এটা বেকা গিলাচ~গল্প-চুমিন্দ্ৰ চৌধুৰী

কালিৰ সন্ধিয়া কোম্পানীৰ দীঘলীয়া বৈঠকৰ পাছত স্থানীয় বিষয়া বৰ্গ আৰু ডিলাৰৰ মালিক সকলৰ সৈতে মহানগৰৰ এখন সুস্বাদু খাদ্যৰ বিপনীত নৈশ ভোজনৰ আয়োজন কৰা হৈছিল । ভাষা পাব্লিকেশ্যনৰ কাৰ্য্যালয়ত মুকুট শৰ্মা দাদাক লগ ধৰি মহানগৰীৰ ভয়ানক যান বাহনৰ যানযটৰ ঢৌ ফালি নৈশ ভোজনত উপস্থিত হওঁ মানে কিছু পলমেই হৈছিল। বাৰু যি কি নহওঁক ইতিমধ্যেই লগৰ দুই এজনে ৰঙীণ পানীয় কন গলাধঃকৰণ কৰিছিলেই । অমুকাই পাছে সেইবোৰ দেওপানী প্ৰায় বিশ বছৰ আগতেই ত্যাগ কৰিছিলো বাবে ৰাইজক সংগ দিও বুলি নেমু দি বনোৱাৰ চৌদা অলপকে অৰ্ডাৰ দিছিলো । অৰ্ডাৰ কৰাৰ পাছতেই টেবুলত চৌদা দি থৈ যোৱা কাঁচৰ হেলনীয়া গিলাচটো দেখি মনত কিছুমান কথাই আঁক বাঁক টানি গৈছিল ।
গিলাচটো দেখিয়েই কিছু বছৰ ধৰি দূৰদৰ্শনত প্ৰচাৰিত তাৰক মেহতা কা উল্টা চশমা নামৰ ব্যতিক্ৰমী ধাৰাবাহিকখনৰ জেঠা লাল, দয়া ভাবী, পপটলাল, তাৰক, ববিতা জী,অঞ্জলী ভাবী, মাধৱী, নাটথুলাল , ৰোশন, আয়াৰ, বাবুজী আৰু ভিৰে নামৰ বিশেষ চৰিত্ৰ কেইটালৈ মনত পৰিছিল। এই চৰিত্ৰ কেইটাৰ মাজেৰে পৰিৱেশন কৰা হাস্যৰসাত্মক আৰু দৰ্শকৰ আকৰ্ষণ হৈ পৰা এই ধাৰাবাহিকখনে ইতিমধ্যে প্ৰায় চাৰে তিনি হাজাৰটা খণ্ড অতিক্ৰম কৰিছে । এই ধাৰাবাহিকখনৰ প্ৰতিটো চৰিত্ৰই বাস্তৱিক, ব্যতিক্ৰমী আৰু সৰল স্বভাৱৰ। ব্যংগাত্মক চৰিত্ৰ পৰিৱেশনৰ মাজেৰে সমাজৰ মাজলৈ ধনাত্মক বাৰ্তা প্ৰেৰণ কৰা এই ধাৰাবাহিকখন মোৰো বৰ প্ৰিয় আৰু চৰিত্ৰ কেইটা জৰিয়তে অনুপ্ৰাণিত হওঁ । 
কালি সন্ধিয়াৰ নৈশ ভোজনত টেবুল শুৱনি কৰি থকা এই বেকা গিলাচটোৱেও কিছু ইংগিত আৰু কিছু বাৰ্তা দিয়া যেন লাগিছিল। তাকেই আজি আপোনালোকক জনাব বিচাৰিম। ৰঙীন দেও পানীৰে ভৰি থকা চিধা চিধা গিলাচ কেইটাৰ মাজত চৌদা ভৰ্তি বেকা গিলাচটোৰ দৰে মোৰো নিজকে কিবা দেওপানী গলাধঃকৰণ কৰি থকা সকলৰ মাজত কিবা ভুচুং পহুটো যেন লাগিছিল। মোৰ দৃষ্টিত তেওঁলোকক সময়ৰ লগত খাপ খুৱাই জীৱনটোক ভালদৰে উদ্‌যাপন কৰিব পৰা একো একোজন ব্যক্তিৰ দৰে অনুভৱ হৈছিল। এই ভাবটো তেতিয়াই বিশ বছৰ আগৰ মোৰ মাজৰ মানুহটোক জুকিয়াই ফঁহিয়াই চাইছিলো । সেই সময়ত ময়ো ভোজ ভাত খালে দেওপানীৰ সোৱাদ নোলোৱা সকলক ভূচুং পহু বুলি ভাবিছিলো। পাছে বয়সৰ অভিজ্ঞতাই দেওপানী মোৰ মন আৰু শৰীৰৰ বাবে অনুকূল নহয় বুলি ইংগিত দিছিল। মনৰ সেই আহ্বান শুনি দেওপানী পান কৰা একেবাৰেই ত্যাগ কৰি পেলাইছিলো। ৰঙীন পানীৰে ভৰ্তি চিধা গিলাচ কেইটাই মোৰ চৌডা ভৰ্তি হেলনীয়া গিলাচটোক দাত নিকটাই পেংলাই কৰি থকা যেন পাই আলফুলে চৌডা ভৰ্তি হেলনীয়া গিলাচটো মোৰ হাত দুখনৰ মাজত আলফুলে সুমুৱাই লৈছিলো।

গুৱাহাটীৰ পৰা ডিব্ৰুগড় অভিমুখে মোৰ উৰাজাহাজ উৰিবৰ হ'ল । গতিকে আজিলৈ সামৰিলোঁ ।

✍️চুমিন্দ্ৰ চৌধুৰী
সাহিত্য অভিযন্তা ।
নয়ডা , উত্তৰ প্ৰদেশ।

Post a Comment

Previous Post Next Post