জৱাহৰলাল নেহৰুৱে কৈছিলঃ " এজন ল'ৰাক শিক্ষা দিয়া মানে এজন পুৰুষক শিক্ষিত কৰি তোলা ; কিন্তু এজনী ছোৱালীক শিক্ষা দিয়া মানে এটা পৰিয়ালক শিক্ষিত কৰি তোলা।"
নাৰী শিক্ষাৰ প্ৰয়োজনীয়তা এই কথাষাৰি বিশেষভাৱে প্ৰযোজ্য। শিক্ষাই মনৰ অজ্ঞতা দূৰ কৰি বৌদ্ধিক দিগন্ত মুকলি কৰে। জগতৰ সৰ্বতো প্ৰকাৰ মংগলৰ বাবে নিজকে যোগ্যৱান কৰি তোলাৰ একমাত্ৰ মাধ্যম হ'ল শিক্ষা।
বৈদিক যুগত পুৰুষৰ সমানে নাৰীয়েও যাগ-যজ্ঞাদিৰ অংশ গ্ৰহণ কৰাৰ লগতে বৈদিক শিক্ষা আৰু আধ্যাত্মিক শিক্ষা লাভ কৰাৰ পথ প্ৰশস্ত আছিল। গাৰ্গীমৈত্ৰেয়ী আদি বিদূষী নাৰীয়ে শ্লোক ৰচনা কৰাৰ উল্লেখে নাৰীৰ সবল স্থিতিৰ কথাকে সূচায়। পণ্ডিত সৰ্বপল্লী ৰাধাকৃষ্ণণে " woman in Hindu society " শীৰ্ষক প্ৰৱন্ধত এনেদৰে উল্লেখ কৰিছে - " অতীতত ভাৰতীয় নাৰীৰ স্থান উচ্চ আছিল। নাৰীৰ বাবে শিক্ষা অতি আৱশ্যকীয় বুলি গণ্য কৰা হৈছিল। ব্ৰাহ্মণ সমাজত ছোৱালীক বৈদিক শিক্ষা দিয়া হৈছিল। শিক্ষিত নাৰী আৰু পুৰুষৰ উমৈহতীয়া প্ৰচেষ্টাতহে একোটি সুস্থ পৰিয়াল গঢ় লয়। পৰিয়ালৰ পৰা সমাজ, সমাজৰ পৰা দেশ গঠন হোৱাটো সম্ভৱ। ভাৰতৰ গণতন্ত্ৰয়ো পুৰুষ, মহিলা উভয়ে শিক্ষিত হোৱাটোত গুৰুত্ব দি আহিছে। এখন দেশৰ নাৰী সকল শিক্ষিতা হ'লেহে দেশৰ সৰ্বাগীন উন্নতি হ'ব। কিয়নো এগৰাকী মাতৃ জন্মদাত্ৰী হোৱাৰ লগতে সন্তানৰ প্ৰথম শিক্ষাদাত্ৰীও। মাতৃগৰাকী শিক্ষিতা নহ'লে সন্তানক সু-পথেৰে পৰিচালনা কৰিবলৈ অসমৰ্থ হয়। স্বামী বিবেকানন্দ, মহাত্মা গান্ধী, ৰবীন্দ্ৰ নাথ ঠাকুৰ, ৰাধাকৃষ্ণণ আদি বৰেণ্য ব্যক্তিসকলেও নাৰী শিক্ষাৰ অগ্ৰগতিৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰিছিল। সম্প্ৰতি নাৰীৰ স'তে পুৰুষৰ শিক্ষাৰ কোনো পাৰ্থক্য নাই ; কিন্তু এই পৰ্যায় পাবলৈ নাৰীয়ে মধ্য যুগৰ পৰা ঊনবিংশ শতিকাৰ মাজভাগলৈকে অপেক্ষা কৰিবলগীয়া হৈছিল। বাল্য-বিবাহৰ গ্ৰাসত শিক্ষাৰ পোহৰ নোপোৱাকৈ বহু কন্যাশিশুৱে হোমৰ কাষত বহিবলগীয়া হৈছিল।
ঊনবিংশ শতিকাৰ তৃতীয়-চতুৰ্থ দশকটো ভাৰতীয় নাৰীৰ বাবে অতি উল্লেখযোগ্য সময়। এই সময়ছোৱাত ভাৰতত এক নৱজাগৰণৰ উন্মেষ ঘটে। ইষ্ট-ইণ্ডিয়া কোম্পানীৰ ৰাজত্ব সুদৃঢ় হৈ অহাৰ লগে লগে পশ্চিমীয়া শিক্ষা ভাৰতত সম্প্ৰসাৰিত হয়। এই নৱজাগৰণৰ উন্মেষৰ কালতেই ভাৰতলৈ ইষ্ট-ইণ্ডিয়া কোম্পানীৰ প্ৰথম গবৰ্ণৰ জেনেৰেল হৈ খহে লৰ্ড উইলিয়াম বেণ্টিংক। বেণ্টিংকে আন আন সংস্কাৰমূলক কাৰ্য কৰাৰ লগতে স্ত্ৰী শিক্ষাৰ প্ৰচলন,বাল্য-বিবাহ, সতীদাহ প্ৰথা নিবাৰণত গুৰুত্ব দিছিল। সেই দৰেই ৰাজা ৰামমোহন ৰায়,দয়ানন্দ সৰস্বতী, ৰামকৃষ্ণ পৰমহংস আদি বৰেণ্য ব্যক্তিৰ উদ্যোগত স্ত্ৰী শিক্ষাৰ ক্ষেত্ৰত নৱজাগৰণ সৃষ্টি হয়। ১৮৮২ চনত হাণ্টাৰ আয়োগে স্ত্ৰী শিক্ষাৰ শিতানত অধিক ধন বিনিয়োগ কৰিবলৈ বৃট্ৰিছ চৰকাৰক দিয়া পৰামৰ্শ উল্লেখযোগ্য।
গোলকীকৰণৰ প্ৰভাৱে আজি ভাৰতীয় অধিকাংশ নাৰীক পাশ্চাত্য সংস্কৃতি আকোঁৱালি ল’বলৈ প্ৰৰোচিত কৰিছে৷ বহু জাতিক পাশ্চাত্য সংগঠনবোৰৰ উৎপাদিত বিলাসী সামগ্ৰীবোৰ হাততে পোৱা কৰি দিয়াত এফালে ভোগবাদী সংস্কৃতিয়ে এচাম নাৰীক পণ্যলৈ পুনৰ ৰূপান্তৰিত কৰিছে৷ ইয়াৰ বিপৰীতে এচাম নাৰীয়ে সামান্যতম শিক্ষাৰ পৰাও বঞ্চিত হৈ হাড় ভগা পৰিশ্ৰম কৰিও প্ৰাপ্য অৰ্থ নাপাই ক্ষুধাত দিন কটাইছে৷ নাৰী শিক্ষাৰ প্ৰয়োজনীয়তাৰ ঢাক-ঢোল বজোৱাৰ সময়তে ভাৰতৰ বিভিন্ন চুকে-কোণে ডাইনী হত্যা,শিশু কন্যা বধ,শিশু কন্যা ভ্ৰূণ হত্যা,ধৰ্ষণ,যৌতুকৰ বাবে বোৱাৰী হত্যা আদি পৰিঘটনা সঘনাই ঘটিব ধৰিছে৷ কন্যা বৰ্ষ, ৮ মাৰ্চৰ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ প্ৰাসংগিকতা এনে ক্ষেত্ৰত উপহাস বুলি ক’লেও অত্যুক্তি কৰা নহ’ব৷
নাৰী শিক্ষা প্ৰসাৰণৰ বাবে কৰণীয় দিশ-
নাৰীয়ে ভোগ কৰি অহা নেতিবাচক দিশবোৰৰ বিপক্ষে থিয় হ’বলৈ প্ৰতিগৰাকী নাৰী হ’ব লাগিব উপযুক্ত শিক্ষাৰে শিক্ষিতা৷ শিক্ষাই দিয়া সজাগতাৰ জৰিয়তে নাৰীয়ে ভোগ কৰিবলৈ ওলাই আহিব লাগিব সাংবিধানিক স্বাধীনতা৷ প্ৰাপ্তবয়স্ক শিক্ষা নীতিৰ জৰিয়তে বয়স্ক মহিলাসকলে প্ৰাথমিক শিক্ষা আদিপাঠ লৈ আত্ম-সহায়ক গোটৰ জৰিয়তে অৰ্থনৈতিক ভাৱে স্বাৱলম্বী হোৱাৰ পথ সম্প্ৰতি প্ৰশস্ত হৈছে৷ কেৱল প্ৰাত্যাহিক ঘৰুৱা কামতে নিজক আৱদ্ধ নাৰাখি প্ৰতিগৰাকী নাৰীয়ে স্ব-আৰ্জিত শিক্ষাৰ জৰিয়তে সমজুৱাকৈ শিল্প-বাণিজ্যত মনোনিৱেশ কৰিলে অৰ্থনৈতিক স্থিতি সবল হোৱাৰ লগতে সমাজৰো উন্নতি হ’ব৷ কেৱল পুথিগত শিক্ষাই মূল ভেটি বুলি ভবাৰ দিন এতিয়া উকলিল৷ শিল্পগতভাৱে আয়ত্ত কৰা হস্তবিদ্যাৰ জৰিয়তে মহিলাসকলেও পুৰুষৰ সমানে আগবাঢ়ি পৰিয়ালৰ ভৰণ-পোষণৰ দায়িত্ব ল’ব লাগিব৷ প্ৰচাৰ মাধ্যমৰ জৰিয়তে নাৰী শিক্ষাৰ গুৰুত্ব সম্পৰ্কে গাঁৱে-ভূঞে জাগৰণৰ সৃষ্টি কৰাব লাগিব৷ উপযুক্ত বয়সত প্ৰতিগৰাকী কন্যা শিশু বিদ্যালয়লৈ গৈছে নে নাই দৃষ্টি ৰাখিব লাগিব৷ দৰিদ্ৰ সীমাৰেখাৰ তলৰ কন্যাক শিক্ষাৰ উচ্চতম পৰ্যায়লৈকে চৰকাৰীভাৱে মাছুল ৰেহাই দিয়া বা বৃত্তি দিয়াৰ ব্যৱস্থা কৰিব লাগিব৷ সামাজিক,সাংস্কৃতিক,ৰাজনৈতিক দিশত কাম কৰাৰ পথ নাৰীৰ বাবে মুক্ত ৰাখিব লাগিব৷ তেতিয়াহে নাৰী শিক্ষাৰ প্ৰাসংগিকতা প্ৰকৃতাৰ্থত সফল হ’ব৷
শেষত এটা কথাই মন কৰিবলগীয়া যে শিশুৰ অধিকাৰ আইন, সাক্ষৰ ভাৰত মিছন বা অন্য কোনো শিক্ষা বিষয়ক আঁচনিয়ে হওঁক বিভিন্ন কাৰণবশতঃ এতিয়াও সম্পূর্ণৰূপে সফল হ’ব পৰা নাই। আজি শিশুৰ অধিকাৰ আইনে শিশুৰ শিক্ষা বাধ্যতামূলক কৰিছে যদিও এতিয়াও সকলো শিশুকে সামৰি ল’ব পৰা নাই। ঠিক তেনেদৰে সাক্ষৰ ভাৰত মিছনেও এতিয়াও বহুত ভিতৰুৱা ঠাইৰ মহিলাসকলক চুবগৈ পৰা নাই। তাৰ বাবে অকল চৰকাৰ বা সমাজখনক দোষাৰোপ কৰি থাকিলে সমস্যাৰ সমাধান নহয়। চৰকাৰী কার্যসূচী বা আইন প্ৰণয়নৰ ওপৰত ভৰষা কৰি বহি থাকিলে নাৰী শিক্ষা সম্ভৱ নহয়। তাৰ বাবে আমি সমাজৰ প্ৰত্যেকজন নাগৰিকে সচেতন হ’ব লাগিব। সমাজৰ প্ৰতিগৰাকী লোকে স্ত্ৰী শিক্ষাৰ বিস্তাৰৰ বাবে হাতে কামে লাগিব লাগিব। তেতিয়াহে নাৰীশিক্ষাৰ সুফল পোৱা যাব। নাৰী শিক্ষাৰ বাবে অন্তৰায় হৈ পৰা সমস্যাসমূহ সমাধানৰ বাবে বিজ্ঞানসন্মত পদ্ধতি আমি হাতত ল’ব লাগিব। আমি বিভিন্ন নাৰী সংগঠনে ঠায়ে ঠায়ে কর্মশালা, সজাগতা শিবিৰ, বিভিন্ন ধৰণৰ অনুষ্ঠান পাতি নাৰীসকলক অনুপ্ৰাণিত কৰাব পাৰিলে নিশ্চয় মহিলাসকল আগবাঢ়ি আহিব। বিভিন্ন অনুষ্ঠান বা প্ৰতিষ্ঠানৰ যোগেদি নাৰীসকলক বৃত্তিমূলক প্ৰশিক্ষণ দি আত্মনির্ভৰশীল কৰাব পাৰিলে কিছু সুফল পোৱা যাব। নহ’লে অদূৰ ভৱিষ্যতে এই নিৰক্ষৰ লোকসকল সমাজৰ বোজা হৈ পৰিব। দেশৰ প্ৰগতিত হেঙাৰ হৈ পৰিব। নাৰী জাতি শিক্ষিত হ’লেহে দেশৰ উন্নয়নত হাত আগবঢ়াব পাৰিব।
⚫দুলাল বৰা
বিশ্বনাথ চাৰিআলি।