ক্রমান্বয়ে দিনবোৰ গৈ কেইবাটাও মাহ পাৰ হল। ব্ৰজেনে পঢ়া শুনাৰ উপৰিও সঙ্গীত, নাটক এইবোৰৰ লগতো জড়িত হৈ পৰে। কলেজ তো তাৰ বন্ধু বান্ধব বাঢ়ি আহে। ধেমেলীয়া, সহজ সৰল স্বভাবৰ কাৰণেই খুব কম সময়ৰ ভিতৰতে সি জনপ্রিয় হৈ পৰিল। তাৰ মাজত ময়ুৰী হঁতৰ ঘৰখন সিহঁতৰ নিজৰ ঘৰৰ দৰে হৈ পৰিল।
"সচাঁ কৈ দিবাকৰ, মানুহক ওচৰত নোপোৱা লৈকে কাৰো প্রতি একো ধাৰণা লব নালাগে। মহালৈকে চাচোন, আমি কি ভাবি ছিলো। ইমান ভাল মানুহ..! "
"এৰা, মহাৰ এটা কাহিনী আছে, কেতিয়াবা কম ৰহ, তেতিয়া গম পাবি তেখেতৰ কথা, কিমান মহান তেওঁ। "
"ইমান ভাল ব্যবহাৰ, প্রথমতে এনেয়ে নাযাওঁ নথও কৰি আছিলো। "
"এই মাহীজনী মোৰ বৰ মৰমৰ আছিল। হঠাৎ যে ইমান বছৰৰ পাছত লগ পালো। এটা সময় মাহীয়ে বৰ দুখত পাৰ কৰিছিল৷,এতিয়া মাহীৰ এই অৱস্থা
দেখি বৰ ভাল লাগিছে। ময়ুৰী জনীও যেন বৰ সোনকালেই ডাঙৰ হল। মাহী, মহাৰ কাহিনী কম তোক কেতিয়াবা "।
" হব দে পাছত কবি কেতিয়াবা। "
"বল শুই থাকো, কালিলৈ ক্লাচ সোনকালে আছে। "
"যাওঁ দে তয়ো শুই থাক। "
দিবাকৰে নিজৰ কোঠা লৈ খোজ ললে। ব্ৰজেনে দুৱাৰখন বন্ধ কৰি ঘড়ি লৈ চালে। নিশা বাৰ বাজিছে। টোপনি ও অহা নাই, মনটো কিবা আজি ভাল লাগি থকা নাই। মনিলৈ মনত পৰিছে, খুব বেছিকৈ... ....!
আজি ইমান দিন হল তাইৰ খবৰ এটাও লব পৰা নাই। কেনেকৈ বা আছে তাই? আমি পুৰুষ বোৰ সচাঁ কৈ স্বাৰ্থ পৰ নেকি, ময়ো টো তাইলৈ চিঠি এখন দিয়া নাই। বেচেৰীয়ে কিমান ক'লে আহিবৰ সময়ত, খবৰ এটা দিবা। ভাবি ভাবি সি টোপনি গ'ল।
ইকি, আউলী বাউলী চুলিৰে এইজনী কোন?
মনি... ;
নাই নাই মনি হব নোৱাৰে। ব্ৰজেন দা মোক বচোৱা বুলি চিঞৰি তাই পৰি গল....
মুখেৰে বৈ আহিল এমুখ ফেন।
"মনি...... ই.. . ...
বুলি চিঞৰি উঠি বহি পৰিল। কপি উঠিল ভয়ত, মনিৰ একো হোৱা নাই টো! কি সপোন দেখিলে সি?
অজান এক বেদনাই তাক জোকাৰি গ'ল। নিশাটো উজাগৰে গ'ল। শুৱা নহল আৰু তাৰ।
পুৱা একোতে তাৰ মন নবহা হল।
" কি হল দোস্ত, একেবাৰে ডাউন যে কিয়? "
"নাই অ, কালি বৰ বেয়া সপোন এটা দেখিলো মনটো বেয়া লাগি আছে। "
"সপোন সপোনেই আৰু, সেইটো কি ইমান চিন্তা কৰিব লগা কথা হল? বাদ দে এইবোৰ, পাছ বেলা ওলাবি, দীঘলী পুখুৰীৰ পাৰে পাৰে অলপ ফুৰি
আহিম।
" হব দে "
দুয়ো নিজৰ নিজৰ ক্লাচ লৈ বুলি খোজ ললে।
আবেলি দুয়ো ওলাই আহি দীঘলী পুখুৰীৰ পাৰে পাৰে খোজ ললে। তেনেতে........
"অ, ব্ৰজেন দা দেখোন! "
ব্ৰজেনে ঘুৰি চায় দেখে, আকাশী।
"আকাশী কেনিবা যোৱা....?
" আপোনাৰ ওচৰলৈকে গৈছিলো। বাটতে পাই ভালেই হল। "
দিবাকৰে কলে "কিবা সকামত "?
নিজৰাই মাত দিলে " হয়, মানে আমাৰ জ্যোতি সংঘৰ সদস্য সকলে অহা চব্বিশ নভেম্বৰৰ দিনা
ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালাৰ শোণিত কুঁৱৰী নাটকখন মন্থস্থ কৰিবলৈ লৈছো।
আপুনি যিহেতু এজন গায়ক লগতে অভিনেতা,
সেয়েহে আমাৰ লগত আপোনাৰ কিছু সহযোগিতা
আশা কৰি, নিমন্ত্রণ জনাবলৈ আহিলো। "
"মই অৱশ্যে সিমান পাৰ্গত নহয়, তথাপি তোমালোকৰ নিমন্ত্রণ ৰক্ষা কৰিবলৈ চেষ্টা কৰিম।
এখেতক চিনি নাপালো "!
ব্ৰজেনৰ কথাত আকাশী য়ে চিনাকি কৰি দিলে
" এওঁ সঞ্জয় কাকতি, ভাল অভিনেতা। নাটকৰ মুখ্য চৰিত্ৰ টো তেওঁ য়েই কৰিব। "
"নমস্কাৰ"
প্রতি নমস্কাৰ জনাই ব্ৰজেনে কলে,
"ভাল লাগিল লগ পাই। পুনৰ লগ পাম "!
" নিশ্চয় "!
" ধন্যবাদ ব্ৰজেন দা আমাৰ অনুৰোধ ৰক্ষা কৰা বাবে। "
"কিন্তু মই আপোনালোকৰ সংঘ চিনি না পাওঁ যে... ;"
"আমি আপোনাক লৈ যামহি। "
নিজৰাই কলে।
"অ, কবলৈ পাহৰিছো, নাটকখন যদি ভাল হয়, ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্রতিযোগিতাত যোগ দিয়াৰ কথাও
চিন্তা কৰিছো। "
"বৰ ভাল কথা। সুখী হলো শুনি, তেতিয়া হলে কালিলৈ কেইটা বজাত লগ পাম? "
"সন্ধ্যা ছয় বজাত। "
"ঠিক আছে হব তেনেহলে আহিছোঁ। "
"বিদায়...! "
দিনটো কিবা কৈ পাৰ হলেও ৰাতি আকৌ মনিৰ চিন্তা ই তাক ব্যাকুল কৰি তুলিলে । সঁচাকৈ মনিৰ
গা, চা বেয়া নেকি! বিচনাত চাটিফুটি কৰি থাকি শুব নোৱাৰি, ৰাতি এক বজাত মনিলৈ চিঠি লিখিবলৈ বহিল।
"মোৰ মৰমী জনী,
তুমি ঠিকেই আছানে, ইমানে ব্যস্ত হৈ পৰিছো
মই, চিঠি এখন দিবলৈ সময়ৰ অভাব। ভূল নুবুজিবা, হৃদয়ত মোৰ তুমি য়ে প্ৰান প্রতিমা, দূৰত
থাকিও সদায় কাষতে আছা, তথাপিও.......!
কালি নিশা বৰ বেয়া সপোন এটা দেখিলো। মনতো
অজানা আশংকা এটাত কঁপি আছে। কুশলে থাকা। খবৰ জনাই চিঠি এখন দিবা। বিহুৰ বন্ধ তে
ঘৰলৈ যাম।
ইতি.........
তোমাৰ ব্ৰজেন দা। "
এক , দুই সপ্তাহ বাট চাব, যদি মনিৰ চিঠি নাহে সি
বিহুলৈ বাট নাচায় তাৰ আগতে ঘৰলৈ যাব।
কথাবোৰ ভাবি ভাবিয়েই সি নিদ্রা দেৱীৰ কোলাত
ঢলি পৰিল....!
আগলৈ..................
✍️মামণি বৰঠাকুৰ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ