ব্যৰ্থতা- হীৰক কলিতা

©Admin
0
কাৰ কথা শুনিম মই মন 
নে মগজু মনে যদি নতুন
দিগন্তৰ সন্ধান দিয়ে
মগজুৱে আকৌ সময়ৰ
সোঁতত দৌৰ মাৰে
এই দোমোজাত ৰৈ যোৱা
কথাবোৰ বুজিবলৈ যাওঁতে
মোৰ জীৱনৰ একাল 
সময় উকলি গ'ল ।
ডায়েৰীৰ ভ্ৰান্ত পৃষ্ঠাবোৰ
পুনৰাবৃত্তি কৰিলে মনে 
আকৌ দৌৰ মাৰে অতীতৰ
সময়লৈ কিন্তু মগজুৱে
সন্ধান দিয়ে সময়ৰ সোঁতত 
মোৰ ডায়েৰীৰ পৃষ্ঠাবোৰ 
হালধীয়া ৰঙৰে পৰিপূৰ্ণ ।
হাতত তুলি লোৱা কলমটোক
এতিয়া কোনে বুজাব সময় 
উকলি যোৱাৰ লগে লগে
আমি কিছুমান ভুল শুধৰণি 
কৰিবলৈ ব্যৰ্থ হওঁ ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)