মই কাকো নেৰো ।
ধনী কিম্বা দুখীয়া
প্ৰত্যেক ব্যক্তিৰ জীৱনত
মোক পাবই।
জানেনে ?
মই যাক স্পৰ্শ কৰো
তেৱেঁই ভাগ্যবান ।
যিমান বাৰ স্পৰ্শ কৰোঁ
সিমান বাৰেই সৌভাগ্যবান ।।
কিয় জানেনে ?
ময়েই সফলতাৰ চাবি ।।
বুজিছানে ?
আমোদজনক ঘটনা কোনটো?
শিশু সকলে মোক
বেছিকৈ আকোঁৱালি লয়।
কাৰণ জানেনে?
মোৰ মাজতেই তেওঁলোকে
সফলতা বিচাৰি পায়।।
মই ছাত্ৰ জীৱনকো
এৰা নাই ।
কিন্তু তেওঁলোকে মোক
ভুল বুজে ।
তেওঁলোকে মোৰ ভয়ত
কম্পিত হৈ
হতাশা, নিৰাশা, আত্মহত্যা
আৰু যে কিমান.....
ভাবিবই নোৱাৰি ।
কাচিৎহে ছাত্ৰই
মোক আকোঁৱালি লৈ
বগাবলৈ সক্ষম হয়
সফলতাৰ জখলা ।।
মই কাৰ জীৱনত অহা নাই ।
বিশ্ব বৰেণ্য পণ্ডিত, দাৰ্শনিক,
বিজ্ঞানী আৰু বহুত.....
কাকো এৰা নাই ।
কিন্তু তেওঁলোকে মোক
সশ্ৰদ্ধাৰে আকোঁৱালি লৈ
সফলতাৰে জখলা বগাবলৈ
সক্ষম হৈছিল।
মই পৱিত্ৰ প্ৰেমকো
এৰা নাই ।
লাইলা -মজনু, শিৰি-ফৰহাদ,
ৰোমিঅ-জুলিয়েট আৰু যে কিমান......।
কিমান যে অত্যাচাৰ কৰিছিলোঁ
কিন্তু স-সন্মানেৰে মোক বুকুত লৈ
তেওঁলোকে পৱিত্ৰ প্ৰেমৰ
সফলতাৰ সোৱাদ গ্ৰহণ কৰিছিল।।
আৰু কিমান কম .....
কৈ শেষ কৰিব নোৱাৰি ।
ভয় নকৰিবা ,
কিহৰ ভয় কৰিছা ।
এবাৰ নহয়, দুবাৰ নহয়,
মই হাজাৰ বাৰ আহিম ।
কিন্তু, তোমালোকে মোক
আকোঁৱালি লৈ চেষ্টা নামৰ
অস্ত্ৰৰ সহায়ত পৰাজিত কৰা ।
মনত ৰাখিবা,
মোৰ অবিহনে
সফলতাৰ সোৱাদ তিক্ত ।
মই আছো মানে
সফলতা আছে ।।
✍️ আব্দুৰ ৰশিদ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ