কণ্ঠবিহীন সুৰ এটি সাজিলা,
অৰ্থবিহীন মোৰে এই জীৱনী
মাথো শুনো হৃদয়ৰ উচুপনি।
ত'ৰাবিহীন এন্ধাৰ নিশা
জোনালীকো লাগে যে ক'ম,
তুমিবিহীন মোৰে হিয়া
কলিজাত উঠে কোলাহল।
বৰষাবিহীন জানো
বাৰিষা সঁচা হয়!
তোমাৰ ভাৱনাতে নিশা
সাৰে আছো মই।
নাবিকবিহীন জাহাজ জানো
সাগৰতে চলি যায়!
তোমাৰ দৰে আনে জানো
কলিজাতে ল'ব ঠাই।
✍️ ৰাজীৱ মহন্ত
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ