এন. এল. পি. কলেজৰ তুমি প্ৰিন্সি প্ৰিয়া-দ্বীপ দীপাংকৰ লাহন

©Admin
0
কেনে আছা তুমি?
আশা কৰো ভগৱানৰ কৃপাত কুশলে আছা
এই প্ৰিন্সি
তুমি হাঁহিলে তোমাৰ ডিম্পল উঠা দুগাল দেখি বৰ মৰম লাগে অ"

কি ভাল পোৱা তুমি চাওমিন,ম'ম নে কে এফ চি ৰ চিকেন পকড়া।
গোলাপ ভাল পোৱা নে তুমি
পাবা, কেতিয়াবা মোৰ হৃদয়ৰ এপাহী ৰক্ত গোলাপক ভাল
ল'বা কেতিয়াবা মোৰ হৃদয়ত ফুলা এপাহ বগা খৰিকাজাই ক আঁকোৱালি।
সেউজীয়া ৰঙৰ কাপোৰ জোৰত তোমাক চাব বিচাৰো ন-কইনা ৰূপে ।

তুমি তিনিআলিৰ চুকটোলৈ যোৱা নে কেতিয়াবা
শুনা নে কেতিয়াবা কাৰোবাৰ জীৱন ধ্বংস কৰাৰ গোপন আলোচনা

সেই তিনিআলিৰ চুকত বহি থকা চপ্পল ডেকা ল'ৰা কেইটাৰ মূখত।

যাবা কেতিয়াবা শুনিবা কাণ পাতি
কিমান গাভৰু উলংগ হ'ল সিহঁতৰ হাতত

নাই বা কাৰোবাক কেতিয়াবা সুধি চাবা 
কিমান নাৰী ধৰ্ষিতা হ'ল সিহঁতৰ কামনাৰ গ্ৰাসত

সিহঁত বোৰ হৈছে একো একোটা মানৱ ৰূপী দানৱ নাই বা ক্লিংক্লিষ্ট নগৰীৰ নৰখাদক।

প্ৰিন্সি নাযাবা তুমি সন্ধিয়া সেই তিনিআলিৰ চুকলৈ 
নাযাবা তুমি অকলশৰে তোমাৰ প্ৰিয় কলেজ খনলৈ।

কেতিয়াবা  সিহঁতৰ ঈগলৰ দৰে তীক্ষ্ণ চকু তোমাৰ ওপৰতো পৰিব পাৰে।

তুমিও পৰিব পাৰা সিহঁতৰ চক্ৰান্তৰ জালত কেতিয়াবা 

তুমি অভিমানী হৈ থাকিবা সিহঁতৰ আগত।
তোমাৰ অভিমানৰ পুখুৰীত সাতুৰিবলৈ নিদিবা প্ৰিন্সি মূখা পিন্ধা ভদ্ৰ লোকক

বগা কামিজৰ তলত ক'লা মন লৈ ঘূৰি ফুৰা মানুহক তুমি কেতিয়াও তোমাৰ কাষলৈ আহিব নিদিবা।

নকৰিবা বিশ্বাস কুলিৰ দৰে মৌ সনা মিঠা মাতক।

তোমাৰ অভিমানৰ চাৱনিত মইও হ'ব খোজো এজন প্ৰেমিক চৰাই 
চিলনীৰ দৰে থপিয়াই আনি সজাব বিচাৰো মোৰ মনৰ একুৰিয়ামত তোমাৰ অভিমান বোৰ।

তোমাৰ নামত কবিতা লিখিব খোজো
পৰিবা নে তুমি মোৰ কবিতাৰ প্ৰেমত

ব'লা না প্ৰিন্সি উৰি যাও আমি দুয়ো মিলি 
সৌ দূৰ-দিগন্তলৈ এহালি শান্তিৰ বনৰীয়া পক্ষী বিচাৰি

আজুৰি আনিম দুয়োয়ে ধূসৰ ধুলি কণা
সিচি দিম প্ৰেম নামৰ মিঠা অনুভূতিৰ বৃক্ষৰ বীজ

সজাম দুয়ো মিলি প্ৰেম ভাল-পোৱা আৰু সুখ-শান্তিৰে পৰিৱেষ্টিত এখন তৃপ্ত শ্যামলী হৃদয়

যাৰ নাম দিম তুমি আৰু মই"""


কেতিয়াবা যদি শূন্যতাৰে সীমা বিচাৰি নোপোৱা 

অনুভৱ কৰিবা মোক 

পথ হৈ বিচাৰি ল'ম তোমাক 

যদি কষ্টৰ বিষাক্ততাই চকুলো তিতি যায় তোমাৰ 
অনুভৱ হৈ চকুলো মচি দিম তোমাৰ

মোৰ এই পঙ্কিল হৃদয় খন তোমাৰ নামতেই 
সজাই থম পূৰণি আচবাবৰ দৰে 
ড্ৰয়িং ৰুমত 


প্ৰিন্সি নাযাবা তুমি সন্ধিয়া পৰত সেই তিনিআলিৰ চকলৈ

য'ত মাথো হয় 
কাৰোবাৰ 
জীৱন ধ্বংস কৰাৰ অশ্লীল গোপন আলোচনা ।

✍️দ্বীপ দীপাংকৰ লাহন

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)