ঘৰৰপৰা ওলাই আহহঁত ঐ
ওলাই আহ
গাঁৱৰ মথাউৰিটো
এই ছিগো এই ছিগো
সকলো মহতীয়াই নিব ঐ ।
মথাউৰিটো ছিগিলেই
সকলো শেষ,
লাম লাকটো কেইটা গোটাই
জীৱনটো বচাহঁত ঐ
এই বানে কালৰূপ ধৰিছে
সকলো শেষ কৰিলে ঐ
সকলো শেষ ।
বান আহিল ঐ
ভয়ানক বান ।।
✍️হেমেন হাজৰিকা
ৰাণী
কামৰূপ অসম