তেন্তে কৰা কঠোৰ পণ।
স্ব-বলে যুঁজি যোৱা,
জীৱনৰ বাটত
তেহে তুমি সফল হ'বা,
জীৱনৰ নাটত।।
প্ৰথমে নাভাবিবা নোৱাৰো বুলি,
নিজক প্ৰশ্ন কৰা কোন তুমি?
ভাবা তুমি বহুতৰ মাজত
মইয়ে এজন,
তেহে ফুলিব তোমাৰ
জীৱনত মৰমৰ মৌচাকখন।
কঠোৰ তপস্যাৰ ফলত
ৰত্নাকৰ হ'ল বাল্মীকি।
এই কথা মনত পেলাই,
তুমিও লোৱা শিকি।।
জীৱন বাটত থাকিবই,
বহুতো বাধা।
অধ্যবসায়েৰে কৰা
সেই বাধাক আধা।।
পৃথিৱীত কঠিন কাম
এনেই পৰি থকা নাই।
বুকু ভৰা সাহসেৰে
তুমি যোৱা আগুৱাই।।