বিশ্ব পৰিৱেশ দিৱস হওঁক ৰুগ্ন ধৰিত্ৰীক বচোৱাৰ অভিযান - সুশান্ত দাস

©Admin
0
প্ৰকৃতিৰ গুৰুত্বৰ বিষয়ে মানুহক সোঁৱৰাই দিবলৈ প্ৰতি বছৰে ৫ জুনত বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। সমগ্ৰ বিশ্বতে ইয়াৰ উদযাপনৰ দ্বাৰা পৃথিৱীবাসীক প্ৰকৃতিৰ প্ৰয়োজনীয়তা আৰু ইয়াৰ অমূল্য অৱদানৰ প্ৰতি সজাগতা বৃদ্ধি কৰাৰ প্ৰচেষ্টা চলোৱা হয়। প্ৰতিবছৰে বিশ্বব্যাপী জনসচেতনতাৰ জৰিয়তে পৰিৱেশৰ ওপৰত এক সচেতনতা আনিবলৈ এই দিৱস পালন কৰা হয়। ১৯৭৩ চনৰ পৰা বৰ্তমানলৈকে প্ৰতিবছৰে ৫ জুনৰ দিনা এই দিৱস পালন কৰা হৈ আছে। একোটা উদ্দেশ্যৰে গোটেই বিশ্বই পৰিৱেশ সুৰক্ষাৰ লগত জড়িত শ্লোগান নিৰ্ধাৰিত কৰে। একে ধাৰাৰে‌ বিশ্ব পৰিৱেশ দিৱস পালন কৰিছে এক সময়োপযোগী উদ্দেশ্যক লক্ষ্য হিচাপে লৈ – “প্লাষ্টিক প্ৰদূষণ প্ৰতিৰোধ কৰক”। পৰিচালিত দেশৰ দায়িত্বত আছে আমাৰ ভাৰতবৰ্ষ৷ আমাৰ দেশৰ প্লাষ্টিকৰ ব্যৱহাৰৰ উচ্চ হাৰেই এই দায়িত্ব আকৰ্ষণ কৰিছে। সেয়ে, এই সুযোগতে প্লাষ্টিকৰ প্ৰদূষণ প্ৰতিৰোধ কৰাত ভাৰতবৰ্ষ এক নিদৰ্শন হিচাপে পৰিগণিত হোৱাৰ প্ৰয়োজন আছে। মানুহৰ একমাত্ৰ বাসভূমি এই পৃথিৱীত ক্ৰমে ক্ৰমে প্ৰবলতৰ হৈ উঠা পৰিৱেশজনিত সমস্যা, খাদ্যবস্তুৰ অপচয় আৰু লোকচান, নিৰ্বনানীকৰণ, গোলকীয় উষ্ণতা বৃদ্ধি আদি সমস্যাবোৰ সমাধান আৰু সজাগতাৰ উদ্দেশ‍্যে ১৯৭৩ চনৰ পৰাই ৫ জুনৰ দিনটো ‘বিশ্ব পৰিৱেশ দিৱস’ ৰূপে পালন কৰি অহা হৈছে। মানুহৰ জীৱনত সেউজ আৰু স্বাস্থ‍্যসন্মত পৰিৱেশৰ গুৰুত্ব সম্পৰ্কত বিশ্বজুৰি সজাগতা সৃষ্টিয়ে এই দিৱসৰ মূল লক্ষ্য। পৰিৱেশ-অনুকূল ইতিবাচক কাম-কাজৰ জৰিয়তে আমাৰ চাৰিওফালে মূৰ দাঙি উঠা পৰিৱেশজনিত সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত সজাগতা বৃদ্ধি, সমাজৰ প্ৰতিজন লোকেই যে তেওঁৰ পৰিৱেশ সংৰক্ষণ কৰাত দায়বদ্ধ, এই কামৰ বাবে কোনো বিশেষ ব্যক্তি বা অনুষ্ঠানৰ মুখলৈ আমি চাই থকা উচিত নহয়। সেই ধৰণৰ সজাগতা সমগ্ৰ বিশ্বৰ সাধাৰণ মানুহৰ মাজলৈ লৈ যোৱাটো এই দিৱসৰ অন্যতম লক্ষ্য। সকলোৱে জানে যে আমাৰ চৌদিশে পৰিৱেষ্টিত হৈ থকা জীৱ আৰু জড় সকলো বস্তুৰ সমষ্টিয়েই হৈছে পৰিৱেশ। আদিৰে পৰা প্ৰকৃতি আৰু পৰিৱেশৰ লগত জীৱ-জগতৰ সকলো প্ৰাণীৰ ওতঃপ্ৰোত সম্বন্ধ। প্ৰাণ প্ৰদায়িনী প্ৰকৃতিৰ ওপৰত জীৱ-জগতৰ সকলো প্ৰাণীয়ে নিৰ্ভৰশীল। গতিকে পৰিৱেশ বিনষ্ট হোৱা মানে মানুহৰ লগতে জীৱ-জগতৰ সকলো জীৱকুলৰে অনিষ্ট সাধন হোৱা। জল প্ৰদূষণ, শক্তি প্ৰদূষণ, শব্দ প্ৰদূষণ, বায়ু প্ৰদূষণ আদি বিভিন্ন কাৰণত পৰিৱেশ বিনষ্ট হৈ আহিছে। পৰিৱেশ দূষিত হোৱাৰ লগতে গোলকীয় উষ্ণতা দিনক দিনে বৃদ্ধি পাই অহা, সাগৰৰ জলপৃষ্ঠ বাঢ়িবলৈ ধৰা, মেৰু অঞ্চলৰ বৰফ গলিবলৈ ধৰা ইত্যাদি বিভিন্ন কাৰণত প্ৰাকৃতিক দুৰ্যোগ যেনে বানপানী, সাগৰীয় ধুমুহা আদি সঘনাই হ’বলৈ ধৰিছে। খনিজ সম্পদ দ্ৰুত আহৰণৰ ফলত অঞ্চল বিশেষে ভূ-গৰ্ভ ভাৰসাম্যহীন হৈ পৰিছে আৰু তাৰ পৰিণতিত ভূমিকম্প অহাৰ সম্ভাৱনা অধিক হৈ পৰিছে। প্ৰকৃতি আৰু সেউজৰ তাৎপৰ্য সম্পৰ্কে সজাগতা সৃষ্টি কৰাৰ বাবে ৰাষ্ট্ৰসংঘই আয়োজন কৰা বিশ্ব পৰিৱেশ দিৱস হৈছে এক বৃহৎ বাৰ্ষিক অনুষ্ঠান। ৰাষ্ট্ৰসংঘৰ সভাই ১৯৭২ চনত মানৱ পৰিৱেশৰ ওপৰত ষ্টকহোম সন্মিলনৰ প্ৰথম দিনা বিশ্ব পৰিৱেশ দিৱস অনুষ্ঠিত কৰিছিল। ১৯৭৪ চনত, ইয়াক “কেৱল এক পৃথিৱী” বিষয়বস্তুৰে উদযাপন কৰা হৈছিল। তেতিয়াৰ পৰা, বিভিন্ন আয়োজক দেশে ইয়াক উদযাপন কৰি আহিছে ।বিশ্ব পৰিৱেশ দিৱস প্ৰথমবাৰৰ বাবে ১৯৭৪ প্ৰতি বছৰে এই দিৱসটি বেলেগ বেলেগ চহৰত, বেলেগ বেলেগ প্ৰতিপাদ্য বিষয় লৈ পালন হয়। উত্তৰ গোলাৰ্ধত দিৱসটি বসন্তত, আৰু দক্ষিণ গোলাৰ্ধত দিৱসটি শৰতত পালিত হয়। ১৯৭৪ চনত আমেৰিকা যুক্তৰাষ্ট্ৰত উদযাপন কৰা হৈছিল। 

      বিশ্ব পৰিৱেশ দিৱসৰ গুৰুত্ব এতিয়া অধিক। আমি পৃথিৱীত বাস কৰি অহাৰে পৰা পৰিৱেশ সচেতনতা দেখুৱাবলৈ সক্ষম হৈছোঁ যদিও বহু ক্ষেত্ৰত নিজেই পৰিৱেশৰ ধ্বংস কৰাত অৰিহণাও যোগাইছো। কিয়নো পৰিৱেশ তন্ত্ৰৰ প্ৰাথমিক উপাদান সমূহক আমি ধ্বংস কৰি দিছোঁ। পৰিৱেশ দিৱসৰ এটা গুৰুত্বপূৰ্ণ দিশ হ'ল “ প্লাষ্টিক বৰ্জন কৰা ”। কিয়নো আমি বছৰে বছৰে টন টন প্লাষ্টিক ব্যৱহাৰ কৰি আহিছোঁ। দৈনন্দিন জীৱনত ইয়াৰ গুৰুত্ব অধিক যদিও ই আমাৰ বাবে যিমানেই আশীৰ্বাদ সিমানেই অভিশাপ। বিশ্বৰ সকলো ঠাইতে এটা দিন হিচাপে এই দিৱসক পালন কৰা হয় যদিও আমি এটা দিনেই নহয় বছৰৰ প্ৰতিটো দিনেই পৰিৱেশ দিৱস হিচাপে পালন কৰিব লাগে, কিয়নো প্ৰাকৃতিক পৰিৱেশ এদিনেই নহয়, সদায়ে ধ্বংস হৈ আহিছে গতিকে সদায়েই পৰিৱেশ দিৱস হ'লেহে পৰিৱেশ নিকা হ'ব। এতিয়াৰ যুৱ প্ৰজনক এই দিৱসৰ প্ৰসঙ্গ সম্পূৰ্ণৰূপে চিনাই দিব লাগিব কিয়নো প্ৰকৃতি এতিয়া খুবেই ৰুষ্ট আৰু আমি সন্তানৰ কাৰ্য-প্ৰণালীয়েহে আই প্ৰকৃতিক সন্তুষ্ট কৰিব লাগিব। 

         বিশ্ব পৰিৱেশ দিৱসৰ ২০২০ চনৰ বিষয়বস্তু আছিল “জৈৱ বৈচিত্ৰ্য উদযাপন কৰক” আৰু ২০২১ৰ বিষয়বস্তু আছিল “পৰিস্থিতি তন্ত্ৰ পুনৰুদ্ধাৰ” (Ecosystem Restoration) আৰু এইটো আমাৰ প্ৰতিৱশী দেশ পাকিস্তান এই বিশেষ দিনটোৰ বাবে বিশ্বব্যাপী আয়োজক আছিল। এই দিনটোত পৰিৱেশতন্ত্ৰ পুনৰুদ্ধাৰৰ প্ৰচেষ্টাৰ বাবে ৰাষ্ট্ৰসংঘৰ দ্বাৰা এক দশক উদযাপনৰ শুভাৰম্ভণ কৰা হ’ল। বিশ্ব পৰিৱেশ দিৱস উদযাপনৰ মূল উদ্দেশ্য হ’ল পৰিৱেশৰ গুৰুত্বৰ বিষয়ে সকলোকে সজাগ কৰা আৰু মানুহক সোঁৱৰাই দিয়া যে প্ৰকৃতিক তেওঁলোকৰ উত্তৰপুৰুষীয় সম্পত্তি ৰূপে বিবেচনা কৰাটো বন্ধ কৰা দৰকাৰ। ৰাষ্ট্ৰসংঘৰ মতে, এই দিনটোৱে আমাক পৰিৱেশৰ সংৰক্ষণ আৰু ইয়াক উন্নীত কৰাৰ ক্ষেত্ৰত সম্প্ৰদায়, উদ্যোগ আৰু ব্যক্তিগত পৰ্য্যায়ত এক সচেতনতা সৃষ্টি আৰু দায়িত্বশীল আচৰণ গ্ৰহণ আৰু বিস্তাৰ কৰাৰ সুযোগ প্ৰদান কৰে। পৰিৱেশে আমাক দিয়া সকলো সম্পদক সন্মান কৰিবলৈ আৰু ইয়াক সুৰক্ষিত কৰিবলৈ সংকল্পৱদ্ধ হোৱাৰ বাবে এই দিৱসটো সমগ্ৰ বিশ্বতে উদযাপন কৰা হয়। এই দিনটোত, চৰকাৰ আৰু সাধাৰণ নাগৰিকসকলে সজাগতা সৃষ্টিৰ বাবে পৰিৱেশ সম্পৰ্কীয় একোটা নিৰ্দিষ্ট সমস্যাৰ সমাধানৰ বাবে তেওঁলোকৰ প্ৰচেষ্টা অব্যাহত ৰখাত গুৰুত্ব দিয়ে। আমাৰ দৈনন্দিন জীৱনৰ কার্যকলাপত এক অভাৱনীয় হাৰত প্লাষ্টিক ব্যৱহাৰ কৰি থকা হৈছে। বিকল্প ব্যৱস্থা আছে যদিও সহজতে কম মূল্যতে উপলব্ধ প্লাষ্টিক ব্যৱহাৰ কৰিবলৈ আমি আগ্ৰহী। এবাৰ ব্যৱহাৰ কৰি পেলাই দিয়া বিধৰ প্লাষ্টিকৰ বেগ বা আন সামগ্ৰীৰ ব্যৱহাৰেই বেছি ক্ষতি কৰিছে আমাৰ চৌপাশৰ পৰিৱেশ – বায়ু, পানী, মাটি। প্লাষ্টিকৰ বেগ ব্যৱহাৰ কৰাৰ পিছত য’তে ত’তে পেলাই দিয়া বাবেই সমস্যা সৃষ্টি হৈছে। প্লাষ্টিকৰ উপযুক্ত ব্যৱহাৰৰ অভাৱেই জনস্বাস্থ্যৰ ওপৰতো ভয়াৱহতা আনিব পাৰে। খাদ্য বস্তু প্লাষ্টিকৰ বাচন বা বেগত ৰাখিলে প্লাষ্টিকৰ পৰা নিৰ্গত হোৱা ৰাসায়নিক দ্ৰব্য খাদ্যৰ লগত মিহলি হোৱাৰ সম্ভাৱনা থাকে। সেই খাদ্য গ্ৰহণ কৰিলে কেঞ্চাৰৰ দৰে ভয়াবহ ৰোগত আক্ৰান্ত হ’ব পাৰে। প্লাষ্টিকৰ বেগ বা আৱৰ্জনাই ভূমিস্থল প্ৰদূষিত কৰে। প্লাষ্টিক আৱৰ্জনাৰ পৰা নিৰ্গত হোৱা ৰাসায়নিক দ্ৰব্য বা ক্লৰিণ জাতীয় পদাৰ্থ ভূমিৰ লগত মিহলি হৈ যায় আৰু ক্ৰমান্বয়ে ভূমিস্থলতে পানীৰ লগত মিহলি হৈ যায়। ইয়াৰ অতিমাত্ৰা কাৰণবশতঃ এদিন প্ৰমাণ হ’ব যে টেপৰ পানীতো বিষাক্ত ৰাসায়নিক দ্ৰব্য পোৱা গৈছে। জলস্থলৰ ক্ষেত্ৰত উল্লেখ কৰিব লাগিব যে দিনক দিনে প্লাষ্টিকৰ আৱৰ্জনা সাগৰ, নদী বা বিল আদিৰ পানীৰ লগত মিহলি হৈ আছে। জল-স্থলত থকা জীৱই ইয়াৰ কু-প্ৰভাৱ ভুগিব লগা হৈছে। জল-স্থলৰ জীৱই ভুলতে প্লাষ্টিকৰ আৱৰ্জনাৰ টুকুৰা খাদ্য হিচাপে গ্ৰহণ কৰিছে। এক কথাত ক’বলৈ হ’লে জীৱৰ খাদ্য-শৃংখলত প্লাষ্টিক সোমাই আছে।
     তথ্যভিত্তিক ব্যাখ্যাৰে উল্লেখ কৰিব লাগিব যে গোটেই বিশ্বত ১০ কোটি টন প্লাষ্টিকজাত সামগ্ৰী বছৰি ব্যৱহাৰ কৰা হয়। Municipal solid waste ৰ ভিতৰত প্লাষ্টিক হ’ল আয়তনত তৃতীয় বৃহৎ সংখ্যক। মোটামুটিকৈ, বিশ্বত বছৰি ১০,০০০ টন প্লাষ্টিকৰ আৱর্জনা সৃষ্টি হয়। ধাৰণা কৰা হৈছে, এই হাৰত প্লাষ্টিক ব্যৱহাৰৰ ফলত ২০৫০ চনত সাগৰ বা জল-স্থল মাছতকৈ বেছি প্লাষ্টিকেৰে ভৰি পৰিব। প্লাষ্টিকৰ পৰা সৃষ্টি হোৱা সমস্যা অকল ইমানেই নহয়। চহৰ অঞ্চলৰ জাবৰ নিষ্কাশন পদ্ধতিৰ অকৃতকাৰ্যতাৰ আন এটা কাৰণ হ’ল – জাবৰৰ লগত মিশ্ৰিত ৰূপত থকা প্লাষ্টিক। যাৰ ফলত জাবৰ পচন প্রক্রিয়াৰ বাবে ভূমি পূৰণ (land fill) কৰিব নোৱাৰি। প্লাষ্টিক মাটিত পুতিলে ভূমিস্থলৰ পানী পৰিবাহিত হোৱাত বাধা সৃষ্টি হয়। চহৰ অঞ্চলত প্লাষ্টিক নলাত পেলোৱা বাবে এজাক বৰষুণেই কৃত্ৰিম বানপানীৰ সৃষ্টি কৰে। প্লাষ্টিক জ্বলাই দিলে বিষাক্ত গেছ নিৰ্গিত হয়, যিয়ে আমাৰ বায়ুমণ্ডল প্ৰদূষিত কৰে৷ প্লাষ্টিকৰ ওপৰত চলিত বিধি “plastic waste management rules, 2016“ ৰ নিয়মাৱলী মানি চলিব লাগিব। এই নিয়মাৱলী মতে 50 micron thicknessৰ তলত থকা সকলো প্লাষ্টিকৰ বেগ অবৈধ। নাম বা লেবেলবিহীন সকলো প্লাষ্টিকৰ বেগেই অবৈধ আৰু যিকোনো দোকান বা ডীলাৰে এনেধৰণৰ বেগত সামগ্ৰী বিক্ৰী কৰিব নোৱাৰে। পাণ-মচলা, গোটকা আদি প্লাষ্টিকৰ সৰু পেকেটত বিক্রী কৰিব নোৱাৰে। খাদ্য জাতীয় সামগ্ৰী বিক্ৰীৰ বাবে virgin প্লাষ্টিকৰ বেগহে ব্যৱহাৰ কৰিব পাৰি। প্লাষ্টিকৰ বেগত চৰকাৰী নিয়ম মতে নিৰ্ধাৰিত নিৰ্দিষ্ট কেইবিধমান ৰঙহে থকাটো বাঞ্চনীয়। অবৈধভাৱে গোপন স্থানত প্লাষ্টিকৰ বেগ নিৰ্মাণ কৰা দৃষ্টিগোচৰ হ’লে বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰিব লাগে। কৰ্তৃপক্ষই তেনে কাৰ্যকলাপ বন্ধ কৰিব লাগে। কোনেও যাতে প্লাষ্টিক জ্বলাই নিদিয়ে তাৰ বাবে গাঁও পঞ্চায়ত বা পৌৰসভাই দৃষ্টি ৰাখিব লাগে। এই বিধি ভংগ কৰিলে উপযুক্ত আইনগত শাস্তি দিয়াৰ ব্যৱস্থাও আছে যদিও আমি দৰাচলতে দেখা পাওঁ এইবোৰ নিস্ফল হয়। 
   
          বিভিন্ন সামাজিক গোট আৰু সম্প্ৰদায়ৰ মানুহক এই দিৱসত জড়িত কৰাই তেওঁলোকক এই বিষয়ৰ সজাগতাৰ ক্ষেত্ৰত সক্ৰিয় নেতৃত্ব ল’বলৈ উৎসাহিত কৰি অহা হৈছে। পৰিৱেশৰ পৰা নেতিবাচক পৰিৱৰ্তনবোৰক বাধা দিয়া নিত্যান্তই দৰকাৰী। নিৰাপদ, পৰিচ্ছন্ন আৰু সমৃদ্ধিপূৰ্ণ ভৱিষ্যৎ এটা পাবৰ বাবে যে আমি আমাৰ চৌপাশ সুৰক্ষিত আৰু পৰিচ্ছন্ন কৰি ৰাখিব লাগে, সেই কথা সাধাৰণ মানুহৰ উপলব্ধিৰ মাজলৈ লৈ যোৱাটোও এই দিৱসৰ গুৰুত্বপূৰ্ণ লক্ষ্য হৈ পৰিছে, যাৰ ফলত বিশ্বৰ জনসাধাৰণে সুস্থ-সবল পৰিৱেশ নিৰ্মাণৰ প্ৰতি সচেতন হ’বলৈ আৰম্ভ কৰিছে।
ৰাষ্ট্ৰসংঘৰ দ্বাৰা নিৰ্ণীত একোটা বিশেষ বিষয়ক ভিত্তি কৰি প্ৰতি বছৰৰ বিশ্ব পৰিৱেশ দিৱস উদযাপনকৰা হয়, যাতে এই উদযাপনে অধিক মানুহক সামৰি লয় আৰু অধিক কাৰ্যকৰী হয়। বিশ্ব পৰিৱেশ দিৱসৰ এই বৰ্ষ (২০২১)ৰ মূলমন্ত্ৰ হ’ল— ‘পৰিৱেশ তন্ত্ৰৰ পুনৰুদ্ধাৰ’। এই মূলমন্ত্ৰৰ উদ্দেশ্য হ’ল বিশ্ব জুৰি প্ৰতিখন মহাদেশৰ, প্ৰতিখন মহাসাগৰৰ পৰিৱেশতন্ত্ৰৰ অৱক্ষয় প্ৰতিৰোধ কৰা, অৱক্ষয়ৰ গতিৰুদ্ধ কৰি পৰিৱশতন্ত্ৰৰ আমূল পৰিৱৰ্তন কৰা, যিয়ে দৰিদ্ৰতা নিৰ্মূল কৰিব, জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিব, যাৰ দ্বাৰা সামূহিক বিনাশ ৰুদ্ধ হ’ব। এই সফলতাৰ বাবে বিশ্বৰ প্ৰতিজন নাগৰিক এই মূলমন্ত্ৰৰ অংশীদাৰ হ’ব লাগিব। 
          
        জল প্ৰদূষণ, শক্তি প্ৰদূষণ, শব্দ প্ৰদূষণ, বায়ু প্ৰদূষণ আদি বিভিন্ন কাৰণত পৰিৱেশ বিনষ্ট হৈ আহিছে। পৰিৱেশ দূষিত হোৱাৰ লগতে গোলকীয় উষ্ণতা দিনক দিনে বৃদ্ধি পাই অহা, সাগৰৰ জলপৃষ্ঠ বাঢ়িবলৈ ধৰা, মেৰু অঞ্চলৰ অতৰ্কিতে বৰফ গলিবলৈ ধৰা ইত্যাদি বিভিন্ন কাৰণত প্ৰাকৃতিক দুৰ্যোগ যেনে: বানপানী, সাগৰীয় ধুমুহা আদি সঘনাই হ’বলৈ ধৰিছে। খনিজ সম্পদ দ্ৰুত আহৰণৰ ফলত অঞ্চল বিশেষে ভূ-গৰ্ভ ভাৰসাম্যহীন হৈ পৰিছে আৰু তাৰ পৰিণতিত ভূমিকম্প অহাৰ সম্ভাৱনা অধিক হৈ পৰিছে ৷ 
গাড়ী-মটৰ, কল-কাৰাখানা আদি উদ্যোগসমূহৰপৰা নিৰ্গত হোৱা গেছ বা ধোঁৱাই বায়ু প্ৰদূষণৰ সৃষ্টি কৰি আহিছে ৷ যাৰ ফলত শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ প্ৰাদুৰ্ভাৱ দিনক দিনে বৃদ্ধি পাইছে। কৃষি কাৰ্য্যতো কৃত্ৰিমভাৱে প্ৰস্তুত কৰা ৰাসায়নিক সাৰৰ প্ৰয়োগে মাটি, পানী, বায়ু সকলোতে প্ৰদূষণৰ সৃষ্টি কৰি আহিছে৷ কৃত্ৰিম সাৰ, কীটনাশক ঔষধৰ প্ৰয়োগে শস্য উৎপাদন বৃদ্ধি কৰিছে ঠিকেই, কিন্তু ইয়াৰ ফলত পৰিৱেশ আৰু মানৱৰ জীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে। বিশুদ্ধ পানীৰ অভাৱতো বেমাৰ-আজাৰ হৈ নিতৌ মানুহৰ মৃত্যু ঘটিছে৷ এক সমীক্ষা অনুসৰি ২০৫০ চনত সমগ্ৰ বিশ্বই তীব্ৰ জলসংকটৰ সন্মুখীন হ’বলগীয়া হ’ব৷ চৌদিশে পানীৰ নাটনিৰ বাবে হাঁহাকাৰ হ’ব৷ আমাৰ কৃতকৰ্মৰ পৰিণামস্বৰূপে আমাৰ ভৱিষ্যৎ প্ৰজন্মসকলে দুৰ্ভোগ ভুগিবলগীয়া হ’ব। পৰিৱেশ প্ৰদূষণৰ পৰা পৰিত্ৰাণ পাবলৈ হ’লে অৰণ্য সংৰক্ষণ কৰাটো অতি আৱশ্যকীয়৷ আদিৰে পৰা মানুহে গছ-গছনি তথা প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল হৈ আহিছে। কিয়নো অতীজতে আদিম মানৱে গছ-গছনিৰে ভৰা অৰণ্যৰ গুহা, পৰ্বত আদিতে বাস কৰি জীৱন-যাপন কৰিছিল৷ ফল-মূল খায়েই জীৱন ধাৰণ কৰিবলগীয়া হৈছিল৷ ৰোগ নিৰাময়ৰ বাবে গছৰপৰাই ঔষধ প্ৰস্তুত কৰিছিল। গছ কাটি ঘৰৰ আচ-বাব , ঘৰ নিৰ্মাণ, দলং নিৰ্মাণ কাৰ্যৰ বাবে বহুতো মূল্যৱান গছ কাটি পেলোৱা হৈছিল৷ ক’বলৈ গ’লে মানৱ সভ্যতাৰ উদ্ভৱ অৰণ্যতে গঢ়ি উঠিছিল। গছে আমাক বিশুদ্ধ বায়ু প্ৰদান কৰাৰ লগতে শীতল ছাঁ দিয়ে। গছ-গছনিৰ শিপাই ভূমি সংৰক্ষণ কৰি বানপানী ৰোধ কৰে। বৰষুণৰ ক্ষেত্ৰটো গছ-গছনিৰ যথেষ্ট অৰিহণা আছে ৷ গছ-গছনিয়ে বৰষুণৰ সহায়েৰে ধূলি-আৱৰ্জনাসমূহ আতঁৰাই পৃথিৱীখনক নিকা কৰি মানুহৰ বাসপযোগী কৰি ৰাখে৷ গছ-গছনি কাটি ধ্বংস কৰাৰ ফলত বৰষুণৰ পৰিমাণ হ্ৰাস হৈ মাটি টান হৈ খেতিৰ বাবে অনুপযোগী হৈ পৰে। কিন্তু অতি পৰিতাপৰ বিষয় যে ইমানখিনি উপকাৰ সাধনৰ বিনিময়ত মানুহে স্বাৰ্থপৰৰ দৰে বনাঞ্চলৰ গছ কাটি তহিলং কৰি “নিজৰ ভৰিত নিজেই কুঠাৰ মৰা” ৰ দৰে হৈছে। ক’ব নোৱাৰাকৈয়ে মানুহ পৰিৱেশৰ শত্ৰু হৈ পৰিছে৷ গছ-গছনি কাটি ধ্বংস কৰাৰ পৰিপ্ৰেক্ষিতত গছ-গছনিয়ে এৰি দিয়া অক্সিজেনৰ পৰিমাণ হ্ৰাস পাইছে৷ জীৱ-জন্তুৰ নিশ্বাসত কাৰ্বন-ডাই-অক্সাইড দ্ৰুতগতিত বৃদ্ধি পাব ধৰিছে৷ যাৰ ফলত বায়ুমণ্ডল দূষিত হৈ বিষাক্ত গেছেৰে ভৰি পৰিছে। ফলত মানুহৰ শ্বাস-প্ৰশ্বাসত ব্যাঘাত জন্মী শৰীৰ ৰুগীয়া কৰি তুলিছে৷ নিতৌ নতুন নতুন ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটিছে। অৰণ্যৰ ধ্বংসৰ ফলত বন্যপ্ৰাণীৰ আশ্ৰয়স্থল নাইকিয়া হৈ অহাত কেতিয়াবা বন্যজন্তু জনবসতি অঞ্চললৈ ওলাই আহি ত্ৰাসৰ সৃষ্টি কৰেহি৷ আনহাতে খাদ্য সংকটত পৰি বহু বন্যপ্ৰাণী পৃথিৱীৰপৰা লুপ্ত হৈ গৈছে। মানৱৰ কাৰ্য্যবোৰ নিজৰ বাবেই অভিশাপ হৈ পৰিছে, অথচ মানুহে বুজি উঠা নাই। 
         আমি আগতেই আলোচনা কৰি আহিছোঁ যে বিশ্ব পৰিৱেশ দিৱসৰ ২০২০ চনৰ বিষয়বস্তু আছিল “জৈৱ বৈচিত্ৰ্য উদযাপন কৰক” আৰু ২০২১ৰ বিষয়বস্তু হৈছে “পৰিস্থিতি তন্ত্ৰ পুনৰুদ্ধাৰ” (Ecosystem Restoration)।
পৰিস্থিতি তন্ত্ৰৰ পুনৰুদ্ধাৰ কৰাটো আমাৰ বহুতেই প্ৰয়োজন হৈ পৰিছে কিয়নো ই আমাৰ পৰিৱেশৰ ভাৰসাম্যতা ৰক্ষা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। পৰিস্থিতি তন্ত্ৰনো কি আমি আগতে জানি লোৱা ভাল। সহজ ভাষাত পৰিস্থিতিতন্ত্ৰ হৈছে জীৱ-জন্তুৱে ইটোৱে সিটোৰ লগত আৰু চাৰিওদিশৰ পৰিৱেশৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকি জীৱন অতিবাহিত কৰা যিকোনো ঠাই৷ পৰিস্থিতিতন্ত্ৰ এটাত সকলো জৈৱিক কাৰক অৰ্থাৎ সৰু-বৰ সকলোবোৰ জীৱ চাৰিওদিশৰ পৰিৱেশৰ অজৈৱিক কাৰক যেনে উষ্ণতা, আৰ্দ্ৰতা আদিৰ সৈতে পাৰস্পৰিকভাৱে নিৰ্ভৰশীল হৈ জীয়াই থাকে৷ জৈৱিক বা অজৈৱিক কোনো এটা অংশৰ সালসলনি হ’লে পৰিস্থিতিতন্ত্ৰৰ বাকী অংশবোৰতো ইয়াৰ প্ৰভাৱ পৰে৷ উদাহৰণস্বৰূপে, এটা পৰিস্থিতি তন্ত্ৰত উষ্ণতা বাঢ়িলে তাত থকা উদ্ভিদবোৰৰ বৃদ্ধি আৰু প্ৰজননত প্ৰভাৱ পৰে৷ ইয়ে আকৌ গৈ তেনে উদ্ভিদৰ ওপৰত নিৰ্ভৰশীল প্ৰাণীবোৰক প্ৰভাৱান্বিত কৰে৷ পৰিস্থিতিতন্ত্ৰ এখন অৰণ্যৰ দৰে বিশাল হ’ব পাৰে নাইবা এটা কণমাণি পুখুৰীৰ দৰে সৰুও হ’ব পাৰে৷ পৃথিৱীৰ সকলো ঠাই প্ৰকৃততে ইটোৱে সিটোৰ লগত সংযোজিত হৈ থকা অলেখ-অসংখ্য পৰিস্থিতিতন্ত্ৰৰ সমষ্টি৷ পৰিস্থিতিতন্ত্ৰবোৰ মানুহৰ বাবে অপৰিহাৰ্য্য কাৰণ প্ৰতিটো পৰিস্থিতিতন্ত্ৰই বিভিন্ন উপায়েৰে মানৱ সমাজক উপকৃত কৰে৷ আমি খোৱা পানী আৰু খাদ্য, উশাহত টানি লোৱা বায়ুৰ লগতে পৃথিৱীখন মানুহৰ বাবে বাসযোগ্য কৰি ৰখা সকলোখিনি পৰিস্থিতিতন্ত্ৰৰে অৱদান৷ শেহতীয়াকৈ মানুহৰ ধ্বংসাত্মক কাৰ্য্য কলাপৰ ফলত পৰিস্থিতিতন্ত্ৰৰ ভাৰসাম্যতা বিনষ্ট হৈছে৷ মাটি আৰু সাগৰৰ ব্যৱহাৰৰ পৰিৱৰ্তন , জীৱ-জন্তুৰ পোনপটীয়া শোষণ (exploitation) ,জলবায়ু পৰিৱৰ্তন , প্ৰদূষণ আদিয়ে বহুতো পৰিস্থিতিতন্ত্ৰক ধ্বংসৰ মুখলৈ ঠেলি দিছে৷ শেহতীয়াকৈ মুক্তি পোৱা ৰাষ্ট্ৰসংঘৰ এখন গুৰুত্বপূৰ্ণ প্ৰতিবেদনত প্ৰকাশ পাইছে যে মানৱ ইতিহাসত অভূতপূৰ্ব এক দ্ৰুত হাৰত প্ৰকৃতিৰ ধ্বংস হৈছে আৰু বিভিন্ন জীৱ বিলুপ্তিৰ পথত আগবাঢ়িছে৷ ৫০ খন দেশৰ ৩১০ গৰাকী বিজ্ঞানীয়ে বিশ্বৰ যোৱা পাঁচটা দশকৰ পৰিৱৰ্তনসমূহ অধ্যয়ন কৰি আগবঢ়োৱা এই আন্তঃৰাষ্ট্ৰীয় বিশ্লেষণত প্ৰকাশ পাইছে যে মানুহৰ ধ্বংসাত্মক কাৰ্য্যৰ ফলত সমগ্ৰ বিশ্বৰে ৭৫ শতাংশ ভূখণ্ড আৰু ৬৬ শতাংশ সাগৰীয় অঞ্চল ক্ষতিগ্ৰস্ত হৈছে আৰু ৮৫ শতাংশৰো অধিক জলাশয় নোহোৱা হৈছে৷ তেনেদৰে ১৯৮০ চনৰ পৰা বৰ্তমানলৈ প্লাষ্টিকৰ প্ৰদূষণ দহগুণ বৃ্দ্ধি পাইছে৷ বছৰি ৩০০-৪০০ মিলিয়ন টন প্লাষ্টিক, ৰাসায়নিক সাৰ আদি বিষাক্ত পদাৰ্থ সাগৰত পেলোৱাৰ ফলত বহুতো মৃত সাগৰীয় অঞ্চল (dead zone) সৃষ্টি হৈছে৷ এই অঞ্চলবোৰৰ মুঠ মাটিকালি অসমৰ ভূ-খণ্ডৰ প্ৰায় তিনিগুণ (২,৪৫,০০০ বৰ্গ কিলোমিটাৰ)৷ বিশ্লেষণটোত লগতে ধৰা পৰিছে যে যোৱা ত্ৰিশ বছৰে প্ৰতিটো দশকতে পৃথিৱীৰ গড় উষ্ণতা ০.২ ডিগ্ৰী ছেলছিয়াছকৈ বৃদ্ধি পাই আহিছে৷ পৰিস্থিতি তন্ত্ৰৰ এই সংকটৰ ফলতেই প্ৰায় এক মিলিয়ন অৰ্থাৎ দহ লাখ উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতি সংকটৰ গৰাহত পৰিছে৷ এই ধ্বংসাত্মক কাৰ্য্যসমূহ অনতিপলমে বাধা দিব নোৱাৰিলে মানৱ সমাজৰ ওপৰত ইয়াৰ অতি বিপদজনক প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে৷ সেই গতিকে আমি পৰিস্থিতি তন্ত্ৰ পুনৰুদ্ধাৰ কৰাৰ বদ্ধপৰিপক্ক হ'ব লাগিব। পৰিস্থিতিতন্ত্ৰবোৰ জটিল, ঠাইবিশেষে পৰিস্থিতিতন্ত্ৰও ভিন্ন৷ গতিকে পৰিস্থিতিতন্ত্ৰৰ পুনৰুদ্ধাৰৰ প্ৰক্ৰিয়াও ঠাই আৰু সেই ঠাইৰ প্ৰত্যাহ্বান লৈ বেলেগ বেলেগ হ’ব পাৰে৷ এইবাবেই ৰাষ্ট্ৰসংঘই শেহতীয়াকৈ সকলো পৰ্য্যায়ৰ সচেতন নাগৰিক, সংগঠন তথা চৰকাৰৰ বাবে বিশেষভাৱে সহায়ক হোৱাকৈ বিভিন্ন পৰিস্থিতিতন্ত্ৰ পুনৰুদ্ধাৰৰ এক নিৰ্দেশনা প্ৰস্তুত কৰি উলিয়াইছে। এই নিৰ্দেশনাত পৰিস্থিতিতন্ত্ৰৰ ক্ষতি ৰোধ কৰিবলৈ দৰকাৰী পদক্ষেপসমূহৰ বিশদ আলোচনা কৰা হৈছে৷ ৰাষ্ট্ৰসংঘৰ নিৰ্দেশনাত উল্লিখিত মূল পৰিস্থিতিতন্ত্ৰবোৰ হৈছে- অৰণ্য, পৰ্বত, তৃণভূমি, জলাশয়, কৃষিভূমি আৰু নগৰ অঞ্চল৷ পৃথিৱীৰ প্ৰায় এক শতাংশ নগৰ অঞ্চল কিন্তু এই নগৰসমূহতে বৰ্তমান মুঠ জনসংখ্যাৰ অৰ্ধাংশ লোকে বসবাস কৰে৷ বৃহৎ নগৰ আৰু টাউন এলেকাবোৰক বহুতে প্ৰাকৃতিক মৰুভূমি (ecological deserts) বুলি আখ্যা দিয়ে কিন্তু এনে অঞ্চলৰো পৰিৱেশ পুনৰুদ্ধাৰ কৰাৰ থল আছে৷ কংক্ৰীটৰ অৰণ্য, যান-বাহনৰ ভিৰৰ মাজতো নগৰীয়া অঞ্চলবোৰে আমাৰ জীৱন-ধাৰণ স্বাস্থ্যকৰ কৰি তুলিব পাৰে৷ নগৰসমূহ মূলত ক্ষতিগ্ৰস্ত হৈছে প্ৰদূষণ আৰু অস্বাস্থ্যকৰ-অপৰিষ্কাৰ পৰিৱেশেৰে৷ ইয়াৰ পুনৰুদ্ধাৰৰ বাবে পথৰ আশে-পাশে স্থানীয় উদ্ভিদ ৰোপন আৰু প্ৰতিপালন কৰি আৰু সৰু-বৰ সেউজ উদ্যান আদি গঢ়ি তুলি এটা সুস্থ পৰিৱেশ গঢ়াত অৰিহণা যোগাব পাৰে৷ তেনেদৰে প্লাষ্টিকৰ ব্যৱহাৰ পৰিহাৰ কৰি চলিলে এনে আৱৰ্জনাই প্ৰদূষণ কৰাৰো সম্ভাৱনা কমি যায়৷ তাৰোপৰি স্থানীয় সচেতন মহলে পৌৰনিগমৰ সৈতে লগ লাগি নলা-নৰ্দমাবোৰ পৰিষ্কাৰ কৰাৰ ব্যৱস্থা কৰিব পাৰে৷ আমাৰ চাৰিওকাষৰ বিভিন্ন পৰিস্থিতিতন্ত্ৰই বহুতো উপায়েৰে আমাৰ দৈনন্দিন জীৱন সুচল কৰি তুলিছে, আমাৰ স্বাস্থ্য আৰু কল্যান সুনিশ্চিত কৰি ৰাখিছে৷ গতিকে মানৱ জাতি তিষ্ঠি থাকিবৰ বাবেই মানুহে প্ৰাকৃতিক পৰিৱেশ আৰু জীৱকুলৰ ভাৰসাম্যতা ৰক্ষা কৰাৰ অতিকৈ প্ৰয়োজন৷ কিন্তু এই সকলোবোৰ উপযোগিতা বিনামূল্যেই বা অযাচিতেই পাই অহাৰ বাবেই হয়তো মানুহে প্ৰকৃতি বিনষ্ট কৰাৰ আগতে এবাৰ ভাৱি চোৱাৰ অৱকাশ নোলায়৷ এইপথতে একেগতিৰে আগবাঢ়ি গৈ থাকিলে মানৱজাতিয়ে নিজৰে কৃতকৰ্মৰ ফল বৰ্তমানতকৈও ভয়াবহভাৱে ভুগিবলৈ সাজু হ’ব লাগিব৷ আমাৰ জীৱন-ধাৰণৰ বাবে অপৰিহাৰ্য্য খাদ্য আৰু স্বাস্থ্যৰ ওপৰতে ইয়াৰ সকলোতকৈ গম্ভীৰ প্ৰভাৱ পৰিব৷ ক’ৰনা ভাইৰাছ ৰোগৰ প্ৰাদুৰ্ভাৱ আৰু ইয়াৰ পৰা হোৱা ব্যাপক ক্ষতিয়ে পুনৰবাৰ আমাক সোঁৱৰাই গৈছে যে, প্ৰাকৃতিক পৰিৱেশ ধবংসই মানৱজাতিৰ অস্তিত্ব ৰক্ষা কৰি থকা প্ৰক্ৰিয়াটোকে ধবংস কৰে৷ প্ৰকৃতিয়ে মানৱসমাজলৈ প্ৰেৰণ কৰা এই বাৰ্তাই আমাক সকলোকে জাগ্ৰত কৰি তোলক৷ বিশ্ব পৰিৱেশ দিৱস মাথোঁ এটা দিৱস নহওক, ই হওক পৰিৱেশ পুনৰুদ্ধাৰৰ এক দৃঢ় সংকল্প৷ এয়াই সকলোৰে প্ৰতি সময়ৰ আহ্বান।  
             পৰিৱেশ প্ৰদূষণৰ আন দিশ সমূহতো আমি গুৰুত্ব আৰোপ কৰিবলৈ প্ৰয়োজনীয়তা আছে। 
অত্যধিক ব্যৱহাৰ, খহনীয়া, অতিৰিক্ত সাৰ আৰু কীটনাশকে বহুতো কৃষিভূমি পৰিশ্ৰান্ত কৰি তুলিছে। সেইবোৰ পুনৰুদ্ধাৰ কৰাৰ উপায়বোৰৰ ভিতৰত আছে – খেতি হ্ৰাস কৰা, অত্যধিক ৰাসায়নিক সাৰ আৰু কীটনাশকৰ ব্যৱহাৰ নিয়ন্ত্ৰণ কৰা, আৰু ভিন্ন প্ৰজাতিৰ উদ্ভিদকে ধৰি অধিক বৈচিত্ৰ্যপূৰ্ণ শস্যৰ খেতি কৰা। এই পদক্ষেপবোৰে মাটিত কাৰ্বন (Carbon) ভঁড়ালবোৰ পুনৰ নিৰ্মাণ কৰিব পাৰে, যাৰ ফলত সেইবোৰ অধিক উৰ্বৰ হৈ পৰে; ফলত দেশবোৰে ভূমিৰ অত্যধিক ব্যৱহাৰ নকৰাকৈ তেওঁলোকৰ বৰ্ধিত জনসংখ্যাক খাদ্যৰ যোগান ধৰিব পাৰে। কৃষিভূমিৰ পুনৰুদ্ধাৰে বন্যপ্ৰাণীৰ বাবেও বাসস্থান সৃষ্টি কৰে। ভূমি আৰু সম্পদৰ বাবে মানৱৰ লোভ পৰিতৃপ্ত কৰিবলৈ অৰণ্য আৰু হাবিবোৰ ধ্বংস কৰা হৈছে। বিভিন্ন কাৰক, যেনে কাঠৰ ব্যৱহাৰ, খৰি, প্ৰদূষণ, অনিষ্টকাৰী কীট আৰু বনজুইয়ে অতিৰিক্ত ক্ষতি সাধন কৰিছে। বন পৰিৱেশতন্ত্ৰ পুনৰুদ্ধাৰ কৰাৰ অৰ্থ হৈছে বনাঞ্চলত পুনৰ গছ ৰোপণ কৰা আৰু চাপ হ্ৰাস কৰা, যাতে গছবোৰৰ প্ৰাকৃতিকভাৱে পুনৰ বৃদ্ধি হয়। খাদ্য প্ৰণালীবোৰ বনৰ ক্ষতিৰ এক মুখ্য চালক। মানুহে কেনেদৰে বিকশিত হয় আৰু খাদ্য গ্ৰহণ কৰে তাক পুনৰ বিবেচনা কৰিলে অৰণ্যৰ ওপৰত চাপ হ্ৰাস কৰাত সহায়ক হ’ব পাৰে। অৱনমিত আৰু অব্যৱহৃত কৃষিভূমি বন পুনৰুদ্ধাৰৰ বাবে আদৰ্শ ক্ষেত্ৰ হ’ব পাৰে। ব্যস্ত খেতিপথাৰ আৰু গাৱঁৰ অন্তৰ্ভুক্ত বননিসমূহ পৰিচৰ্যা কৰি এই কাৰ্যত অগ্ৰসৰ হ’ব পৰা যায়। সুৰক্ষিত আৰু প্ৰচুৰ পানীৰ ব্যৱহাৰ এতিয়া ক্ৰমশঃ এক বিলাসিতা ৰূপে পৰিগণিত হৈছে। প্ৰদূষণ, অত্যধিক মাছ ধৰা আৰু আন্তঃগাঁথনিৰ লগতে জলসিঞ্চন, উদ্যোগ আৰু ঘৰৰ বাবে অতিৰিক্ত পানী আহৰণৰ ফলত অলুণীয়া পানীৰ পৰিৱেশতন্ত্ৰ বিঘ্নিত হৈছে। ইয়াৰ পুনৰুদ্ধাৰৰ অৰ্থ হৈছে প্ৰদূষণ বন্ধ কৰা, আৱৰ্জনা হ্ৰাস কৰা আৰু শোধন কৰা, পানী আৰু মাছৰ চাহিদা নিয়ন্ত্ৰণ কৰা, আৰু জলপৃষ্ঠৰ ওপৰৰ তথা তলৰ গছ-গছনি পুনৰুজ্জীৱিত কৰা। ঘাঁহনি আৰু তৃণভূমিসমূহৰ অত্যধিক ব্যৱহাৰ আৰু ক্ষয়, কৃষিভূমিলৈ ৰূপান্তৰণ আৰু হানিকাৰক প্ৰজাতিৰ তৃণ আদিৰ দ্বাৰা ক্ষতিগ্ৰস্ত হৈছে। মানুহে অলাগতিয়াল গছ-গছনি পৰিষ্কাৰ কৰি আৰু স্থানীয় ঘাঁহ পুনৰ সংযোজন কৰি এইবোৰৰ প্ৰত্যাৱৰ্তনত সহায় কৰিব পাৰে। হেৰুওৱা উদ্ভিদ আৰু প্ৰাণীবোৰ পুনৰ প্ৰতিষ্ঠা নোহোৱালৈকে পুনঃসংস্থাপন আৰু সুৰক্ষিত কৰিব ৰাখিব পাৰি। এই পৰিৱেশতন্ত্ৰবোৰ স্থিৰভাৱে পৰিচালনা কৰাৰ পৰিকল্পনাত পশুপালক আৰু অন্যান্য ব্যৱহাৰকাৰী সকলে এটা ডাঙৰ ভূমিকা ল’ব পাৰে। পাহাৰীয়া অঞ্চলৰ ভূমি খেতি বা ঘৰ সজাৰ বাবে ব্যৱহাৰ কৰিলে বিপজ্জনক খহনীয়া আৰম্ভ হ’ব পাৰে আৰু এইবোৰ অঞ্চলৰ নদীবোৰ উৎসতে প্ৰদূষিত হ’ব পাৰে। বৰ্ধিত উষ্ণতাই প্ৰজাতি, পৰিৱেশতন্ত্ৰ আৰু তাত বসবাস কৰা লোকসকলক খাপ খুৱাই সহবাস কৰিবলৈ বাধ্য কৰিছে। অৰণ্য পুনৰুজ্জীৱিত কৰাৰ লগতে হিমস্খলন, ভূমিস্খলন আৰু বানপানীৰ বিৰুদ্ধে এইবোৰে প্ৰদান কৰা সুৰক্ষা পুনৰুদ্ধাৰ কৰি এই প্ৰৱণতাৰ প্ৰতিৰোধ কৰিব পাৰি। বিষয়াসকলে নদী আৰু অন্যান্য বাসস্থান খণ্ডিত হোৱা পৰিহাৰ কৰিবলৈ বান্ধ আৰু ৰাস্তাৰ পৰিকল্পনা কৰিব পাৰে। জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত কৃষি-বনৰ দৰে কৃষি কৌশল অধিক স্থিতিস্থাপক ৰূপে পৰিগণিত হ’ব পাৰে।
      সামুদ্ৰিক পৰিৱেশতন্ত্ৰবোৰ প্ৰদূষণ, জলবায়ু পৰিৱৰ্তন আৰু অত্যধিক শোষণৰ দ্বাৰা ধ্বংসৰ সন্মুখীন হৈছে। কিন্তু তাৰ সমাধান বিপদাশংকাৰ দৰেই সহজ। চৰকাৰ আৰু জড়িত সম্প্ৰদায়বোৰে মাছ ধৰা আৰু মেংগ্ৰোভ(mangroves) সংগ্ৰহ প্ৰক্ৰিয়া অধিক বহনক্ষম কৰি তুলিব পাৰে। তেওঁলোকে নৰ্দমা আৰু অন্যান্য আৱৰ্জনা সঠিকভাৱে শোধন আৰু প্লাষ্টিকৰ আৱৰ্জনা পানীত প্ৰৱেশ কৰাটো বন্ধ কৰিব পাৰে। প্ৰবাল প্ৰাচীৰ (coral reefs), মেংগ্ৰোভ আৰু সাগৰীয় ঘাঁহবোৰ সাৱধানে প্ৰতিপালন আৰু সক্ৰিয়ভাৱে পুনৰুদ্ধাৰ কৰিব লাগিব যাতে মহাসাগৰে বিশ্বব্যাপী কৌটি কৌটি জনতাক প্ৰদান কৰা জীৱিকাৰ সমৰ্থন অব্যাহত ৰাখিব পাৰে।
চহৰ আৰু চহৰীয়া অঞ্চলসমূহ ক্ৰমান্বয়ে মৰুভূমিৰ দৰে লগা হৈ গৈছে। ঘৰ, ৰাস্তা আৰু কাৰখানাৰ মাজত গছ-গছনিৰ বাবে মাথোঁ সামান্য ঠাইহে আছে। আৱৰ্জনা আৰু প্ৰদূষণে জলপথ, মাটি আৰু বায়ুক বিপদত পেলায়। কিন্তু নগৰ অঞ্চলবোৰৰ পুনৰুদ্ধাৰৰ বিশাল সম্ভাৱনা আছে। নাগৰিক গোট আৰু পৌৰ কৰ্তৃপক্ষই জলপথ পৰিষ্কাৰ কৰিব পাৰে, মৌমাখি-অনুকূল উদ্ভিদ বিকশিত হ’বলৈ দিব পাৰে আৰু উদ্যান, বিদ্যালয় আৰু অন্যান্য ৰাজহুৱা স্থানত নগৰীয়া বনানী আৰু অন্যান্য বন্যপ্ৰাণীৰ বাসস্থান সৃষ্টি কৰিব পাৰে। চহৰসমূহত ঘাঁহনি বাঢ়িবলৈ দিলে প্ৰকৃতি উন্নীত হোৱাৰ সম্ভাৱনা বাঢ়ি যায়। সছিদ্ৰ ফুটপাথ আৰু নগৰীয়া আৰ্দ্ৰ-ভূমিয়ে বানপানী আৰু প্ৰদূষণৰ পৰা সুৰক্ষা দিয়ে। দূষিত ঔদ্যোগিক এলেকাবোৰ পুনৰ্বাসিত কৰিব পাৰি, আৰু প্ৰকৃতি আৰু মনোৰঞ্জনৰ স্থানলৈ পৰিৱৰ্তন কৰিব পাৰি। 

        আমি মানৱ সমাজে বিশ্ব পৰিৱেশ দিৱসৰ অন্যতম মাত্ৰা প্ৰদান কৰি পৰিৱেশ সংৰক্ষণ কৰিবলৈ উদ্যত হ'ব লাগিল। পৰিৱেশ আমাৰ বাবে আৰু আমিও পৰিৱেশৰ বাবে গতিকে দৃঢ় সংকল্প কৰি আমি পৰিৱেশ ৰক্ষা কৰাত মনোনিৱেশ কৰিব লাগিব। পৰিৱেশ তন্ত্ৰটো যিমানেই সুস্থ হ'ব সিমানেই মানৱ সভ্যতা সুস্থ হ'ব। বায়ু প্ৰদূষণ , পানী প্ৰদূষণ ইত্যাদি আমি নিয়ন্ত্ৰণ কৰিব লাগিব। কল-কাৰখানাবোৰে এই প্ৰদূষণ হোৱাত বিশেষ ভূমিকা পালন কৰে। গতিকে এখন ঠাইত সুস্থ পৰিৱেশ পোৱাৰ অৰ্থে আমি কল-কাৰখানা স্থাপনত লক্ষ্য কৰিব নালাগিব। এইবোৰ আমাৰ দৈনন্দিন জীৱনত প্ৰয়োজনীয় যদিও এইবোৰ আমি প্ৰত্যাহাৰ কৰিব লাগিব। প্ৰকৃতিক ইমানো ব্যৱহাৰ কৰিব নালাগে যাতে ই ধ্বংস হয়। অনিয়ন্ত্ৰিত হাৰত বাঢ়িবলৈ ধৰিছে কাৰ্বন-ডাই-অক্সাইড গেছ। কিয়নো গছ গছনি কাটি পেলোৱাৰ ফলত গছে এই গেছ গছে শোষণ কৰিব পৰা নাই পৰিণামস্বৰূপে এই গেছ পৃথিৱী পৃষ্ঠত বাঢ়ি গৈছে আৰু ই গোলকীয় উষ্ণতা বৃদ্ধিত ইন্ধন হৈ পৰিছে। আমাৰ মানৱ সমাজত বহুতে ইয়াক লক্ষ্য কৰি ঘৰে-ঘৰে ফুল অথবা ফলৰ গছ , মূল্যৱান গছ ৰোপণ কৰে আনহাতে একাংশই ৰোৱাৰ পৰিবৰ্তে গছবোৰ কাটি মাথোঁ নিজ স্বাৰ্থ সাধন কৰাটোৱেই শ্ৰেয়স বুলি ভাবে। ই এটা সমাজৰ ফোপোলা স্বৰূপ। বৰ্তমান অসমত বানৰ বিভীষিকাময় অৱস্থা যদিও ইয়াৰ মূল উৎস আমাৰ মানৱ সমাজ। নগৰ অঞ্চলত কৃত্ৰিম বান আৰু গাঁৱে-ভুয়ে অকৃত্ৰিম বান কিন্তু দুয়োটাতেই বহু পৰিমাণে মানুহ জড়িত হৈ আছে। কৃত্ৰিম বান অকৃত্ৰিম মানৱৰ দান। জাৱৰ-জোথঁৰ পেলোৱাত মানুহে কেতিয়াও ইতস্ততঃবোধ নকৰে আকৌ বান আহিলে চৰকাৰক দুখে। অসমৰ বানপানী এটা বৰ ডাঙৰ সমস্যা। ইয়াক ৰোধ কৰিবলৈ আমি একেলগে চৰকাৰৰ লগত যোগ দিব লাগিব। যি কি নহওঁক , পৰিৱেশ দিৱসক আমি বেছি গুৰুত্ব আৰোপ কৰিব লাগিব। পৰিৱেশ দিৱসৰ উপলক্ষ্যে বহু ঠাইত বহু অনুষ্ঠান উদযাপন কৰা হয় , ইয়াৰ সজাগতা বৃদ্ধিৰ বাবে। আমি পণবদ্ধ হ'ব লাগিব আজিৰ বাবে নহয় দৈনন্দিনৰ বাবে, কাৰণ পৰিৱেশ আমাৰ সদায়েই এটা গুৰুত্বপূৰ্ণ অংশ। ই নাথাকিলে আমিও নাথাকো, ই আমাৰ প্ৰাণৰ স্পন্দন, ই আমাৰ বাহ্যিক ও আভ্যন্তৰীণ হৃদযন্ত্ৰ। 
    আমাৰ দৈনন্দিন জীৱনত প্লাষ্টিক ব্যৱহাৰে অনাগত দিনত ভয়ঙ্কৰ বিপদৰ সৃষ্টি কৰিব পাৰে ৷ সেয়েহে প্লাষ্টিক প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ পলিথিন বা প্লাষ্টিক সামগ্ৰীসমূহ বৰ্জন কৰা নিত্যান্তই আৱশ্যক। যিহেতু প্লাষ্টিক সামগ্ৰীসমূহ সহজে পচি নাযায়, সেয়ে পৰাপক্ষত যিমান পাৰি এই সামগ্ৰীবোৰ ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকিব লাগে। বজাৰ-সমাৰ কৰোঁতে প্লাষ্টিক বেগৰ সলনি আমি মৰাপাটৰ বা কাপোৰৰ মোনা আদিহে ব্যৱহাৰ কৰা উচিত। দোকানতো পলিথিনৰ সলনি কাগজৰ ঠোঙা আদি ব্যৱহাৰ কৰিব লাগে। লগতে প্ৰদুষণকাৰী যান-বাহনবোৰ নিয়ন্ত্ৰণ কৰাটো অতি জৰুৰী। পৰিৱেশ সুস্থ কৰি ৰাখিবলৈ ঘৰৰ চৌপাশ পৰিষ্কাৰ-পৰিছন্নকৈ ৰখাটো আমাৰ এক প্ৰধান কৰ্তব্য। বিভিন্ন সময়ত বিভিন্ন পণ্ডিত, বিজ্ঞানী, চিন্তাশীল ব্যক্তিসকলে ভৱিষ্যতৰ পৃথিৱীখনক লৈ শংকিত হৈ ভৱিষ্যতবাণী শুনাই আহিছে। সেই ভৱিষ্যতবাণীলৈ কৰ্ণপাত কৰিবলৈ আজি আমাৰ সময় নাই। বৰ্তমান ইণ্টাৰনেটৰ যুগত আমি সকলো যেন এক যন্ত্ৰলৈ পৰিৱৰ্তিত হৈছো। সাম্প্ৰতিক প্ৰতিযোগিতাৰ দৌৰত সন্তানৰ উজ্জ্বল ভৱিষ্যতৰ কথা চিন্তা কৰি সন্তানক প্ৰতিদ্বন্দিতাৰ দৌৰত দৌৰাই ফুৰিছো৷ কেনেকৈ প্ৰতিযোগিতাৰ দৌৰত আনক চেৰাই শীৰ্ষত অৱস্থান কৰিব পাৰি তাকেই শিক্ষা দিছোঁঁ৷ কিন্তু পৰিৱেশ আৰু জলবায়ু সন্তুলিত কৰি ৰাখিবলৈ গছ পুলি এটা ৰুবলৈ আমি আমাৰ সন্তানক কিমানে উৎসাহিত কৰিছোঁ বাস্তৱিকতে সেইটোহে লক্ষণীয়। বৰ্তমান আধুনিকতাৰ ধামখুমীয়াত আত্মকেন্দ্ৰিক চিন্তাত নিমজ্জিত হৈ আজিৰ মানুহে স্বাৰ্থপৰৰ দৰে দূৰ ভৱিষ্যতে নিজৰ সন্তানক কেনেকৈ সুখত ৰাখিব পাৰি, ভৱিষ্যতৰ দিনলৈ অৰ্থসংকটত নপৰাকৈ কেনেকৈ এটা লাহ-বিলাসৰ জীৱন দিব পাৰি তাৰ বাবে নৈতিকতা, মানৱতাক জলাঞ্জলি দি ধন ঘটাৰ চিন্তা কৰিব পাৰিছে৷ আজিৰ অভিভাৱকে লাখ লাখ টকাৰে সন্তানক পঢ়ুৱায় সন্তানৰ কেৰিয়াৰ গঢ়াত মনোনিৱেশ দিছে ঠিকেই, কিন্ত সন্তানসকলক এখন সুৰক্ষিত, প্ৰদূষণমুক্ত বাসোপযোগী পৃথিৱী কেনেকৈ দি যাব পাৰি, সেইটোহে চিন্তা কৰিবলৈ কাৰো আহৰি নাই। আমি গভীৰভাৱে ভাবি চোৱা উচিত যদি পৃথিৱীখনে ভাৰসাম্যই হেৰুৱাই নিশ্চিহ্ন হৈ যায়, তেন্তে সন্তানলৈ এসোপামান ধন ঘটি সম্পত্তিৰ পাহাৰ গঢ়ি থৈ যোৱাৰ অৰ্থয়েই বা কি ? এচাম দুৰ্নীতিপৰায়ণ স্বাৰ্থলোভীয়ে আজিও চোৰাং ভাৱে গছ কাটি প্ৰকৃতিক ধ্বংসৰ গৰাহলৈ ঠেলি অসৎ উপায়েৰে ধন ঘটি আছে। আমি ভালকৈ উপলদ্ধি কৰা উচিত ভৱিষ্যৎ প্ৰজন্মই নিৰোগী হৈ সুস্থিৰে জীৱন-যাপন কৰিবলৈ প্ৰকৃততে কিহৰ প্ৰয়োজন ? কিন্তু তাৰ মাজতে প্ৰকৃতিক নিঃস্বাৰ্থভাৱে ভাল পোৱা লোকো আমাৰ মাজত এতিয়াও আছে৷ তাৰ এক জ্বলন্ত নিদৰ্শন আমাৰ অসমৰ “অৰণ্য মানৱ” যাদৱ পায়েং ডাঙৰীয়া। যিয়ে নিজৰ একক প্ৰচেষ্টাৰে পৰিৱেশ সুৰক্ষাৰ অৰ্থে প্ৰদূষণ ৰোধ কৰা উদ্দেশ্যে অৰণ্য সৃষ্টি কৰি এখন সুন্দৰ ,সেউজীয়া প্ৰদুষণমুক্ত পৃথিৱী উপহাৰ দিবলৈ প্ৰয়াস কৰা প্ৰচেষ্টাই এক বিৰল আদৰ্শৰ উৎকৃষ্ট নিদৰ্শন। তেওঁৰ আদৰ্শক অনুসৰণ কৰি আমি আগবাঢ়িলে ভৱিষ্যৎ প্ৰজন্মই নিশ্চয় এখন সুৰক্ষিত বাসোপযোগী পৃথিৱী লাভ কৰিবলৈ সক্ষম হ’ব। পূৰ্বৰে পৰা উন্নত দেশসমূহে পৰিৱেশ সুৰক্ষিত কৰি ৰাখিবলৈ কেতবোৰ ব্যৱস্থা গ্ৰহণ কৰি আহিছে। অলপতে পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত ফিলিপাইনছৰ নতুনকৈ প্ৰৱৰ্তিত আইনখনে এক অভূতপূৰ্ব চৰ্ত আৰোপ কৰিছে৷ এই চৰ্ত অনুসৰি ফিলিপাইনছৰ কলেজীয়া শিক্ষাৰ্থীসকলে স্নাতক ডিগ্ৰী লাভ কৰাৰ পূৰ্বে অন্ততঃ দহজোপা গছপুলি ৰোপণ কৰিব লাগিব। নিঃসন্দেহে ই এক সুন্দৰ আদৰণীয় পদক্ষেপ। পৰিৱেশ সুৰক্ষিত কৰি ৰাখিবলৈ সমাজৰ সকলো শ্ৰেণীকে সজাগ কৰি তুলিব লাগিব৷ জনসাধাৰণৰ সচেতনতা অবিহনে পৰিৱেশ সুৰক্ষা নিষ্ফল।

পৰিৱেশ সংৰক্ষণত বহুতো আন্দোলন গঢ়ি উঠিছিল।
এই ক্ষেত্ৰত উত্তৰ প্ৰদেশৰ গাঢ়োৱাল অঞ্চলৰ আদিবাসীসকলে পৰিৱেশ সংৰক্ষণৰ সুৰক্ষাৰ বাবে দাঙি ধৰা দৃষ্টান্ত আশ্চৰ্যজনক তথা আদৰণীয়। গাঢ়োৱাল অঞ্চলত ’ৰেণী’ নামে গাঁও এখনৰ নাতিদূৰৈত থকা বনাঞ্চল এখনত এজন ঠিকাদাৰে চৰকাৰৰ অনুজ্ঞা-পত্ৰ লৈ গছ কাটিবলৈ মানুহ লগাইছিল৷ গৌৰী নামৰ মহিলা এগৰাকীৰ নেতৃত্বত কেইবাগৰাকীও মহিলাই সহযোগ কৰি গছ কটাৰ তীব্ৰ প্ৰতিবাদ কৰে। ঠিকাদাৰৰ মানুহে মহিলাসকলৰ প্ৰতিবাদক উপেক্ষা কৰি গছ কাটিবলৈ ধৰে৷ উপায়ান্তৰ হৈ প্ৰত্যেকগৰাকী মহিলাই একোডালকৈ গছক দুহাতেৰে সাবটি ধৰি ৰক্ষা কৰিবলৈ চেষ্টা কৰে। এই খবৰ পাই দাঁতিকাষৰীয়া কেইবাখনো গাঁৱৰপৰা বহুতো পুৰুষ-মহিলা ওলাই আহি গছ কটা কাৰ্য্যত বাধা প্ৰদান কৰি তীব্ৰ আন্দোলন কৰিছিল৷ ৰাইজৰ প্ৰবল হেঁচাত ঠিকাদাৰে গছ কটা অভিযান বন্ধ কৰি পিছ হুঁহুকিবলৈ বাধ্য হৈছিল। হিন্দী ভাষাত চিপ্‌কো মানে সাবটি ধৰা। গছ সাবটি ধৰি অৰণ্য ৰক্ষণাবেক্ষণ দিয়া বাবে এই আন্দোলন “চিপকো আন্দোলন” নামেৰে জনাজাত হ’ল। এই আন্দোলনৰ দ্বাৰা পৰিৱেশ সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ ওপৰত প্ৰচাৰ চলোৱা হ’ল৷ পৰৱৰ্তী দিনত এই আন্দোলনেই অৰণ্য সুৰক্ষা আন্দোলন হিচাপে গঢ়ি উঠিছিল৷ পৰিৱেশ সংৰক্ষণ আৰু সুৰক্ষিত কৰি ৰাখিবলৈ বৰ্তমান এনে আন্দোলনৰ খুবেই প্ৰয়োজন আছে। বৰ্তমান সুস্থ পৰিৱেশত এই ধৰাত বৰ্তি থাকিবলৈ সকলো বনজ সম্পদ সংৰক্ষণ কৰা অতিকে প্ৰয়োজন হৈ পৰিছে। আহক ভৱিষ্যৎ প্ৰজন্মৰ স্বাৰ্থত এখন সেউজীয়া পৃথিৱীৰ গঢ়াৰ সপোন বাস্তৱিত কৰিবলৈ চৌপাশৰ পৰিৱেশ সুৰক্ষিত কৰি এক স্বচ্ছ পৰিৱেশ গঢ়ি তুলিবলৈ সচেতন নাগৰিক হিচাপে আমি বদ্ধপৰিকৰ হওঁ।
শেষত এশাৰী কবিতাৰে প্ৰৱন্ধটি সামৰণি মাৰিলো :-

“ হে মোৰ জীৱশ্ৰেষ্ঠ মানৱ জাতি,
প্ৰকৃতিক সংৰক্ষণ কৰা,
আই ধৰিত্ৰী ৰুগ্নাৱস্থাত
তুমি আই মাতৃক ৰক্ষা কৰা..! ”


সুশান্ত দাস।
ঠিকনা: বলিয়াঘাট তিনি আলি, গৌৰীসাগৰ।
জিলা: শিৱসাগৰ।।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)