নাঙল যুঁৱলি কান্ধত লৈ,
কত হেপাঁহ,
কত আশা,
সোনোৱালী পথাৰখনলৈ।
(ঐ বগা হ হ,
বাহিৰে - বাহিৰে, ৰঙা বাহিৰে,
এ চাপ চাপ, চাপি আহ)।
দূৰৰ পৰাই শুনা পায়,
হালোৱাৰ সেই পৰিচিত শব্দবোৰ।
(পখিলি তই কিয় আহিলি,
মোৰ বোকা দি হ'লেই,
ঘৰতেই খাবগৈ পাৰিলোঁ হেতেঁন চাহপানী)।
পথাৰৰ কেচাঁ মাটিৰ গোন্ধই
টানি নিয়ে খেতিয়কক সঘনাই।
হোলোঙা - মাৰি ডালত এটা পানীকঠিয়া,
হাতত থকা জাকৈয়ে পুঠি মাছ খুৱাই।
লাহি হাতৰ পৰশত সেউজ হৈ পৰে,
এডৰা দুডৰাকৈ কৃষকৰ পথাৰ।
আশাৰ ভূঁই ৰুইছে,
সপোনত দেখিছে,
সোনগুটিৰে উপচা ধাননি পথাৰ।
পখিলিৰ বেয়া লাগে নিজৰ মানুহটোলৈ,
কিমান যে কষ্ট কৰে,
পেটে ভাতে খাই থকা পৰিয়ালটোৱে,
আনৰ দৰে আধুনিক যন্ত্ৰ পাতি লয় কেনেকৈ!
মদনে আলিটোত বহি চাই ৰয়,
আকাশখন গোমা হৈ আহিছে,
পানীও বাঢ়ি আছে,
মথাউৰি নিচিগিলেই হয়।
(ডলনি পথাৰডৰাত চেলাপাতি জোক আছে নেকি?
নিমখ অলপ ছটিয়াই দিয়ক,
মোৰ হ'লে বৰ ভয় লাগে)।
আঁঠুলৈকে চপোৱা মেখেলাখন ধৰি,
ভৰি দুটা সঘনাই চাই,
শাওনৰ পথাৰত আছে এনেকুৱা কিমান পখিলি!
মদনহঁতৰ লগত দেখিছে সপোনৰ ৰেঙণি।
পথাৰখন বুকুৰ স্পন্দন,
কেচাঁ মাটিৰ গোন্ধত,
শাওনৰ পথাৰত,
গঞা ৰাইজৰ আশাৰ অনুৰণন।
◼️পাপু শইকীয়া, চিনাতলী (গোলাঘাট)
দূৰাভাষ - ৯৮৬৪৫০২৮৭৩
ধন্যবাদ
ReplyDelete