তুমি নাথাকিলে মোৰ হৃদয়
হয়টো এইদৰেই অন্ধকাৰাচ্ছন্ন,
অথচ তুমি নুবুজা।
অৱশ্যে তুমিনো বুজিবা কেনেকৈ?
মই নহʼলেওটো তোমাৰ হৃদয়ক
উজ্জ্বল কৰি ৰাখিবলৈ হাজাৰটা তৰা আছে।
মোৰ অনুপস্থিতিয়ে হয়টো তোমাৰ জীৱনত
একো ব্যতিক্রম নঘটাব,
এনেও তুমি সময়নো দিয়া ক'ত মোক?
অৱশ্যে সময়ৰ অভাৱৰ অজুহাত লৈ সময় নিদিয়াটো
তোমাৰ এতিয়া অভ্যাস হৈ পৰিছে,
যি অভ্যাসে এতিয়া মই থকা-নথকাকলৈ
তোমাৰ জীৱনত একো ব্যতিক্রম ঘটিব নিদিয়ে।।
✍️চিন্ময় বৰা।
বিশ্বনাথ চাৰিআলি।