নৱ প্ৰজন্মৰ আলোচনী, বাতৰিকাকত অধ্যয়নৰ প্ৰতি অনীহা-ভাস্বতী কলিতা

©Admin
0
২জুনৰ বাতৰিকাকতত পঢ়িবলৈ পাইছিলোঁ যে দৰং জিলাৰ বানেইকুছিত দুটা ক্ষুদ্র পদপথ পুথিভঁৰাল স্থাপন কৰিছে। পুথিভঁৰাল দুটিৰ মূল উদ্দেশ্য হ'ল গ্ৰন্থক জনপ্ৰিয় কৰাৰ লগতে নৱ -প্ৰজন্মৰ মনত গ্ৰন্থ অধ্যয়নৰ স্পৃহা জগোৱাৰ চেষ্টা কৰা। এনে মহৎ চিন্তা কৰাৰ বাবে বানেইকুছিৰ ৰূপকোঁৱৰ বাগিছা কৰ্তৃপক্ষলৈ শুভেচ্ছা যাচিলোঁ। 

             আমি বাতৰিকাকতত প্ৰায়ে পঢ়িবলৈ পাওঁ নৱ -প্ৰজন্মৰ আলোচনী, বাতৰিকাকত আদি পঢ়াৰ প্ৰতি আগ্রহ কম। অভিভাৱকসকলে গ্ৰন্থ, আলোচনী, বাতৰিকাকত আদি ক্ৰয় কৰি আনি ল'ৰা ছোৱালীক পঢ়িবলৈ দিব লাগে। টিভি মোবাইল আদিৰ পৰাও ল'ৰা ছোৱালী বিলাকৰ পঢ়াৰ প্ৰতি আগ্রহ কমিছে। দৈনিক বাতৰিকাকত এখন বহুতো অভিভাৱকে ল'ব পাৰে কিন্তু নলয়। এদিন অভিভাৱক এজনে কৈছিল দৈনিক বাতৰিকাকত এখন ল'লে মাহিলী ২৪০টকা পৰে। যদি আমি ১০০ বা ২০০টকাৰ টিভিত কাৰ্ড ভৰাও তেতিয়া হ'লে অন্যান্য অনুষ্ঠানৰ লগতে বাতৰিও চাব পাৰো। মানুহজনে কোৱা কথাটো নোহোৱা নহয় কিন্তু ল'ৰা ছোৱালীৰ পঢ়া শুনাত যে টিভি মোবাইলৰ প্ৰভাৱ বেয়াকৈ পৰে তেওঁ সেইটো উপলব্ধি কৰিবই পৰা নাই। এতিয়া কথা হ'ল অভিভাৱকৰ মন্তব্য যদি এনেকুৱা হয় তেতিয়া হ'লে নৱ-প্ৰজন্মৰ চিন্তা ধাৰা কেনেকুৱা হ'ব । আমি ভাষাটো জীয়াই ৰাখিবলৈ হ'লে সকলোৱে গ্ৰন্থ অধ্যয়নৰ লগতে আলোচনী, বাতৰিকাকত পঢ়িব লাগিব। অধ্যয়নৰ জৰিয়তে বানান শুদ্ধকৈ আৰু বাক্যৰ গাঁঠনি ভালধৰণে ক'ব বা লিখিব পাৰি। গতিকে ল'ৰা-ছোৱালীবিলাকে স্কুলৰ কিতাপ পঢ়াৰ বাহিৰেও আজৰি সময়ত মোবাইল টিভি চোৱাৰ বিপৰীতে গ্ৰন্থ অধ্যয়ন কৰে যথেষ্ট উপকৃত হ'ব পাৰিব। যাৰ জৰিয়তে ল'ৰা-ছোৱালী সকলে বহুতো নজনা কথাও জানিব পাৰিব।
◼️ শ্রী ভাস্বতী কলিতা 
      ভেৰুৱা, দৰং
      দাদ্বশ শ্ৰেণী
 ফোনঃ ৬৯০০৯৫৭২০৭

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)