এজাক চঞ্চলা বৰষুণ
নামি আহিছে মেঘাচ্ছন্ন আকাশৰ পৰা,
ধৰণীৰ বুকু শীতল কৰি
প্ৰফুল্লিত কৰিছে মানুহৰ বিয়াকুল হিয়া।
বিৰিঙিছে কৃষকৰ ওঁঠত এমুকুৰা প্ৰাণভৰা হাঁহি,
জিলিকিছে ধৰণীৰ বুকুত সেউজবুলীয়া বিটপী।
বৰ্ষাৰ সান্নিধ্যত জীপাল হৈ উঠা
সেউজীয়া বস্ত্ৰাৱৰণ বিটপীবোৰ যেন আত্মহাৰা আনন্দত।
হাঁহি-হাঁহি মৎস্যবোৰো যেন মগ্ন নিজতেই
কিবা এক অজান ফূৰ্তিৰ আমেজত।
পথাৰতো চাৰিওফালে উপচিছে পানীৰে,
আনন্দত বিভোৰ কৃষকৰ ৰং চাই বাৰু কোনে?
বৰষুণজাকে যেন লৈ গৈছে মোক
কোনোবা অজ্ঞাত স্বপ্নৰ পুৰীলৈ।
যʼত মই ওমলি আছোঁ
বুকুত এবুকু ৰঙীন আশা লৈ,
শিকাইছে মোক বৰষুণজাকে
ভাৱনাৰ সাগৰত ডুবি যাবলৈ।
হঠাৎ চকুৰ পচাৰতে হʼল কি এয়া?
প্ৰেমাকুল বৰষুণজাক নিৰ্দয়ী হʼব পাৰেনে ইমান?
নে কৃষকৰ সপোন ভাঙি
নিজৰ মাজত সুখৰ মালাধাৰী গাঁঠিব পাৰে?
চাৰিওফালে চকু ফুৰাইছোঁ
নয়নেৰে মণিব নোৱাৰা পৰ্যন্ত চাৰিওফালে দেখোন পানী।
হয়,উন্মনা বৰষুণজাকে
আশাবোৰ মোহাৰি,স্বপ্নবোৰ ভাঙি ৰূপ লʼলে বানপানী।
বাৰিষা,নামি আহিছিলা তুমি
বুকুভৰাই সুখৰ সমাধি লৈ।
যাবলৈ ওলাইছা কিয় তুমি
মানৱৰ মাজত দুখৰ কাৰেং সাজি থৈ?
বাৰিষা,আহা যদি তুমি আকৌ ধৰণীৰ বুকুলৈ
নাহিবা বানৰ জন্মদাত্ৰী হৈ।
হেঁপাহ পলুৱাই ৰঙীন সপোন সিঁচিবা
এসাগৰ মৰম লৈ পুনৰ উভতিবা।
✍️ কল্পনা বৰা
গোলাঘাট