অনুভৱ-আবু জুহেব

©Admin
0
ৰাতি বিলাকো বৰ ৰহস্যময় ।।
কাৰোবাৰ বাবে যদি ৰসাল জোনাক,
কাৰোবাৰ বাবে আকৌ বিষাদৰ বৰ্ষণ ।।
কথা এটা কওঁ বেয়া নাপাবা আকৌ “তোমাৰ অনুপস্থিতিয়ে মোৰ হৃদয় খনক পাত সৰা বকুল ডালৰ দৰে উদং কৰি ৰাখিছে , সেই কাৰণে হয়তো উজাগৰী নিশা নিজৰ হৃদয় খনক স্থিৰ কৰিবলৈ পাপন দাৰ গীত এটি শুনিবলৈ বৰকৈ মন যায়...
“তোমাৰ কথা ভাবিলেই জানা জোনাক উপচি পৰে , 
বুকুৰ সিপাৰে এহেজাৰ গোলাপে ৰঙা ৰঙা কলি মেলে"
নহলে জুবিদাৰ যে “মন যায় মোৰো মন যায়" গানটোৰ এটা ফাঁকি আছিল ন.........
“তোমাক দেখা পালে সপোন জাগি উঠে বুকু খনি হয় তাজমহল;"
 এই ফাঁকিটো শুনিলে যে হৃদয় খনে কিবা এটা শান্তি পাই যায় ।
আচলতে এই গান বোৰ প্রিয় হয় উঠে স্মৃতি বোৰৰ বাবে।
স্মৃতি বোৰে যেতিয়া আমনি কৰে তেতিয়া এই গান বোৰ আৰু হেডফোন ডাল হয় সকলো প্ৰেমীৰ সংগী........

✍️আবু জুহেব 
তৰাবৰী 
মৰিগাঁও

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)