
জীৱনৰ শেষৰটো কবিতা ।

উন্নতিৰ জখলাৰে আগুৱাব খোজা
আমি হেনো বৃক্ষ, তাবত গজা।

শত জনৰ শত বাণী
সমালোচনাৰ কেৱল আমিহে গৰাকী ।

অন্তিম ক্ষণটি আজি
কাষ চাপি আহিছে ,
সমালোচকৰ বাণী শুনি
নিৰলে বহিছে ।

হ'ব নেকি ইয়েই কবিৰ
অন্তিম কবিতা,
আগুৱাৰ পথটি দেখোন
কাইটেৰে ভৰা ।।
                         
🖋️ লক্ষীন্দ্ৰ গগৈ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)