অহা গ্ৰন্থ মেলাত মোৰ স্বলিখিত " ছাংগ্ৰি-লাত প্ৰজ্ঞা বিচাৰি" নামৰ নৱতম উপন্যাসখন পাঠকক উপহাৰ দিয়া প্ৰস্তুতি চলি থকাৰ বাবে আৰু কৰ্ম সুত্রে বিভিন্ন স্থানলৈ যাত্রা কৰিবলগীয়া হেতু প্ৰবন্ধ পাতি লিখিবলৈ সময়ৰ অভাৱ হৈছে। তথাপিও হেপাহ সামৰিব নোৱাৰি উৰজাহাজত বহি থকাৰ সময়ত, ৰাতি শেতেলীত পৰাৰ আগত, শনিবাৰ আৰু দেওবাৰৰ দিনা পুৱাৰ ভাগত, অফিচৰ চাহ চুটি , জৈৱিক চুটিৰ আজৰি সময়ত একলম দুকলমকৈ লিখি দুই এটা লেখা ৰাইজলৈ পঠিয়াইছো। লেখক সকলৰ লিখাৰ নিচা সাংঘাটিক বুলি লাহে লাহে বুজিব ধৰিছো। কিছুমান ফেচবুক আৰু ওৱাটচাপ গোটত শতাধিক সদস্য থাকে তাৰ হয়তো এজন অথৱা দুজনে নিয়মিত ভাৱে মোৰ লিখা সমূহ পঢ়ে। সেই এজন অথৱা দুজন পাঠকে মোৰ লিখা পঢ়ি উদ্বুদ্ধ হোৱা যেন পালে মোৰ পৰিশ্ৰম সাৰ্থক হ'ল বুলি অনুভৱ কৰোঁ । তেতিয়াই নিজৰ মনটোক সামৰি ৰাখিব নোৱাৰি মোবাইলৰ কি বৰ্ডত আঙুলিৰে পিটিকি পিটিকি লিখিবলৈ চেষ্টা কৰোঁ । কালি দিল্লীৰ পৰা কৰ্মসুত্রে গুৱাহাটী পাই তেজপুৰলৈ পোনাই দিলো । সোমবাৰৰ পৰা পুনৰ অফিচৰ কামত ডিব্ৰুগড়, ইটানগৰ, ইম্ফল আৰু শ্বিলঙলৈ যোৱাৰ আগতে অলপ ব্যক্তিগত কামো কৰি যাব লাগিব। সেই ভাবিয়েই সন্ধিয়া সাতমান বজাত আহি তেজপুৰ চহৰত ভৰি থলো ।
যোৱা এপ্ৰিল মাহতেই মোৰ শহুৰ দেউতা ঢুকুৱাৰ পাছত প্ৰথমবাৰৰ বাবে বহু দিন ধৰি বন্ধ হৈ থকা ঘৰটোৰ তলাটো খুলি অলপ আবেগিক হৈ পৰিছিলো । শ্ৰীমতী আৰু ছোৱালীজনী যে শোকত ভাগি পৰিব বুলি নিজৰ হৃদয়ৰ আবেগক কোনোমতে সামৰি সুতৰি প্ৰতিবেশী গজেন খুৰাৰ ঘৰত ৰাতিটো কটালোঁ।
আজি ৰাতিপুৱাৰে পৰা বহু দিন ধৰি পৰিত্যক্ত হৈ থকা ঘৰটো চাফচিকুণ কৰিবলৈ শ্ৰীমতী আৰু মই ব্যস্ত হৈ পৰিলো। ইটোৰ পাছত সিটো কৰি গৈ থাকিলো। লঘু -গুৰু কামবোৰ শ্ৰীমতী আৰু মই ভগাই ল'লো । ইটো খিটো বস্তু থানথিত লগাই গৈ থাকোতে এটা কথা লক্ষ্য কৰিছিলো যে মোৰ শহুৰ দেউতা বহুত পৰিপাটি মানুহ আছিল। গেছৰ বিল, পৌৰসভাৰ কৰ জমা কৰা ৰচিদ, বিদ্যুতৰ মাচুল জমা কৰা ৰচিদ মাহৰ পাছত মাহ ক্ৰমানুসাৰে পৰিপাটি কৰি ৰাখি থৈ গৈছে। বহুকেইখন ডায়েৰীত তেওঁ লিখি থৈ যোৱা দৈনন্দিন জীৱনৰ জমা খৰচৰ তহবিল বোৰ পঢ়ি মোৰ চকু দুটা সেমেকি উঠিছিল। সেই কাগজ পাতিৰ মাজত সোমাই থকা এখন বিশেষ চিঠি শ্ৰীমতীয়ে পাই মোৰ হাতত তুলি দিছিল। দেউতালৈ লিখা সেই বিশেষ চিঠিখন আছিল এসময়ৰ বলিউডৰ প্ৰখ্যাত মোহময়ী নায়িকা মিনা কুমাৰীৰ চিঠি । পুৰণি হিন্দী কথাছবি আৰু গান মোৰ শহুৰ দেউতাই খুব ভাল পাইছিল। দেউতা গায়ক মহম্মদ ৰফি, চেহগল, লতা মংগেশকাৰ আৰু বাংলাদেশৰ লাইলাৰ এজন সাংঘাটিক প্ৰশংসক আছিল । দেউতাৰ আটাইতকৈ ভাললগা নায়ক-নায়িকা আছিল দেবানন্দ আৰু মিনা কুমাৰী । মিনা কুমাৰীৰ একো একোখন কথাছবি বিশ বাৰলৈ চোৱা বুলি জানিছিলো। দুৰাৰোগ্য কেঞ্চাৰ ৰোগত মৃত্যুৰ ক্ষণ গণি কষ্টত চটফটাই থকাৰ সময়তো দেউতাই ইউ টিউবত মিনা কুমাৰী আৰু দেবানন্দৰ সংলাপ আৰু প্ৰিয় গায়ক গায়িকা সকলৰ যুগজয়ী গীতবোৰ শুনি শৰীৰৰ যন্ত্ৰণাৰ কথা পাহৰি থাকিবলৈ চেষ্টা কৰিছিল। মোক বাৰে বাৰে কৈছিল মৰাৰ মুহুৰ্তলৈ মানুহে নিজে কৰি ভাল পোৱা কামৰ প্ৰতি ইচ্ছা শক্তি(passion) ত্যাগ কৰিব নালাগে। আজি কিছুদিনৰ আগতে পঢ়া এটা প্ৰবন্ধত এজন জেন বৌদ্ধধৰ্মৰ গুৰুৱেও সেই একেটা কথাই কৈছিল যে- যোগ বা ধ্যান মানে চকু বন্ধ কৰি শান্ত ভাবে বহি থকাটোৱেই নুবুজাই। যিটো কামত একান্ত ভাৱে একাত্ম হৈ সাংসাৰিক আৰু শাৰীৰিক দুখ-কষ্ট, লোভ-মোহৰ পৰা আঁতৰি ইশ্বৰৰ চিন্তাত বিলীন হৈ যাব পাৰি সেইয়াই হৈছে প্ৰকৃত যোগা অথৱা ধ্যান । উদাহৰণ স্বৰূপে শব্দ যোগ মানে হৈছে সংগীত অথৱা মন্ত্রোচাৰণ কৰি শৰীৰ আৰু মনৰ কষ্ট দূৰ কৰি মনটোক শান্ত কৰি ইশ্বৰ চিন্তা কৰা।
পদবিন্যাস যোগা মানে হৈছে উদ্দেশ্য বিহীন হৈ মাইলৰ পাছত মাইল একনিষ্ঠতাৰে খোজকাঢ়ি খোজকাঢ়ি গৈ থাকোতে একাত্ম হৈ ইশ্বৰৰ অন্বেষণ কৰা ।
ভাসন যোগা মানে হৈছে আকৌ পানীৰ ওপৰত ওপঙি থাকি অথৱা ডিঙিলৈ পানীত ডুবি থাকি নিৰন্তন ইশ্বৰৰ সাধনা কৰাকে বুজাই।
কৰ্ম যোগ হৈছে কামৰ মাজেৰেই ইশ্বৰৰ প্ৰাপ্তিৰ সাধনা। ইংৰাজীত এষাৰ কথা আছে Ideal minds are devil's workshop. খালি মন চয়তানৰ। চয়তানৰ চৈতন্য নাথাকে । গতিকে কৰ্ম বিমুখ মানুহৰ ইশ্বৰ প্ৰাপ্তি অসম্ভৱ ।
মোৰ শহুৰৰ শব্দ যোগৰ প্ৰতি থকা আগ্ৰহে মোক অনুপ্ৰাণিত কৰি থৈ গ'ল।আমি সকলোৱে নিজে কৰি ভালপোৱা কামবোৰ, যিবোৰৰ দ্বাৰা সমাজ আৰু ৰাষ্ট্ৰ উপকৃত হ'ব পাৰে সেই কামবোৰ কৰাৰ বাবে সদায়েই নিজৰ ইচ্ছা শক্তিক সঞ্জীৱিত কৰি ৰখাৰ দৰকাৰ।
ধন্যবাদ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ