স্পন্দিত হৃদয় নাৰী - নীভা লয়িং

দেউতাৰ হিয়াৰ আমঠু, নয়নৰমণি,
ছোৱালীজনী এদিন 
সমাজৰ নিয়ম মানি,
বোৱাৰী হৈ সংসাৰৰ
পাতনি মেলিলে।

মনত তাইৰ অলেখ সপোন
পিছে সপোনবোৰ সপোন
হৈয়ে ৰয়।
কৈশোৰ আৰু যৌৱনৰ
আভিজাত‍্যই নতুন সংসাৰত
ক'ব নোৱৰাকৈ ক'ৰবাত
যেন কেৰুণ লগায়।

সুন্দৰ অতীতৰ কথা সুঁৱৰি
তাই উত্ৰাৱল হৈ পৰে,
সুলভ খ‍্যাতিৰ মাদকতাত।
জীৱনৰ ৰূপ কেতিয়াবা সুন্দৰ
কেতিয়াবা ভয়ংকৰ,
এই কথা জানি 
দুখৰ বিননী জুৰিলে।

সপোনৰ আবেগ, বিভিষীকাৰ ছাঁয়া,
শংকা আৰু হতাশাৰে
সংসাৰৰ পাকচক্ৰত পৰি,
মুখত এটি কৃত্ৰিম হাঁহিৰে
আগবাঢ়িব খুজিও
থমকি ৰয়,
জীৱনৰ বাটেৰে দৃঢ় মনেৰে
পুনৰ ওভতিলে
'সপোনৰ ডেউকা বিচাৰি'।

আউল লগা দিনবোৰ ঠেলি
ভাৱনাৰ ৰঙীন সপোবোৰ লৈ,
দোদুল্যমান জীৱনৰ,
খোপনি পুতিলে।
বিচাৰি ফুৰা সপোনৰ মাজত
পুনৰ হাবু-ডুবু খাই,
যুগ্ম জীৱনৰ নতুন আলহীৰ
আগমনে,
ঘৰখন দুগুণে ৰঙীয়াল
কৰিলে।

গতিশীল জীৱনত এদিন
মা-দেউতা, শহুৰ-শাহুৰ
 বাৰ্ধক‍্যই,
তাইৰ সপোনবোৰ চিন্ন-ভিন্ন হৈ
এক ভয়াৰ্থ শূণ্যতাত
প্ৰবাহিত হৈ,
সংসাৰৰ মায়া জালত
অজানিতে আবদ্ধ হৈ পৰিল।

নিঃসহায় জীৱনৰ নিষ্ঠুৰ সংগ্ৰামত
তাইৰ সপোনবোৰ পাহৰণি গৰ্ভত,
এতিয়া তাই এগৰাকী কঠোৰ 
পৰিশ্ৰমী, দায়িত্বশীল নাৰী।
এক স্পন্দিত হৃদয়ৰ গৰাকী।

✍️ নীভা লয়িং

Post a Comment

Previous Post Next Post