আঘোণ - নৱজিৎ নাথ

আঘোণ এটি মাহ মাথোঁ,
কৃষকৰ আশাৰ প্ৰাপ্তি আৰু
সপোনবোৰে ঠন ধৰি উঠা
পূৰ্ণতাৰ অইন এটি নাম।।

প্ৰাপ্তি আৰু প্ৰাচুৰ্য ৰহনে 
কঢ়িয়াই আনে আঘোণৰ অনন্য ৰূপ
আহিনৰ ৰূপ ৰস লাৱণ্যতাই আনে,
কৃষকলৈ হাঁহিৰ এমুঠি মেঁটমৰা সম্ভাৰ।।

পথাৰৰ ৰ'দ চেৰেঙাৰ আমেজত ,
ৰবাব টেঙাৰ সোৱাদত দাৱনীয়ে
হাঁহে খিলখিলাই মনতে 
জাগি উঠে এক অবুজ শিহৰণ।।


✍️নৱজিৎ নাথ
 ষষ্ঠ ষান্মাসিক 
ছিপাঝাৰ মহাবিদ্যালয়।

Post a Comment

Previous Post Next Post