নিসংগতা এক মধুৰ শব্দ!!
কিন্তু তাক সহিবলে কঠিন!!
নিসংগতাৰে ভৰা জীৱনত মাথোঁ দুখ আৰু ভয়ৰ সন্ত্ৰাস!!
নিসংগ হৃদয়ত অবুজ বেথা;
যাক সহিবলে বৰ জটিল! অসহ্য কৰ যন্ত্ৰণাত বুকু খনি আৰ্তনাদ কৰে
চাটি ফুটি কৰি হাহাকাৰ কৰি উঠে
ক'ত যাম, কি কৰিম??
ক'লৈ গ'লে বাৰু বিচাৰি পাম সঁচা হৃদয়ৰ লগৰী??
মোৰ এই বিহ্বল মনক কোনে দিবহি সঁহাৰি??
য'ত মই বিচাৰি পাম এক মুক্ত জীৱন!!
নাই কোনো আতংক, নাই কোনো সন্ত্ৰাস!!
মাথোঁ আছে মৰম, বিশ্বাস, আন্তৰিকতাৰে ভৰা এটা জীৱন।
এখন সপোনৰ নগৰ
য'ত নাই কোনো নিসংগ ?
◾ অঞ্জনা শইকীয়া