বিষ্ণু ৰাভা এতিয়াও বহু ৰাতি -নাছিৰ আহমেদ

©Admin
0
বিষ্ণু ৰাভা
        এতিয়াও বহু ৰাতি
এতিয়াও শোষিতৰ দুবাহুত জিঞ্জিৰি
কণ্ঠৰুদ্ধ পৰাধীনতাৰ
কাৰাগাৰৰ অন্ধকাৰত বন্দী
আজি দেশৰ সংস্কৃতি !
বিষ্ণু ৰাভা
      এতিয়াও বহু ৰাতি।
এতিয়া সাৰে আছে মাথোঁ
বৰ্বৰ শোষক শ্ৰেণী
সাৰে আছে শোষণ যন্ত্ৰ
আৰু সাৰে আছে দুষ্কৃতি !

বিষ্ণু ৰাভা
এতিয়াও বহু ৰাতি
এতিয়াও টোপনিত লালকাল
শোষিত জনতাৰ দল
সিহঁতৰ পঁজা গৈছে উঁৱলি
বুকুৰ কাপোৰ গৈছে ফালি
তথাপিও ভঙা নাই সিহঁতৰ টোপনি!
এতিয়াও সংস্কৃতিৰ নামত
দুষ্কৃতি মেলিছে পোহাৰ
দিশে দিশে চলিছে মাথোঁ
অন্যায় আৰু উৎপীড়ন,
নিৰাশ্ৰয়ৰ বুকুৰ তেজেৰে
ৰাঙলী হৈছে দেশৰ পবিত্ৰ মাটি !

বিষ্ণু ৰাভা
      এতিয়াও বহু ৰাতি!
       এতিয়াও বহু ৰাতি!
       এতিয়াও বহু ৰাতি !
◼️নাছিৰ আহমেদ, শিমলাবাৰী, গোৱালপাৰা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)