কেটৱাক

©Admin
0
হয়তো সমস্ত ত্যাগ 
হেৰুৱাই পেলাইছোঁ
নাইবা ত্যাগে মোক 
হেৰুৱাই পেলাইছে

হয়তো প্ৰাপ্তিবোৰ 
হেৰুৱাই পেলাইছোঁ
অথবা প্ৰাপ্তিবোৰে মোক 
হেৰুৱাই পেলাইছে

হয়তো সমস্ত সুখ-দুখবোৰ 
হেৰুৱাই পেলাইছোঁ
নাইবা সুখ-দুখে মোক 
হেৰুৱাই পেলাইছে

হয়তো সমস্ত আপোন সকল 
হেৰুৱাই পেলাইছোঁ
নাইবা আপোন সকলে মোক
হেৰুৱাই পেলাইছে

হয়তো সমস্ত আশা-নিৰাশা
হেৰুৱাই পেলাইছোঁ
অথবা আশা-নিৰাশাই 
মোক হেৰুৱাই পেলাইছে
 
হয়তো সমস্ত অতীত 
হেৰুৱাই পেলাইছোঁ
নাইবা অতীতে মোক 
হেৰুৱাই পেলাইছে

কোনে বা কাক এৰি গ'ল !
তেনেকৈয়ে থাককচোন 
ধূসৰতাৰ ধ্ৰুপদী লয়লাস ।
ৰেম্পত মাথো এতিয়া
ধূসৰতাৰ কেটৱাক ।

◾সৌৰভ কুমাৰ বৰুৱা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)