বিষ্ণু ৰাভা-ৰুণু দেৱী শৰ্মা

তেওঁৱেই আছিল এটা কবিতা, 
বহুমুখী প্ৰতিভাৰ আকৰৰ সাক্ষী
তেওঁৱেই আছিল আকাশৰ
এক উজ্জল নক্ষত্ৰ দিক-বিদিক পোহৰাই তোলা
আছিল সেই গণশিল্পী জয়যাত্রা জ্যোতি-বিষ্ণু
হে মহান মানৱ শিল্পী !
তুমি সাৰে আছানে? 
তুমিহীনতাত আজি দেশে দেশে হাঁহাকাৰ 
নাই কোনো অঙ্গীকাৰ মানৱতাৰ চিনাচিনি 
হে জনতাৰ শিল্পী 
ইয়াত আজি নাবাজে ৰ'দৰ গান
গোৱা নহয় ইয়াত মানৱতাৰ গান
হে সুন্দৰৰ পুজাৰী তুমিহীনতাত
প্রতিনিশাই নাবাজে ইয়াত জোনাকৰ গান
চৌদিশে চলিছে এতিয়া মৃত্যুৰ বিভীষিকা
মৃত্যুৰ সৈতে দুর্ভিক্ষৰ সহবাস 
জলে-স্থলে সৌৱা নৰসংহাৰৰ আৰ্তনাদ, 
হে জ্ঞানৰ সঁফুৰা কমৰেড বিষ্ণুৰাভা 
দেশে-দেশে, চহৰে-নগৰে
সংস্কৃতিৰ সফুৰা, সম্প্ৰীতিৰ আভা বিলাই
কৃষ্টিৰ বেদীত সৃষ্টিৰ শলিতা জ্বলাই 
হিংসা-দ্বেষ, অন্যায়ৰ প্ৰতিবাদ জনাই
আছিলা তুমি মহান সৈনিক 
হে মহান শিল্পী 
ৰণুৱা-বনুৱা-হালোৱাক একত্ৰিত কৰা
বিশ্ববন্ধু,হেগনশিল্পী তুমি সাৰে আছেনে? 
তুমি আকৌ আঁহা আমাৰ মাজলৈ
 দেশত যে এতিয়া আমাৰ অস্তিত্ব সংকট
    মৰামৰি অসূয়া অশান্তি। 

           

Post a Comment

Previous Post Next Post