ৰেষ্ট ইন পিচ ফিফ্থ জুন-নীল প্ৰজাপতি

©Admin
0
হেজাৰ বাহুৰ সেউজীয়া বিছাৰি
মানৱী জীৱনৰ হাহাকাৰ, 
এটুপি পানী বিছাৰি দুকুৰি উত্তাপত
জীৱৰ জীৱন জিয়াৰ হাহাকাৰ! 

ভতিয়নি সোঁতত দিঙা বাই
চেঞ্চুৰী কোবোৱা জীৱাশ্ম জ্বলাই 
জীৱন জিৰাই সেউজী ছাঁত! 
মৰিচিকা খেদি পৰিবৰ্তনৰ
উন্নতিৰ জীয়া ফাকি দুৰাচাৰ! 
মুখাপিন্ধা সভ্য সমাজৰ
আজি তয়ো ভেৰোণীয়াৰ সহচৰ
ধোৱা উৰুৱাই কলীয়া মেঘৰ, 
অট্টালিকা সাজ ৰঙীন পোহৰৰ
জ্বলাই ৰঙীন পখিৰ ঘৰ! 
চিকুটি চাই গম পাবি দেহত
বেহা দুৰ্নীতিৰ তোৰ তেজত হাজাৰ।

শীতল পানীয়ৰ প্ৰেমৰ মিশ্ৰণ
তেজাল বলধৰ হৈ দৌৰাৰ প্ৰতিযোগী অনুষ্ঠান, 
এছিডৰ বৰষুণত অনাগতৰ যাতনাৰ আঁচনি তৈয়াৰ, 
হেপ্পী ইনভাইৰমেন্ট ডে বুলি চেল্ফি লৈ
প্ৰকৃতিৰ চৈধ্য গোষ্ঠীৰ শ্ৰাদ্ধ পাতি
মুখপুথিত সম্পন্ন কৰ্ তই গংগাস্নান!

✍️নীল প্ৰজাপতি

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)