ভালকৈ চোৱা সৌন্দৰ্য্য দেখা পাবা ।
প্ৰকৃতিৰ বৰ্ণিল পৃষ্ঠাত ইপিঠি–সিপিঠিকৈ মই আছোঁ ।
মাটিয়ে মোক উৎসাহ দিছে জী থাকিবলৈ ,
পানীয়ে আশ্বাস দিছে উশাহ ল'বলৈ,
ডালবোৰ মোৰ শক্তি জনম– জনমলৈ ,
পাতবোৰ মোৰ বস্ত্ৰ ,নিজকে ঢাকি ৰাখিবলৈ,
সেউজীয়াবোৰ মোৰ গৰ্ব।
হয় মই এজোপা গছে কৈছোঁ ।
মোৰো জীৱ আছে ,,,
সেইবাবেইতো জীয়াই আছোঁ ,
আৰু থাকিব বিচাৰোঁ।
খেলিব বিচাৰোঁ বতাহৰ সৈতে ।
নাচিব বিচাৰোঁ বৰষাৰ সৈতে।
হে !মানৱ,,,,,
তুমিওতো মোৰ বাবেই জী আছা ।
তন্তে মোক ধ্বংস কৰিবলৈ কিয় আহা?
গছ থাকিলেহে মানুহ থাকিব" –কবিতাটি পাহৰিলা হ'বলা !
মোক জীয়াই থাকিব দিয়া!!
মই জীয়াই থাকিব বিচাৰোঁ!!
মই কৰোবাৰ কবিতা হব বিচাৰোঁ !!
কাৰোবাৰ ছাঁ হ'ব বিচাৰোঁ !!
মোক জীয়াই থাকিবলৈ দিয়া!!
মই এজোপা গছে কৈছোঁ।।
✍️অক্ষয় জ্যোতি বৰা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ