ভূগোলৰ সীমা বিচাৰি বিচাৰি।
তোমাৰ নীলাভ ছাঁয়াত কেনিনো হেৰাওঁ,
সুখৰ একাঁজলি ৰ'দ খুচৰি খুচৰি।
ডাৱৰে পোহৰে লুকাভাকু খেলে,
পাহাৰৰ শিখৰে আকাশ চুমে।
জোনে তৰাই বুটা বাচে,
তোমাৰ নীলা চাদৰৰ মাজে মাজে।
ডেউকা কোবাই কিমান পখীয়ে,
উৰে তোমাৰ আশেপাশে,
আনন্দৰ প্ৰতিখনি চিলাই,
তোমাকেই চুব খোজে।
তোমাৰ বুকুতেই থিতাপি লৈ
কলিয়া ডাৱৰে বৰষাৰ ঢল বোৱাই আনে,
নৈ - খাল-বিল হৈ
ধৰণী জীপাল কৰি সেউজ কৰি তোলে।
তোমাৰ হাওঁফাওঁত আধুনিকীকৰণৰ বতাহে
কেঞ্চাৰ কৰি তোলে,
বিষাক্ত গেছ ধোঁৱা, co2, co3 য়ে
ৰোগীয়া কৰি তোলে।
তোমাৰ বেঘনীসেহাসুৰ ৰামধনুত,
বিচাৰি পাওঁ জীৱনৰ অলেখ ৰঙ।
সানি দিয়ে পূৱে-পশ্চিমে তোমাক,
বেলিটিয়ে সোনালী - হেঙুলী বৰণ।
তোমাকেই চাওঁ,
তোমাতেই হেৰাওঁ,
পৰিসীমা নাপাওঁ।
হে আকাশ!
দি যোৱা এছাটি মতলীয়া বতাহ।
ধন্যবাদ ।
ReplyDelete