স্বল্প সংশোধন-সুশান্ত দাস

©Admin
0
জীৱন সৰিতাৰ পাৰত কান্দোনৰ ৰোল তুলি
বিষণ্ণতাৰ আস্তৰণখনি মেৰিয়াবলৈ ইতস্তত নকৰি,
বৃথাময় জীৱনক ধিয়াই মানৱ আত্মাই
ত্যক্ত বেদনাৰ উল্কাৰ প্ৰহাৰত হৈছে বেদনাৰ বশৱৰ্তী।।

জীৱনৰ স্বাচ্ছন্দ্যতাবোৰ মাথোঁ সপোনতেই বাস্তৱ
আৰু বাস্তৱত যেন মৰগীয়া প্ৰেমৰ তুল্য !
সখ্য ৰক্ষাৰ স্বাৰ্থৰ হেতু বিষাদৰ সতে
কৰা চুক্তিৰ দলিল আজিও অদৃশ্য !

জীৱনক তাচ্ছিল্য কৰা মানৱীয়তাই 
জয়গান গাইছে আনন্দৰ মূহুৰ্তত,
মাথোঁ অবুজ মানৱে বুজিব পৰা নাই
হিৰণ্ময়ী জীৱন জীয়াৰ আনন্দ !

জীৱনৰ দুখবোৰ বুকুত সাৱটি
সুখবোৰ নিক্ষেপ কৰিছে জীৱনৰ পৰা !
উপায় আছে এটাই,
বাট লোৱা স্বল্প সংশোধনৰ !..

স্বল্প সংশোধনৰ প্ৰয়োজন জীৱনত
দুখক নিক্ষেপ কৰি সুখক আদৰি,
বৃথাময়তাক বিফল কৰি
সফল মন্ত্ৰোচ্ছাৰণ কৰি ;
জীৱন নদীত কৰি সুখৰ সঞ্চাৰ 
বিষণ্ণতাবোৰ নিশ্বাসত ত্যাগী
স্বল্প সংশোধন কৰা হে মুক্তি পথযাত্ৰী।।...
সুশান্ত দাস, শিৱসাগৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)