মনিকাই ভবামতেই আদিত্যৰ সৈতে সম্পৰ্ক আগবাঢ়ি গৈছে। ভালপোৱাৰ বৰষুণজাকে ভালকৈয়ে দুয়োকে তিতাই বুৰাই পেলাইছে। তাৰমাজতে সিহঁতে ভবিষ্যত পৰিকল্পনাৰ প্ৰথম খোজ দি আমেৰিকাৰ ব্যস্ততাৰে ভৰপুৰ নিউয়ৰ্কৰ চহৰৰ বুকুত ভৰি দিছেহি। খুব সুন্দৰ আৰম্ভণি। দুয়ো ব্যস্ত নিজৰ নিজৰ জীৱনৰ সপোনৰ কৰ্মজীৱন সামৰি সুতৰি লোৱাৰ প্ৰয়াস। চহৰখনো যেন সিহঁতৰ ব্যস্ত জীৱনৰ সৈতে পৰিচয় লৈ খুবেই সুখী। হয়টো সিহঁতৰ কৰ্মশৈলী আৰু জীৱনশৈলীৰ যেন আছে কত যুগৰ সম্পৰ্ক। মনিকাই হয়টো এনেদৰে ভাবি সুখী। কিন্তু আউল লগাই দিছিল আদিত্য আৰু মাইলাৰ বেপেৰুৱা সম্পৰ্কই। কিছু পলমকৈয়ে খবৰ পাইছিল মনিকাই। তাইৰ ব্যস্ততাই হয়তো সিহঁতৰ মাজৰ ব্যৱধান বাঢ়ি যোৱাটোৰ জীৱন্ত সাক্ষী আজিৰ পৰিনতি। মনিকা সপোনৰ দেশখনৰ পৰা যেন এতিয়াহে বাস্তবৰ গতিত আহি স্থবিৰ হৈ পৰিছে। যাৰ বাবে সকলোৰে ঠেলা গতা খাই ইফালৰ পৰা সিফাললৈ খুন্দা খাই ফুৰিছে। মনৰ মাজৰ ধুমুহাই যেন বাৰুকৈয়ে খুন্দিভাজি গুৰি কৰি দিছে। হাজাৰ হওঁক অসমীয়া ছোৱালী। ভালপোৱাৰ ভাগবতৰা কৰাটো অসম্ভব। তাৰ তুলনাত আদিত্য নিৰ্বিকাৰ। যেন একো হোৱা নাই। পশ্চিমীয়া জীৱনৰ প্ৰেম যেন মনিকাৰ বাবে এতিয়া বৰবিহ হৈ পৰিছে।
নিউয়ৰ্কৰ পুৱাৰ শীতলতাৰ স্পৰ্শই মনিকাক জোকাৰী এটুকুৰা বৰফলৈ পৰিবৰ্তন কৰি দিছে। ফুটপাথত ভালকৈ খোজ দিব নোৱাৰি তাই ফুটপাথৰ ওপৰতেই বহি পৰিল।আদিত্যৰ সৈতে প্ৰেমৰ সম্পৰ্কৰ পাছত এনে এটা সীদ্ধান্ত তাই নিজে লৈছে কাৰো এটাও শব্দ নুশুনাকৈয়ে।যোৱা চাৰিমাহে সিহঁতৰ মাজত এটাও শব্দ বিনিময় হোৱা নাই। মাক দেউতাকৰ মুখকেইখন বাৰে বাৰে মনলৈ ভাহি আহিল। কমখন কাবৌ কাকুতি কৰিছিলনে? অসমদেশত কি কাম কৰিবলৈ কি এনে কি হাড়ভঙাশ্ৰম কৰিব লাগে যে তাই বিদেশত গ'লেহে পূৰ কৰিব পাৰে। ভাৰতৰ মানুহবোৰ ইমানেই বুৰ্বক হৈ পৰিল নে যে তাইৰ সপোনবোৰ বাস্তব কৰাৰ বাটত হেঙাৰ হৈ থিয় দিব। মাক আৰু ওচৰ চুবুৰীয়াৰ কথাবোৰ কৰ্ণগহ্বৰত প্ৰতিধ্বনি হৈ গুজৰি গুমৰি ফুৰিছে। নাই তাই নিজৰ মতত অবিচল হৈ গুছি আহিছিল আদিত্যৰ সৈতে। ইমান জেদ ইমান অহংকাৰ যেন তাইৰ ওচৰত আদিত্যৰ উপস্থিতিয়ে যোগান ধৰিছিল। ক'ত আজি সেই মানুহজন, কিয় তাইৰ প্ৰেমৰ মুল্য সি নুবুজিলে? আজি কিয় তাই এনে এটা সীদ্ধান্ত লবলগীয়া হ'ল? তাইৰ এই মনোকষ্টই তাইৰ কামৰ ব্যস্ততাত প্ৰকাণ্ডকাই দৈত্য হৈ জীৱনৰ শেষ আশ্ৰয়, শেষ সম্বল তাইৰ চাকৰিটোও ককবকাই উঠিছে।তাইৰ বৰফ হোৱা দেহাটোও আজি হাত সাৰিব নোৱাৰিলে। চাকৰিটোৰ স্বাৰ্থত সিও আজি নীলাম হৈ গ'ল। তাইৰ বিবেকে বাৰে বাৰে সাৱধানবাণী শুনাই গৈছে এয়াটো আৰম্ভণি। আৰু বা কিমান দিন চলিব এই খেল। যিটো কাৰণত তাই আদিত্যৰ সৈতে সম্পৰ্কৰ কফিনত গজাল মাৰিছিল সেই কাৰণেই তাইৰ জীৱন জীয়াৰ উপায় হব,একেই ভুল তাই কিয় কৰিছে? তাই ভাবি ভাবি কোনো ওৱাদিহ নাপায় মোৰটো জোৰকৈ খামুচি ধৰি কান্দি পেলালে।
কিমানসময় তাই পদপথত আছিল গমেই নাপালে। হঠাতে হোৱা নিউয়ৰ্ক চহৰৰ পুলিছৰ চাইৰেনত তাই সম্বিত ঘুৰাই পালে। নাতিদূৰত এখন আৰক্ষীৰ আৰু এখন এম্বুলেঞ্চ থিয় দি থকা দেখা পালে। তাইৰ চকুৰ পতাৰ চকুলো বৰফ হ'বলৈ ধৰা তাই উমান পাই মচি লৈ আগবাঢ়ি গ'ল । ওখ ওখ বিল্ডিং আৰু দোকানৰ জিলিকি উঠা টেলিভিচনৰ পৰ্দাৰ পৰা তাই গম পালে ফুটপাথত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হৈছে। দেহত বিভিন্ন বেজিৰ দাগ যেন লাগিল তাইৰ। হয়টো হতাশগ্ৰস্ত হৈ ড্ৰাগছ লবলৈ বাধ্য হৈছিল তাই। যিটো নিউয়ৰ্কৰ পদপথত সহজলভ্য। কিন্তু নিউজ চেনেলৰ সম্মুখত দিয়া আৰক্ষীৰ ভাষ্যৰ পৰা তাই গম পালে মহিলা গৰাকী কোনো ঔষধ কোম্পানীৰ স্বেচ্ছাসেৱীকা যিয়ে নিজৰ দেহত সেই কোম্পানীৰ বিভিন্ন ঔষধৰ প্ৰয়োগ নিজৰ দেহত কৰিবলৈ দিয়ে যাৰ বাবে পাই এক ধনৰ টোপোলা। এই বাতৰিয়ে তাইৰ কঁপিবলৈ ধৰা দেহাটোত যেন এক বিজুলী তৰংগ বিয়পাই গ'ল। আন এখন দুৱাৰ যেন তাইৰ বাবে খোল খাই গ'ল। নিজৰ জীৱনৰ ব্যস্ততাৰ সতে তাই যুঁজ কৰিবই লাগিব, এনে এটা ভাৱে মনটো ভৰাই তুলিলে। নিজ কাৰ্যালয়ৰ দিশে তাই খৰকৈ খোজ দিলে,এতিয়াও বহু দুৰ বাকী।
◼️নীল প্ৰজাপতি ,জাগীৰোড
আশাকৰোঁ ৰাইজে পঢ়ি ভাল পাব।
ReplyDelete