এচমকা ৰ'দ কʼতেনো হেৰালে
ডাৱৰৰ মাজতে জোনটি লুকালে,
মেঘে বৰষাতে বাৰিষা নামিলে
উদং পথাৰ খনো উপচি পৰিলে।
পানী কাউৰীয়ে গীত গাই
বগলীয়ে আনন্দত জপিয়াই,
সন্ধিয়া উৰি আকাশৰ মাজতে
অচিন পক্ষীটিয়ে কৈ যায়
খেতিটি হওঁক খেতিটি হওঁক।
সেউজী সেউজী সেউজী পথাৰ
অজলা ককাইয়ে যুতিলে হাল,
আজলী নবৌয়েও মুখতে হাঁহিটি লৈ
শাৰী শাৰী কৰি কঠিয়া বোলায়।
◼️ৰাজীৱ মহন্ত
সুন্দৰ
ReplyDelete